5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কামত আহিল ৩৭০ পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি ! জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰিব নেচনেল কনফাৰেন্স-কংগ্ৰেছ মিত্ৰজোঁটে…

Jammu and Kashmir Assembly Election Results 2024: ২০১৪ চনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ১০ বছৰৰ পাছত জম্মু-কাশ্মীৰত অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচন । উল্লেখ্য যে, উপত্যকাটোৰ পৰা ৩৭০ অনুচ্ছেদ বাতিলৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন । ইতিমধ্যে জম্মু-কাশ্মীৰত নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ মিত্ৰতাই চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে ।

কামত আহিল ৩৭০ পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি ! জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰিব নেচনেল কনফাৰেন্স-কংগ্ৰেছ মিত্ৰজোঁটে…
জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল
manas-borah
Manas Borah | Published: 08 Oct 2024 20:24 PM

জম্মু-কাশ্মীৰত নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ মিত্ৰতাই চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে । ২০১৪ চনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ১০ বছৰৰ পাছত জম্মু-কাশ্মীৰত অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচন । উল্লেখ্য যে, উপত্যকাটোৰ পৰা ৩৭০ অনুচ্ছেদ বাতিলৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন । ইতিমধ্যে নিৰ্বাচনৰ ভোটগণনা সম্পূৰ্ণ হৈছে ।

জম্মু-কাশ্মীৰৰ ৯০ খন বিধানসভা আসনৰ ভিতৰত নেচনেল কনফাৰেন্স দলে সৰ্বাধিক ৪২ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ২৯ খন আসন । ইফালে উপত্যকাটোত কংগ্ৰেছে লাভ কৰে ৬ খন বিধানসভা আসন । একেদৰে পিডিপিয়ে ৩ খন, জেপিচিয়ে ১ খন, চিপিআই(এম) ১ খন আৰু আম আদমী পাৰ্টিয়ে লাভ কৰে ১ খন আসন । ইফালে, এইবাৰ জম্মু-কাশ্মীৰৰ নিৰ্বাচনত ৭ জনকৈ নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰা দেখা গ’ল ।

পঞ্চম ৰাজ্যত একাউণ্ট খুলিলে আপে

পঞ্চমখন ৰাজ্যত একাউণ্ট খুলিলে আম আদমী পাৰ্টিয়ে । জম্মু-কাশ্মীৰৰ ডোডা বিধানসভা আসনত ৫ হাজাৰো অধিক ভোটৰ ব্যৱধানত বিজেপিৰ বিৰুদ্ধে জয়লাভ কৰিছে আপৰ প্ৰাৰ্থী মেহৰাজ মালিক । জম্মু-কাশ্মীৰৰ ডোডা বিধানসভাৰ আসনত জয়লাভ কৰি পঞ্চম ৰাজ্যত একাউণ্ট খোলাৰ বাবে মঙলবাৰে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দলটোক অভিনন্দন জনায়।

জম্মু-কাশ্মীৰৰ ডোডা বিধানসভা সমষ্টিত আপে জিলা উন্নয়ন পৰিষদৰ সদস্য মেহৰাজ মালিকক প্ৰাৰ্থীত্ব দিয়াৰ বিপৰীতে বিজেপিয়ে গজয় সিং ৰানাক প্ৰাৰ্থীত্ব দিছিল । আজি ঘোষণা কৰা উপত্যকাটোৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত দেখা যায় যে,ডোডা সমষ্টিত বিজেপিৰ গজয় সিং ৰানাই ১৮,৬৯০টা ভোট লাভ কৰাৰ বিপৰীতে আপৰ প্ৰাৰ্থী মেহৰাজ মালিকে ২৩,২২৮টা ভোট লাভ কৰে।

উল্লেখ্য যে, পঞ্জাৱ আৰু দিল্লীৰ শাসনত আছে আম আদমী পাৰ্টি । ইয়াৰ পাছত গুজৰাট আৰু গোৱাত দলটোৰ বিধায়ক আছে । এইবাৰ জম্মু-কাশ্মীৰটো একাউণ্ট খুলিছে দলটোৱে । দলটোৰ বাবে এই জয় অতি গুৰুত্বপূৰ্ণ বুলি ক’ব খুজিছে ৰাজনৈতিক বিশ্লেষকসকলে । এই জয়ৰ সন্দৰ্ভত দলৰ জ্যেষ্ঠ নেত্ৰী তথা দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে কয় যে, মালিকৰ “কল্পনীয় জয়”ৰে অৰবিন্দ কেজৰিৱালৰ “বিপ্লৱ” জম্মু-কাশ্মীৰত উপনীত হৈছে।

নিৰ্দলীয় প্ৰাৰ্থীৰ ওপৰত আস্থা ৰাখিলে ৭ টা বিধানসভা সমষ্টিৰ ভোটাৰে

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত এইবাৰ ৭ জন নিৰ্দলীয় প্ৰাৰ্থীয়ে জয় লাভ কৰে । ২০১৪ চনৰ নিৰ্বাচনত উপত্যকাটোত তিনিজন নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল । কিন্তু এইবাৰ এই সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে । কংগ্ৰেছ ত্যাগ কৰি জম্মু অঞ্চলৰ ছমব আসনৰ পৰা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা সতেশ শৰ্মাই বিজেপিৰ প্ৰাৰ্থী ৰাজীৱ শৰ্মাক ৬৯২৯টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি নিৰ্বাচনত জয়লাভ কৰে। এই আসনত তিনিবাৰকৈ জয়ী হোৱা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ প্ৰাৰ্থী তাৰা চান্দে ১৬,৪৪৯টা ভোট লাভ কৰি তৃতীয় স্থান দখল কৰে।

