জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ আটাইতকৈ ধনী প্ৰাৰ্থী কোন ? | Jammu kashmir Assembly Election 2024 : Richest Candidates Altaf Bukhari Apni Party; Details in Assamese Assam news - Assam Tv9

Election 2024 : জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ আটাইতকৈ ধনী প্ৰাৰ্থী কোন ? প্ৰাৰ্থীসকলৰ গড় সম্পত্তি কিমান ?

Published: 

24 Sep 2024 12:47 PM

Jammu kashmir Assembly Election 2024 : জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে । কাইলৈ ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । কিন্তু জম্মু-কাশ্মীৰৰ আটাইতকৈ ধনী প্ৰাৰ্থী কোন জানেনে ? নিৰ্বাচনটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ গড় সম্পত্তি কিমান ? এই বিষয়ে এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

Election 2024 : জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ আটাইতকৈ ধনী প্ৰাৰ্থী কোন ? প্ৰাৰ্থীসকলৰ গড় সম্পত্তি কিমান ?

জম্মু-কাশ্মীৰৰ নিৰ্বাচনত আটাইতকৈ ধনী প্ৰাৰ্থী কোন?

Follow Us On

১০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন । উপত্যকাটোৰ বিধানসভাৰ নিৰ্বাচনী যুঁজত ৰাষ্ট্ৰীয় সন্মিলন-কংগ্ৰেছৰ মিত্ৰতাৰ সন্মুখীন হৈছে বিজেপি আৰু পিডিপি। ইতিমধ্যে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে । কাইলৈ ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । কিন্তু জম্মু-কাশ্মীৰৰ আটাইতকৈ ধনী প্ৰাৰ্থী কোন জানেনে ? নিৰ্বাচনটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী সকলৰ গড় সম্পত্তি কিমান ? এই বিষয়ে এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ তথ্য অনুসৰি, জম্মু-কাশ্মীৰ আপনি পাৰ্টিৰ চৈয়দ মহম্মদ আলতাফ বুখাৰী জম্মু-কাশ্মীৰৰ আটাইতকৈ ধনী প্ৰাৰ্থী। তথ্য অনুসৰি, আলতাফ বুখাৰীৰ মুঠ সম্পত্তি পৰিমাণ হৈছে ১৬৫ কোটি টকা। শ্ৰীনগৰৰ চান্নাপোৰা আসনৰ পৰাই বুখাৰীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে । শ্ৰীনগৰৰ চান্নাপোৰা আসনখনত অহা ২৫ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

একে সময়তে ১৪৮ কোটি টকাৰ সম্পত্তিৰে দ্বিতীয় স্থানত আছে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি তাৰিক হামিদ। বিজেপিৰ দেৱেন্দ্ৰ সিং ৰানাৰ মুঠ সম্পত্তি ১২৬ কোটি টকা আৰু তেওঁ তৃতীয় স্থানত আছে। বিজেপিৰ দেৱেন্দ্ৰ সিং ৰানাই জম্মুৰ নগ্ৰোটা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

জম্মু-কাশ্মীৰৰ ৯০ খন বিধানসভাৰ আসনত নিৰ্বাচন অনুষ্ঠিত হৈছে। তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনটোৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ যোৱা ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ গৈছে । ২৫ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু ১ অক্টোবৰত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। অহা ৮ অক্টোবৰত ঘোষণা কৰা হ’ব ফলাফল। এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ) আৰু জম্মু আৰু কাশ্মীৰ ইলেকচন ৱাচে ৮৭৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৮৭২ গৰাকী প্ৰাৰ্থীৰ শপতনামা বিশ্লেষণ কৰিছে।

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৮৭২ জন প্ৰাৰ্থীৰ ভিতৰত ৪১০ জন (৪৭ শতাংশ) প্ৰাৰ্থী কোটিপতি । ২০১৪ চনৰ জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনত ৮৩১ জন প্ৰাৰ্থীৰ ভিতৰত ৩১৭ জন (৩৮ শতাংশ) প্ৰাৰ্থী কোটিপতি আছিল। ২০২৪ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিজন প্ৰাৰ্থীৰ গড় সম্পত্তি ৩.৬৫ কোটি টকা। একেদৰে ২০১৪ চনৰ জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৮৩১ জন প্ৰাৰ্থীৰ প্ৰতিজন প্ৰাৰ্থীৰ গড় সম্পত্তি আছিল ১.৯৩ কোটি টকা।

উল্লেখ্য যে,প্ৰতিবেদন অনুসৰি, প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৬২ জন বিজেপি প্ৰাৰ্থীৰ গড় সম্পত্তি ৯.১৩ কোটি টকা। আনহাতে এন চিৰ ৫৬ জন প্ৰাৰ্থীৰ গড় সম্পত্তি ৮.২৬ কোটি টকা। ৩৯ জন কংগ্ৰেছ প্ৰাৰ্থীৰ গড় সম্পত্তি ৮.০৮ কোটি টকা। ৮০ জন পিডিপি প্ৰাৰ্থীৰ গড় সম্পত্তি ৫.২৭ কোটি টকা। প্ৰতিবেদন অনুসৰি ২৮ জন বিএছপি প্ৰাৰ্থীৰ গড় সম্পত্তি ১.৫৯ কোটি টকা।

INPUT=TV9HINDI

ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version