Jammu Kashmir : ১৮ ছেপ্টেম্বৰত ২৪ খন আসনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ | Jammu Kashmir Assembly Election 2024 first phase voting on 24 seats bjp congress national conference pdp Campaign Assam news - Assam Tv9

Jammu Kashmir Election 2024: অন্ত পৰিল প্ৰচাৰ, ১৮ ছেপ্টেম্বৰত এই ২৪ খন আসনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ…

Published: 

16 Sep 2024 20:26 PM

১৮ ছেপ্টেম্বৰত উপত্যকাটোৰ ২৪ খন বিধানসভাৰ আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত ২১৯ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব । প্ৰথম পৰ্যায়ত বিজেপিয়ে ১৬খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । কংগ্ৰেছ-ৰাষ্ট্ৰীয় সন্মিলনৰ মিত্ৰজোঁটে আটাইকেইখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

Jammu Kashmir Election 2024: অন্ত পৰিল প্ৰচাৰ, ১৮ ছেপ্টেম্বৰত এই ২৪ খন আসনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ...

১৮ ছেপ্টেম্বৰত জম্মু-কাশ্মীৰত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

Follow Us On

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ আজি অন্ত পৰিল । ১৮ ছেপ্টেম্বৰত উপত্যকাটোৰ ২৪ খন বিধানসভাৰ আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত ২১৯ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব । প্ৰথম পৰ্যায়ত বিজেপিয়ে ১৬খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । কংগ্ৰেছ-ৰাষ্ট্ৰীয় সন্মিলনৰ মিত্ৰজোঁটে আটাইকেইখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। পিডিপিৰ সভাপতি মেহবুবা মুফতিৰ কন্যা ইলতিজা মুফতিও প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

ইফালে ভোটগ্ৰহণৰ সময়ত যাতে কোনো ধৰণৰ অশান্তি সৃষ্টি নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে । বহুস্তৰীয় নিৰাপত্তাৰ অংশ হিচাপে কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী মোতায়েন কৰা হৈছে ।

প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া আসন কেইখন হৈছে-পাম্পোৰেয়, ট্ৰাল, পুলৱামা, ৰাজপোৰা, জাইনাপোৰা, শ্বোপিয়ান, ডি.এইচ. পোৰা, কুলগাম, দেৱছাৰ, দূৰৈত, কোকাৰনাগ (এছ টি), অনন্তনাগ পশ্চিম, অনন্তনাগ, শ্ৰীগুফৰ, বিজবেহাৰা, শ্বাংগস-অনন্তনাগ ইষ্ট, পহলগাম, ইন্দ্ৰৱাল, কিষ্টৱাৰ, পদৰ-নাগাসেনি, ভাদেৰৱাহ, ডোডা, ডোডা ৱেষ্ট, পেনাচিয়া ।

উল্লেখ্য যে, জম্মু-কাশ্মীৰত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত বুধবাৰে ২৪খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ২৫ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ৰ ২৬ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ত ১ অক্টোবৰত ৪০খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব ৮ অক্টোবৰত ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোলৈকে শাসকীয় বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছ, ৰাষ্ট্ৰীয় সন্মিলন আদি দলসমূহে নিজ নিজ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে ৰাইজৰ আস্থা লাভ কৰাৰ বাবে প্ৰচেষ্টা কৰাৰ পৰিলক্ষিত হয় ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version