5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দেশৰ পঞ্চমখন ৰাজ্য়ত একাউণ্ট খুলিলে আপে, দলটোক অভিনন্দন জনালে কেজৰিৱালে…

জম্মু-কাশ্মীৰৰ ডোডা বিধানসভা আসনত ৫ হাজাৰো অধিক ভোটৰ ব্যৱধানত বিজেপি বিৰুদ্ধে জয়লাভ কৰিছে আপৰ প্ৰাৰ্থী মেহৰাজ মালিক । জম্মু-কাশ্মীৰৰ ডোডা বিধানসভাৰ আসনত জয়লাভ কৰি পঞ্চম ৰাজ্যত একাউণ্ট খোলাৰ বাবে মঙলবাৰে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দলটোক অভিনন্দন জনায়।

দেশৰ পঞ্চমখন ৰাজ্য়ত একাউণ্ট খুলিলে আপে, দলটোক অভিনন্দন জনালে কেজৰিৱালে…
আপৰ প্ৰাৰ্থী মেহৰাজ মালিক
manas-borah
Manas Borah | Updated On: 08 Oct 2024 20:25 PM

পঞ্চমখন ৰাজ্যত একাউণ্ট খুলিলে আম আদমী পাৰ্টিয়ে । জম্মু-কাশ্মীৰৰ ডোডা বিধানসভা আসনত ৫ হাজাৰো অধিক ভোটৰ ব্যৱধানত বিজেপি বিৰুদ্ধে জয়লাভ কৰিছে আপৰ প্ৰাৰ্থী মেহৰাজ মালিক । জম্মু-কাশ্মীৰৰ ডোডা বিধানসভাৰ আসনত জয়লাভ কৰি পঞ্চম ৰাজ্যত একাউণ্ট খোলাৰ বাবে মঙলবাৰে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দলটোক অভিনন্দন জনায়।

জম্মু-কাশ্মীৰৰ ডোডা বিধানসভা সমষ্টিত আপে জিলা উন্নয়ন পৰিষদৰ সদস্য মেহৰাজ মালিকক প্ৰাৰ্থীত্ব দিয়াৰ বিপৰীতে বিজেপিয়ে গজয় সিং ৰানাক প্ৰাৰ্থীত্ব দিছিল । আজি ঘোষণা কৰা উপত্যকাটোৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত দেখা যায় যে,ডোডা সমষ্টিত বিজেপিৰ গজয় সিং ৰানাই ১৮,৬৯০টা ভোট লাভ কৰাৰ বিপৰীতে আপৰ প্ৰাৰ্থী মেহৰাজ মালিকে ২৩,২২৮টা ভোট লাভ কৰে।

ডোডাত বিজেপিৰ বিৰুদ্ধে আপৰ প্ৰাৰ্থী মেহৰাজ মালিকৰ বিজয়ক অভিনন্দন জনাইছে আম আদমী পাৰ্টি মুৰব্বী অৰবিন্দ কেজৰিৱালে । দেশৰ পঞ্চম ৰাজ্যত এজন বিধায়ক লাভ কৰাৰ বাবে সমগ্ৰ দলটোক অভিনন্দন জনাইছে কেজৰিৱালে ।

উল্লেখ্য যে, পঞ্জাৱ আৰু দিল্লীৰ শাসন আছে আম আদমী পাৰ্টি । ইয়াৰ পাছত গুজৰাট আৰু গোৱাত দলটোৰ বিধায়ক আছে । এইবাৰ জম্মু-কাশ্মীৰটো একাউণ্ট খুলিছে দলটোৱে । দলটোৰ বাবে এই জয় অতি গুৰুত্বপূৰ্ণ বুলি ক’ব খুজিছে ৰাজনৈতিক বিশ্লেষকসকলে । এই জয়ৰ সন্দৰ্ভত দলৰ জ্যেষ্ঠ নেত্ৰী তথা দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে কয় যে, মালিকৰ “কল্পনীয় জয়”ৰে অৰবিন্দ কেজৰিৱালৰ “বিপ্লৱ” জম্মু-কাশ্মীৰত উপনীত হৈছে।

মনকৰিবলগীয়া যে, জম্মু-কাশ্মীৰ বিধানসভাৰ নিৰ্বাচনত আপে ৯০খন আসনৰ ভিতৰত ৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

Latest News