Delhi Election Results 2025: দিল্লী জয়ৰ দিশে বিজেপি! কোন কিমান আসনত আগবাঢ়িছে, কোন আছে পিছপৰি?
Delhi Election Results 2025: দিল্লীত এইবাৰ কোনে জয়ী হ’ব আৰু কোনে পৰাজয়ৰ সন্মুখীন হ’ব লাগিব, সেয়া এতিয়াৰ পৰা কেইঘণ্টামানৰ পিছত স্পষ্ট হৈ পৰিব। ভাৰতীয় জনতা পাৰ্টিৰ একাউণ্টত এগজিট প’লৰ সমীক্ষাত বৃহৎ জয়ৰ দাবী। ২৭ বছৰৰ পাছত পুনৰ ক্ষমতালৈ অহাৰ আশা গেৰুৱা বাহিনীৰ। জানো আহক কোন কিমান আগবাঢ়ি আছে, কোন আছে পিছপৰি?
![Delhi Election Results 2025: দিল্লী জয়ৰ দিশে বিজেপি! কোন কিমান আসনত আগবাঢ়িছে, কোন আছে পিছপৰি? Delhi Election Results 2025: দিল্লী জয়ৰ দিশে বিজেপি! কোন কিমান আসনত আগবাঢ়িছে, কোন আছে পিছপৰি?](https://images.assamtv9.com/uploads/2025/02/delhi-election-result-2025.webp?w=1280)
কাৰ হাতলৈ দিল্লী?
আজি দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোযণাৰ দিনা। অব্যাহত আছে ভোট গণনা। দিল্লীত এইবাৰ কোনে জয়ী হ’ব আৰু কোনে পৰাজয়ৰ সন্মুখীন হ’ব লাগিব, সেয়া এতিয়াৰ পৰা কেইঘণ্টামানৰ পিছত স্পষ্ট হৈ পৰিব। ভাৰতীয় জনতা পাৰ্টিৰ একাউণ্টত এগজিট প’লৰ সমীক্ষাত বৃহৎ জয়ৰ দাবী। ২৭ বছৰৰ পাছত পুনৰ ক্ষমতালৈ অহাৰ আশা গেৰুৱা বাহিনীৰ। জানো আহক কোন কিমান আগবাঢ়ি আছে, কোন আছে পিছপৰি?
- দিল্লীৰ নিৰ্বাচনত ৬৮খন আসনত অৱতীৰ্ণ হৈছে বিজেপি। ইয়াৰ মিত্ৰ দলসমূহে দুখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। য’ত জেডিইউয়ে এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ছিৰাগ পাছৱানৰ এলজেপি (আৰ)ৰ প্ৰাৰ্থীয়ে এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। বুৰাৰী আসনত জেডিইউয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে দেওলীৰ আসনত এলজেপি (আৰ) প্ৰতিদ্বন্দ্বিতা কৰিছে। । প্ৰায়বোৰ এগজিট প’লৰ মতে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা আছে বিজেপিৰ। বৰ্তমান ৪৪খন আসনত বিজেপি আৰু ৩০খন আসনত আগবাঢ়ি আছে আম আদমী পাৰ্টি।
- ইফালে প্ৰাৰম্ভিক ট্ৰেণ্ডত আকৌ এবাৰ পিছ পৰি আছে আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱাল। এতিয়াও কলকাজী আসনৰ পৰা পিছ পৰি আছে আতিশী। জাংপুৰাৰ পৰা আগবাঢ়ি আছে মনীষ ছিছ’দিয়া। আগতে তেওঁ পিছ পৰি আছিল। এতিয়া ষষ্ঠ ৰাউণ্ডৰ ভোটগণনাৰ পিছত পুনৰ ২২৫ টা ভোটত পিছ পৰিছে কেজৰিৱাল। আদমি পাৰ্টিয়ে ৭০খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আম আদমি পাৰ্টিৰ আমনাতুল্লাহ খান প্ৰায় চাৰে চাৰি হাজাৰ ভোটত আগবাঢ়ি আছে। দ্বিতীয় স্থানত আছে বিজেপি। এই পৰ্যন্ত বিজেপিয়ে এই আসনত ৮ হাজাৰ ২১৪ টা ভোট লাভ কৰিছে। ওখলা আসনত চতুৰ্থ স্থানত আছে কংগ্ৰেছ।
- দিল্লীৰ ৭০খন আসনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছে। বিগত দুটা নিৰ্বাচনত শূন্যলৈ হ্ৰাস পোৱা কংগ্ৰেছেও এইবাৰ সম্পূৰ্ণ শক্তিৰে নিৰ্বাচনত প্ৰৱেশ কৰে। এগজিট প’লৰ সমীক্ষাত পূৰ্বে কংগ্ৰেছে প্ৰাৰম্ভিক ধাৰাত মাত্ৰ এখন বা দুখন আসনহে পোৱা দেখা গৈছিল যদিও এতিয়া দুয়োখন আসনত পিছ পৰি আছে।
- এইবাৰ দিল্লী নিৰ্বাচনত বিজয়ৰ দিশে আগবাঢ়িছে বিজেপি। খেলপথাৰত আছিল আছাদুদ্দিন ওৱাইছিৰ AIMIM দলো । বৰ্তমান প্ৰাৰম্ভিক ধাৰাত দলটো দুয়োখন আসন অৰ্থাৎ মুস্তাফাবাদ আৰু ওখলা আসনত পিছ পৰি আছে। মুস্তাফাবাদত ৫ ৰাউণ্ড ভোটদানৰ অন্তত পিছ পৰি আছে AIMIMৰ তাহিৰ হুছেইন। তেওঁ এতিয়ালৈকে মাত্ৰ ৬২০টা ভোটহে লাভ কৰিছে। ইয়াত এতিয়াও ২০টা ৰাউণ্ড গণনা কৰিবলগীয়া আছে। ৩ ৰাউণ্ড গণনাৰ অন্তত অখলা আসনৰ পৰা AIMIMৰ শ্বিফা-উৰ-ৰেহমানে ৫ হাজাৰ ভোট লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াত ২৩টা ৰাউণ্ড গণনা হ’ব।