হাৰিয়ানা নিৰ্বাচনঃ কংগ্ৰেছে মুকলি কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা, জুলানাৰ প্ৰাৰ্থী হ’ব ৱিনেশ ফ’গাট | Haryana assembly election Congress first csandidate list Vinesh to contest Julana Assam news - Assam Tv9

হাৰিয়ানা নিৰ্বাচনঃ কংগ্ৰেছে মুকলি কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা, জুলানাৰ প্ৰাৰ্থী হ’ব ৱিনেশ ফ’গাট

Updated On: 

07 Sep 2024 07:15 AM

হাৰিয়ানা নিৰ্বাচনৰ বাবে কংগ্ৰেছে বৃ্হস্পতিবাৰে ৩২ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। দলটোৱে জুলানা আসনৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে প্ৰাক্তন মল্লযুঁজাৰু ৱিনেশ ফ’গাটক। বৃ্হস্পতিবাৰে ৱিনেশে আন এগৰাকী প্ৰাক্তন মল্লযুঁজাৰু বজৰং পুনিয়াৰ সৈতে কংগ্ৰেছত যোগদান কৰিছিল।

হাৰিয়ানা নিৰ্বাচনঃ কংগ্ৰেছে মুকলি কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা, জুলানাৰ প্ৰাৰ্থী হ’ব ৱিনেশ ফ’গাট

হাৰিয়ানা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ

Follow Us On

অহা ৫ অক্টোবৰত অনুষ্ঠিত হ’ব হাৰিয়ানা বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ বাবে শুকুৰবাৰে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে কংগ্ৰেছে। দলটোৱে প্ৰথমখন তালিকাত ৩২খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। আগন্তুক এই নিৰ্বাচনতে নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিবলৈ সাজু হৈছে দেশৰ প্ৰাক্তন মল্লযুঁজাৰু ৱিনেশ ফ’গাট। জুলানা আসনৰ পৰা ফ’গাটক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। প্ৰথমখন প্ৰাৰ্থী তালিকাত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদাকে ধৰি ২৮ গৰাকী বৰ্তমানৰ বিধায়কক টিকট দিয়া হৈছে।

হাৰিয়ানা কংগ্ৰেছৰ সভাপতি উদয়ভানক হোডাল (এছ চি) আসনৰ পৰা টিকট দিয়া হৈছে। আনহাতে ভূপিন্দৰ হুদাক গঢ়ি চাম্পলা কিলয় আসনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। লালু প্ৰসাদ যাদৱৰ জোঁৱাই তথা ৰেৱাৰীৰ বিধায়ক চিৰঞ্জীৱ ৰাওক পুনৰবাৰ এই সমষ্টিত প্ৰাৰ্থী হিচাপে থিয় কৰাইছে কংগ্ৰেছে। ৱিনেশ ফ’গাটকে ধৰি পাঁচগৰাকী মহিলাক প্ৰথমখন প্ৰাৰ্থী তালিকাত টিকট প্ৰদান কৰিছে দলটোৱে।

এই পাঁচগৰাকী মহিলা হৈছে ক্ৰমে নাৰায়ণগড়ৰ পৰা শৈলী চৌধুৰী, সধৌৰাৰ পৰা ৰেণু বালা, জুলানাৰ পৰা ৱিনেশ ফোগাট, কলানৌৰৰ পৰা শকুন্তলা খটক আৰু ঝজ্জাৰৰ পৰা গীতা ভুক্কল। ইয়াৰ ভিতৰত ৱিনেশ ফ’গাটে প্ৰথমবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে আন চাৰিগৰাকী প্ৰাৰ্থী বৰ্তমানৰ বিধায়ক। প্ৰথমখন তালিকাত দলটোৱে তিনিজন মুছলমান প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে।

কংগ্ৰেছৰ প্ৰথম তালিকাত ১২ জন জাট, ৮ জন অনুসূচিত জাতি, ৪ জন অ’বিচি, ২ জন ব্ৰাহ্মণ, ৩ জন মুছলমান, ১ জন পাঞ্জাবী আৰু ১ জন শিখ প্ৰাৰ্থীক টিকট দিয়া হৈছে। নুহৰ হিংসাত্মক সংঘৰ্ষৰ অভিযুক্ত মমন খানকো প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে।

ইফালে বিধানসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰা সন্দৰ্ভত কংগ্ৰেছ আৰু আম আদমী পাৰ্টি ঐক্যমতত উপনীত হোৱা নাই বুলি অনুমান কৰা হৈছে। সেয়ে আপে ৰাজ্যৰ ৫০খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা কৰিছে। সূত্ৰ অনুসৰি, দেওবাৰে আম আদমী পাৰ্টিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব পাৰে। হাৰিয়ানাত আপে ১০খন আসনৰ দাবী জনাইছিল যদিও কংগ্ৰেছে পাঁচৰ পৰা সাতখন আসনৰ প্ৰস্তাৱ আগবঢ়াইছে।

এনে কাৰণতে আসন ভাগ-বতৰা সন্দৰ্ভত দল দুটা সহমতত উপনীত হোৱা নাই বুলি ধাৰণা কৰা হৈছে। লক্ষণীয়ভাৱে বিৰোধীৰ ইণ্ডিয়া মিত্ৰজোঁটৰ সহযোগী দল হিচাপে আম আদমী পাৰ্টি আৰু কংগ্ৰেছে গত লোকসভা নিৰ্বাচনত হাৰিয়ানা, গুজৰাট আৰু দিল্লীত একেলগে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আম আদমী পাৰ্টিয়ে হাৰিয়ানাত কুৰুক্ষেত্ৰ লোকসভাৰ আসনৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল।

উল্লেখ্য যে ৯০খন আসন থকা হাৰিয়ানা বিধানসভাৰ আটাইকেইখন আসনৰ বাবে অহা ৫ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৮ অক্টোবৰত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল। বিগত ২০১৯ চনৰ নিৰ্বাচনত বিজেপিয়ে জননায়ক জনতা পাৰ্টিৰ সৈতে নিৰ্বাচনোত্তৰ মিত্ৰতা গঢ়ি তোলাৰ লগতে সাতগৰাকী নিৰ্দলীয় বিধায়কৰ সমৰ্থনত চৰকাৰ গঠন কৰিছিল।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version