‘ৰাইজৰ মৰম সদায় লগত ৰাখিম’, ৬ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয় প্ৰাক্তন মল্লযুঁজাৰু বিনেশ ফ’গাটৰ

নিৰ্বাচনত জয়লাভ কৰিছে প্ৰাক্তন মল্লযুঁজাৰু তথা কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফ’গাটে । প্ৰথমবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিয়ে জয়ৰ মুখ দেখিছে প্ৰাক্তন মল্লযুঁজাৰু গৰাকীয়ে । হাৰিয়ানাৰ জুলানা বিধানসভাৰ আসনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল প্ৰাক্তন মল্লযুঁজাৰু গৰাকীয়ে ।

ৰাইজৰ মৰম সদায় লগত ৰাখিম,  ৬ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয় প্ৰাক্তন মল্লযুঁজাৰু বিনেশ ফ’গাটৰ

বিনেশ ফ’গাটৰ জয়

Updated On: 

08 Oct 2024 15:50 PM

হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে প্ৰাক্তন মল্লযুঁজাৰু তথা কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফ’গাটে । প্ৰথমবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিয়ে জয়ৰ মুখ দেখিছে প্ৰাক্তন মল্লযুঁজাৰু গৰাকীয়ে । হাৰিয়ানাৰ জুলানা বিধানসভাৰ আসনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল প্ৰাক্তন মল্লযুঁজাৰু গৰাকীয়ে । বিনেশ ফ’গাটে বিজেপিৰ নিকটতম প্ৰতিদ্বন্দ্বী যোগেশ কুমাৰক ৬,০১৫ ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

উল্লেখ্য যে, এইবাৰ অলিম্পিকত ফাইনেলৰ পূৰ্বে সামান্য ওজন বৃদ্ধিৰ বাবে পদক হেৰুৱাবলগীয়া হৈছে মল্লযুঁজাৰু বিনেশ ফ’গাটে। ইয়াৰ পাছতে মল্লযুঁজক বিদায় দি ৰাজনীতিত ভৰি দিয়ে বিনেশ ফ’গাটে। হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰা টিকট লৈ ৬ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয় লাভ কৰে বিনেশ ফ’গাটে।

ৰাতিপুৱা গণনা আৰম্ভ হোৱাৰ পিছত ফ’গাটে অগ্ৰগতি লাভ কৰিছিল যদিও কিছু সময় পিছ পৰি আছিল । এই আসনৰ পৰা শেষবাৰৰ বাবে কংগ্ৰেছে জয়লাভ কৰিছিল ২০০৫ চনত। অৰ্থাৎ ১৯ বছৰৰ পাছত কংগ্ৰেছে ফ’গাটৰ হাতত ধৰি জুলানা বিধানসভা আসনখন পুনৰ নিজৰ দখললৈ আনে । ২০০৯ চনৰ পৰা ২০১৯ চনলৈ এই সমষ্টিটো আইএনএলডিৰ হাতত আছিল। গতিকে বিনেশৰ এই বিজয় কেৱল তেওঁৰ বাবেই নহয় কংগ্ৰেছৰ বাবেও অতি গুৰুত্বপূৰ্ণ।

ৰাইজৰ মৰম সদায় লগত ৰাখিম :বিনেশ ফ’গাট

জুলানা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফ’গাটে নিজৰ জয়ৰ সন্দৰ্ভত কয় যে, “সদায় সংগ্ৰামৰ পথ বাছি লোৱা প্ৰতিগৰাকী ছোৱালী আৰু মহিলাৰ এই যুঁজ। এই দেশে মোক যি মৰম দিছে, সেই মৰম মই সদায় লগত ৰাখিম। অপেক্ষা কৰক কাৰণ সকলো আসনৰ ফলাফল এতিয়াও স্পষ্ট হোৱা নাই। এতিয়ালৈকে একো স্পষ্ট হোৱা নাই যদিও হাতত প্ৰমাণ পত্ৰ আহিলে কেৱল কংগ্ৰেছ দলেহে চৰকাৰ গঠন কৰিব। ৰাজনীতিত অহাৰ পিছত মই এতিয়া ইয়াতেই থাকিম।”

নিৰ্বাচনৰ প্ৰচাৰ চলাওঁতে বিনেশ ফ’গাটে কৈছিল যে, তেওঁ কেৱল জুলানাতে নহয়, সমগ্ৰ ৰাজ্যতে কাম কৰিব বিচাৰে। মহিলাৰ অধিকাৰৰ বাবে যুঁজ দিয়া দলটোক ভোট দিব লাগে বুলিও তেওঁ কৈছিল। মনকৰিবলগীয়া যে, অলিম্পিকৰ পদক বিজয়ী বিনেশ ফ’গাটক দিল্লীৰ ৰাজপথত প্ৰতিবাদ কৰা দেখা গৈছিল। যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱা তেতিয়াৰ মল্লযুঁজ ফেডাৰেচনৰ মুৰব্বী ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে সন্মুখৰ পৰা প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল বিনেশে ।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস