Jammu Kashmir Election Result 2024: নিৰ্দলীয় প্ৰাৰ্থীৰ ওপৰত আস্থা ৰাখিলে ৭ টা বিধানসভা সমষ্টিৰ ভোটাৰে…

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত এইবাৰ ৭ জন নিৰ্দলীয় প্ৰাৰ্থীয়ে জয় লাভ কৰে । ২০১৪ চনৰ নিৰ্বাচনত উপত্যকাটোত তিনিজন নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল । কিন্তু এইবাৰ এই সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে ।

Jammu Kashmir Election Result 2024: নিৰ্দলীয় প্ৰাৰ্থীৰ ওপৰত আস্থা ৰাখিলে ৭ টা বিধানসভা সমষ্টিৰ ভোটাৰে...

জম্মু-কাশ্মীৰ

Updated On: 

08 Oct 2024 18:54 PM

জম্মু-কাশ্মীৰত ২০১৪ চনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ১০ বছৰৰ পাছত এইবাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় । ২০১৪ চনৰ নিৰ্বাচনত উপত্যকাটোত তিনিজন নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল । কিন্তু এইবাৰ এই সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে । আজি ঘোষণা হোৱাৰ জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি, এইবাৰ ৭ জন নিৰ্দলীয় প্ৰাৰ্থীয়ে নিৰ্বাচনটোত জয়লাভ কৰিছে ।

কংগ্ৰেছ ত্যাগ কৰি জম্মু অঞ্চলৰ ছমব আসনৰ পৰা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা সতেশ শৰ্মাই বিজেপিৰ প্ৰাৰ্থী ৰাজীৱ শৰ্মাক ৬৯২৯টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি নিৰ্বাচনত জয়লাভ কৰে। দুবাৰৰ সাংসদ তথা প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মদন লাল শৰ্মাৰ পুত্ৰ ৪২ বছৰীয়া সতেশ শৰ্মাই ৩৩,৯৮৫ টা ভোট লাভ কৰে। এই আসনত তিনিবাৰকৈ জয়ী হোৱা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ প্ৰাৰ্থী তাৰা চান্দে ১৬,৪৪৯টা ভোট লাভ কৰি তৃতীয় স্থান দখল কৰে।

ইন্দৰৱালত নিৰ্দলীয় প্ৰাৰ্থী পায়ৰে লাল শৰ্মাই প্ৰবীণ নেতা গুলাম মহম্মদ সৰুৰীক ৬৪৩টা ভোটৰ এক সৰু ব্যৱধানত পৰাস্ত কৰে। শৰ্মাই ১৪,১৯৫ টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী গুলাম মহম্মদে ১৩,৫৫২ টা ভোট লাভ কৰে। ইয়াৰ পূৰ্বে দুবাৰকৈ এই আসনত জয়লাভ কৰিছিল গুলাম মহম্মদে।

একেদৰে বাণীত নিৰ্দলীয় প্ৰাৰ্থী ৰামেশ্বৰ সিঙে বিজেপিৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক জীৱন লালক ২০৪৮ টা ভোটত পৰাস্ত কৰে। সিঙে ১৮,৬৭২ টা ভোট লাভ কৰাৰ বিপৰীতে লালে ১৬,৬২৪ টা ভোট লাভ কৰে। সুৰাংকোট বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী তথা নেচনেল কনফাৰেন্সৰ বিদ্ৰোহী নেতা চৌধুৰী মহম্মদ আক্ৰমে কংগ্ৰেছৰ মহম্মদ শ্বাহনৱাজক ৮৮৫১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। আক্ৰমে লাভ কৰে ৩৪,২০১টা ভোট।

বিজেপিৰ প্ৰাৰ্থী মহম্মদ ইকবাল মালিকৰ বিপৰীতে ৬১৭৯টা ভোটৰ ব্যৱধানত থানামণ্ডী বিধানসভা আসনত জয়লাভ কৰে মুজাফ্ফৰ ইকবাল খানে । ইকবাল খানে লাভ কৰে ৩২,৬৪৫টা ভোট। লংগাটে বিধানসভাৰ আসনত ২৫,৯৮৪টা ভোট লাভ কৰি খুৰশ্বিদ আহমেদ শ্বেখে পিপলছ কনফাৰেন্সৰ ইৰফান চুলতান পণ্ডিতপুৰীক ১৬০২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

একেদৰে শ্বোপিয়ান আসনত শ্বাবিৰ আহমেদ কুল্লাই নেচনেল কনফাৰেন্সৰ প্ৰাৰ্থী শ্বেখ মহম্মদ ৰফীক ১২০৭ ভোটৰ ব্যৱধানত পৰাস্ত কৰে। জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত মুঠ ৩৪৬ জন নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল । ইয়াৰে ৭ জন প্ৰাৰ্থীয়ে জয়লাভ কৰে ।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস