আজি জম্মু-কাশ্মীৰৰ ২৪ টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ | Jammu and Kashmir Assembly Election 2024 Phase 1 Voting today latest updates in Assamese Assam news - Assam Tv9

Jammu and Kashmir assembly election 2024: আজি জম্মু-কাশ্মীৰৰ ২৪ টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ…

Updated On: 

18 Sep 2024 08:54 AM

৩৭০ বাতিলৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন । আজি ১৮ ছেপ্টেম্বৰত উপত্যকাটোৰ ২৪ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । আজিৰ প্ৰথম পৰ্যায়ত ২৪ খন বিধানসভা আসনত ২৩.২৭লাখ ভোটাৰে নিৰ্ণয় কৰিব ২১৯ জন প্ৰাৰ্থী ভাগ্য।

Jammu and Kashmir assembly election 2024: আজি জম্মু-কাশ্মীৰৰ ২৪ টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ...

জম্মু-কাশ্মীৰ নিৰ্বাচন ২০২৪

Follow Us On

অনুচ্ছেদ ৩৭০ বাতিলৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন । আজি ১৮ ছেপ্টেম্বৰত উপত্যকাটোৰ ২৪ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । পুৱাৰে পৰা ৰাজ্যখনৰ ৭ খন জিলাৰ ২৪ টা বিধাসভা সমষ্টিত প্ৰথম ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । আজিৰ প্ৰথম পৰ্যায়ত ২৪ খন বিধানসভা আসনত ২৩.২৭লাখ ভোটাৰে নিৰ্ণয় কৰিব ২১৯ জন প্ৰাৰ্থী ভাগ্য।

প্ৰথম পৰ্যায়ত বিজেপিয়ে ১৬ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । কংগ্ৰেছ-ৰাষ্ট্ৰীয় সন্মিলনৰ মিত্ৰজোঁটে আটাইকেইখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। পিডিপিৰ সভাপতি মেহবুবা মুফতিৰ কন্যা ইলতিজা মুফতিও প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ইফালে ভোটগ্ৰহণৰ সময়ত যাতে কোনো ধৰণৰ অশান্তি সৃষ্টি নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে । বহুস্তৰীয় নিৰাপত্তাৰ অংশ হিচাপে কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী মোতায়েন কৰা হৈছে ।

প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ আৰম্ভ হোৱা আসন কেইখন হৈছে-পাম্পোৰেয়, ট্ৰাল, পুলৱামা, ৰাজপোৰা, জাইনাপোৰা, শ্বোপিয়ান, ডি.এইচ. পোৰা, কুলগাম, দেৱছাৰ, দূৰৈত, কোকাৰনাগ (এছ টি), অনন্তনাগ পশ্চিম, অনন্তনাগ, শ্ৰীগুফৰ, বিজবেহাৰা, শ্বাংগস-অনন্তনাগ ইষ্ট, পহলগাম, ইন্দ্ৰৱাল, কিষ্টৱাৰ, পদৰ-নাগাসেনি, ভাদেৰৱাহ, ডোডা, ডোডা ৱেষ্ট, পেনাচিয়া ।

উল্লেখ্য যে, অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পাছত জম্মু আৰু কাশ্মীৰত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। ইফালে ৰাজ্যখনৰ ভোটাৰসকলক ভোটদান কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে । এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে যে,’জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব আৰম্ভ হৈছে। সকলো ভোটাৰক বৃহৎ সংখ্যাত ভোটদান কৰিবলৈ আৰু গণতন্ত্ৰৰ উৎসৱ শক্তিশালী কৰিবলৈ আহ্বান জনাইছো। মই বিশেষকৈ যুৱ আৰু প্ৰথমবাৰৰ ভোট দান কৰিবলগীয়া ভোটাৰসকলক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছো।’

জম্মু-কাশ্মীৰত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে । প্ৰথম পৰ্যায়ত আজি বুধবাৰে ২৪ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ইয়াৰ পিছত ২৫ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ৰ ২৬ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ত ১ অক্টোবৰত ৪০খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব ৮ অক্টোবৰত ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version