ইন্দৰৱালত নিৰ্দলীয় প্ৰাৰ্থী পায়ৰে লাল শৰ্মাই প্ৰবীণ নেতা গুলাম মহম্মদ সৰুৰীক ৬৪৩টা ভোটৰ এক সৰু ব্যৱধানত পৰাস্ত কৰে। একেদৰে বাণীত নিৰ্দলীয় প্ৰাৰ্থী ৰামেশ্বৰ সিঙে বিজেপিৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক জীৱন লালক ২০৪৮ টা ভোটত পৰাস্ত কৰে। সুৰাংকোট বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী তথা নেচনেল কনফাৰেন্সৰ বিদ্ৰোহী নেতা চৌধুৰী মহম্মদ আক্ৰমে কংগ্ৰেছৰ মহম্মদ শ্বাহনৱাজক ৮৮৫১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

বিজেপিৰ প্ৰাৰ্থী মহম্মদ ইকবাল মালিকৰ বিপৰীতে ৬১৭৯টা ভোটৰ ব্যৱধানত থানামণ্ডী বিধানসভা আসনত জয়লাভ কৰে মুজাফ্ফৰ ইকবাল খানে । লংগাটে বিধানসভাৰ আসনত ২৫,৯৮৪টা ভোট লাভ কৰি খুৰশ্বিদ আহমেদ শ্বেখে পিপলছ কনফাৰেন্সৰ ইৰফান চুলতান পণ্ডিতপুৰীক ১৬০২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। একেদৰে শ্বোপিয়ান আসনত শ্বাবিৰ আহমেদ কুল্লাই নেচনেল কনফাৰেন্সৰ প্ৰাৰ্থী শ্বেখ মহম্মদ ৰফীক ১২০৭ ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হ’ব ওমৰ আব্দুল্লা !

ভোটগণনা চলি থকাৰ মাজতে নেচনেল কনফাৰেন্স দলৰ মুৰব্বী ফাৰুক আব্দুল্লাই এক ডাঙৰ ঘোষণা কৰিছিল । জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে ওমৰ আব্দুল্লা নাম উল্লেখ কৰিছিল ফাৰুক আব্দুল্লাই । মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী কোন হ’ব বুলি সোধাত দলৰ জ্যেষ্ঠ নেতা আব্দুল্লাই সাংবাদিকৰ আগত কয় যে, ওমৰ আব্দুল্লা মুখ্যমন্ত্ৰী হ’ব।

৩৭০ অনুচ্ছেদ পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতিয়ে কাম কৰিলে !

নেচনেল কনফাৰেন্স দলৰ মুৰব্বী ফাৰুক আব্দুল্লাই ফলাফলৰ সন্দৰ্ভত কয় যে, এই ফলাফলে প্ৰমাণ কৰিছে যে, জম্মু-কাশ্মীৰৰ জনসাধাৰণে ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰোধীতা কৰে । ২০১৯ চনৰ ৫ আগষ্টত লোৱা সিদ্ধান্ত তেওঁলোকৰ বাবে গ্ৰহণযোগ্য নহয়, এই কথা এইবাৰ নিৰ্বাচনত ভোটদানৰ জৰিয়তে ৰাইজে স্পষ্ট কৰি দিছে বুলি কয় ফাৰুক আব্দুল্লাই ।

ফাৰুক আব্দুল্লাই লগতে কয় যে ,’আমি আশা কৰিছো যে, আমি জনসাধাৰণৰ আশা পূৰণ কৰিম আৰু তেওঁলোকৰ সমস্যা সমাধান কৰিম। মই বিশ্বাস কৰোঁ যে মানুহে আমাৰ কথা শুনিছে আৰু আমাক বিশ্বাস কৰিছে, মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞ। আমি এই হেঁচা শেষ কৰিব লাগিব, ইয়াত ৰাজহুৱা শাসন হ’ব, আৰক্ষীৰ শাসন নহয়। আমি নিৰীহ মানুহক জেলৰ পৰা উলিয়াই আনিব লাগিব, সঁচা কথা কোৱাৰ বাবে জেলত থকা মিডিয়া মানুহক জেলৰ পৰা উলিয়াই আনিব লাগিব । আমাৰ একমাত্ৰ অনুৰোধ যে আমি ঘৃণা বৃদ্ধি কৰিব নালাগে, আমি প্ৰেম বৃদ্ধি কৰিব লাগিব। আমি হিন্দু আৰু মুছলমানৰ মাজত ভাতৃত্ববোধ বৃদ্ধি কৰিব লাগিব।’

নেচনেল কনফাৰেন্সক ধ্বংস কৰাৰ প্ৰচেষ্টা অথলে গ’ল : ওমৰ আব্দুল্লা

ইফালে,ফলাফলৰ সন্দৰ্ভত জম্মু-কাশ্মীৰ নেচনেস কনফাৰেন্সৰ উপ-সভাপতি তথা গাণ্ডাৰবাল আৰু বুডগাম বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ওমৰ আব্দুল্লাই কয় যে, ‘মই বুডগামৰ ভোটাৰসকলক ধন্যবাদ জনাইছো, যিসকলে মোক তেওঁলোকৰ বহুমূলীয়া ভোটেৰে পুৰস্কৃত কৰি মোক ইয়াৰ পৰাই সফল কৰি তুলিলে। যোৱা ৫ বছৰে নেচনেল কনফাৰেন্সক বাহিৰ কৰিবলৈ সকলো প্ৰচেষ্টা চলোৱা হৈছিল। তেওঁৰ উদ্দেশ্য আছিল নেচনেল কনফাৰেন্সক ধ্বংস কৰা। খেলপথাৰত আমাক ধ্বংস কৰিবলৈ অহা সকলৰ কোনো লেখ-জোখ নাছিল। আমাৰ দায়িত্ব বাঢ়িল।’

Latest News