শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

KKRৰ শিবিৰত জম্মু-কাশ্মীৰৰ তাৰকা! পহলগাম আক্ৰমণ সন্দৰ্ভত ক’লে, ঘৃণাৰ বিৰুদ্ধে শান্তিৰ জয়….

পহলগামৰ নৃশংস ঘটনাক লৈ দেশজুৰি চৰ্চা চলি থকাৰ সমান্তৰালকৈ এই কাণ্ডৰ প্ৰভাৱ দেখা গৈছে আই পি এলতো। ঘটনাত নিহত নিৰ্দোষীলোকসলৰ প্ৰতি শোক প্ৰকাশ কৰা হৈছে আই পি এলৰ মেচৰ সময়ত। বন্ধ ৰখা হৈছে আতচবাজীৰ ব্যৱহাৰ। ইফালে এই ভয়ংকৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আই পি এলত অন্তৰ্ভুক্ত হোৱা জম্মু-কাশ্মীৰৰ এগৰাকী খেলুৱৈয়ে।

KKRৰ শিবিৰত জম্মু-কাশ্মীৰৰ তাৰকা! পহলগাম আক্ৰমণ সন্দৰ্ভত ক’লে, ঘৃণাৰ বিৰুদ্ধে শান্তিৰ জয়….
কলকাতাৰ শিবিৰত যোগ দিছে উমৰান মালিকেImage Credit source: Instagram
monjit-dutta
Monjit Dutta | Published: 25 Apr 2025 16:25 PM

সমগ্ৰ দেশজুৰি এতিয়া কাশ্মীৰৰ পহলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ চৰ্চা। মঙলবাৰে পহলগামত সন্ত্ৰাসবাদীয়ে চলোৱা নৃশংস হত্যালীলাই দেশবাসীক শোকাহত কৰি ৰাখিছে। দেশৰ সৰ্বস্তৰৰ জনসাধাৰণে এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছে। পহলগামৰ এই নৃশংস ঘটনাৰ প্ৰভাৱ দেখা গৈছে আই পি এলতো। ঘটনাত নিহত নিৰ্দোষীলোকসলৰ প্ৰতি শোক প্ৰকাশ কৰা হৈছে আই পি এলৰ মেচৰ সময়ত। বন্ধ ৰখা হৈছে আতচবাজীৰ ব্যৱহাৰ। ইফালে এই ভয়ংকৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আই পি এলত অন্তৰ্ভুক্ত হোৱা জম্মু-কাশ্মীৰৰ এগৰাকী খেলুৱৈয়ে।

আই পি এল ২০২৫ৰ আধা ছিজন প্ৰায় অন্ত পৰিছে। ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে পিছে এইবাৰ দেখুৱাব পৰা নাই আশানুৰূপ প্ৰদৰ্শন। দলটোৱে এইপৰ্যন্ত ৮খন মেচৰ ভিতৰত মাত্ৰ ৩খনত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু পইণ্ট তালিকাৰ সপ্তম স্থানত অৱস্থান কৰিছে। এইদৰে কলকাতাৰ বাবে এতিয়া প্লে’ অফত প্ৰৱেশৰ সম্ভাৱনা যথেষ্ট কঠিন হৈ পৰিছে। এই বিপৰ্যয়ৰ মাজতে দলটোৱে এগৰাকী কাশ্মীৰী খেলুৱৈক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে।

এই খেলুৱৈগৰাকী আন কোনো নহয়, তেওঁ হৈছে নিজৰ গতিৰে ব্যাপক চৰ্চিত হোৱা তথা ভাৰতীয় দলকো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰা উমৰান মালিক। ২৫ বছৰীয়া উমৰান জম্মু-কাশ্মীৰৰ গুজ্জাৰ নগৰৰ বাসিন্দা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বেগী বলাৰগৰাকীয়ে ইতিমধ্যে কলকাতা দলত যোগদান কৰিছে। মেগা নিলামত কেকেআৰে তেওঁক ৭৫ লাখ টকাত ক্ৰয় কৰিছিল। কিন্তু আঘাতৰ বাবে মাৰ্চ মাহৰ আৰম্ভণিতে তেওঁ প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আছিল।

আঘাতত ভুগি থকা উমৰান মালিকে আই পি এল ২০২৫ৰ প্ৰথমাৰ্ধত অংশ ল’ব নোৱাৰিলে। কিন্তু এতিয়া তেওঁ আই পি এল ২০২৫ৰ দ্বিতীয়াৰ্ধৰ বাবে পুনৰ ফিট হোৱাৰ লগতে দলতো যোগদান কৰিছে। অৱশ্যে উমৰানৰ স্থানত কলকাতাই ইতিপূৰ্বে চেতন চাকাৰিয়াক দলভুক্ত কৰাৰ পিছত এতিয়া দলটোৱে উমৰান মালিকক কিদৰে স্থান দিয়ে, সেয়া লক্ষণীয় হ’ব। যদি উমৰানে কলকাতাৰ হৈ খেলাৰ সুযোগ লাভ কৰে, তেতিয়া দলটোৰ পেচ আক্ৰমণ কিছু শক্তিশালী হৈ উঠাৰ থল আছে।

২০২১ চনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ আই পি এলত অভিষেক ঘটোৱা উমৰান মালিকে প্ৰথমখন মেচতে প্ৰতিঘণ্টাত ১৫০ কিলোমিটাৰ বেগত বলিং কৰি শিৰোনাম দখল কৰিছিল। ইয়াৰ পিছত ২০২২ চনৰ আই পি এলত প্ৰতিঘণ্টাত ১৫৭ কিলোমিটাৰ বেগত বলিং কৰি আলোড়নৰ সৃষ্টি কৰিছিল। এইদৰে উমৰান মালিক আই পি এলৰ আটাইতকৈ বেগী ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছিল।

এই উমৰান মালিকেই এতিয়া কলকাতা নাইট ৰাইডাৰ্ছৰ শক্তি বৃদ্ধি কৰিব বুলি আশা কৰিছে অনুৰাগীয়ে। ইফালে পহলগাম আক্ৰমণক লৈয়ো খেলুৱৈগৰাকীয়ে শোক প্ৰকাশ কৰে। তেওঁ কয়, “পহলগামত হৃদয়বিদাৰক দৃশ্য দেখা গৈছিল। এক মূৰ্খতাপূৰ্ণ সন্ত্ৰাসবাদী কাণ্ডত নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে। এনে নিষ্ঠুৰতাক শব্দৰে সঠিক বাখ্যা কৰিব নোৱাৰি।” তেওঁ লগতে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি ‘ঘৃণাৰ বিৰুদ্ধে শান্তি সদায় জয়ী হ’ব’ বুলি মন্তব্য কৰে।