Jammu kashmir Election Result 2024 : জম্মু-কাশ্মীৰত এনচি-কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি ! কি ক’লে ওমৰ আব্দুল্লাই ?

Vidhan Sabha Election Result 2024 : নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে । উপত্যকাটোৰ নিধানসভা নিৰ্বাচনৰ ফলাফলৰ শেহতীয়া আপডেট অনুসৰি, ৯০ খন বিধানসভা আসনৰ ভিতৰত কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে ৫১ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে ২৬ খন আসনত আগবঢ়ি আছে বিজেপি ।

Jammu kashmir Election Result 2024 : জম্মু-কাশ্মীৰত এনচি-কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি ! কি কলে ওমৰ আব্দুল্লাই ?

ওমৰ আব্দুল্লা

Published: 

08 Oct 2024 12:47 PM

নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে । উপত্যকাটোৰ নিধানসভা নিৰ্বাচনৰ ফলাফলৰ শেহতীয়া আপডেট অনুসৰি, ৯০ খন বিধানসভা আসনৰ ভিতৰত কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে ৫১ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে ২৬ খন আসনত আগবঢ়ি আছে বিজেপি । ইফালে দেখা গৈছে যে, পিডিপিয়ে পাঁচখন আসনত আগবাঢ়ি থকাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থীয়ে ৭খন আসনত আগবাঢ়ি আছে।

উল্লেখ্য যে, নেচনেল কনাফাৰেন্সে ৪১খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে তেওঁলোকৰ মিত্ৰ কংগ্ৰেছে ১০খন আসনত আগবাঢ়ি আছে । মনকৰিবলগীয়া যে, শেহতীয়া আপডেট অনুসৰি, নেচনেল কনফাৰেন্সে অকলেই মূল প্ৰতিদ্বন্দ্বি বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ পৰিলক্ষিত হৈছে । দলটোৰ এনে অগ্ৰগতিৰ সন্দৰ্ভত উপ-সভাপতি ওমৰ আব্দুল্লাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, জম্মু-কাশ্মীৰ জনসাধাৰণৰ আদেশৰ সৈতে কোনো ধৰণৰ খেল খেলিব নালাগে ।

তেওঁ লগতে কয় যে, সকলোতে স্বচ্ছতা থাকিব লাগে । জনসাধাৰণৰ আদেশৰ লগত কোনো ধৰণৰ খেলা-ধূলা কৰা উচিত নহয়। যদি ৰাইজৰ আদেশ বিজেপিৰ বিৰোধী হয়, তেন্তে বিজেপিয়ে সেয়া মানি ল’ব লাগে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেচনেল কনফাৰেন্সৰ উপ-সভাপতি ওমৰ আব্দুল্লাই ।

সাংবাদিকৰ আগত আব্দুল্লাই কয় যে, সংসদীয় নিৰ্বাচনত আমি যিদৰে মানুহৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো, সেইদৰে এই সিদ্ধান্ত কেন্দ্ৰই গ্ৰহণ কৰা উচিত। জম্মু কাশ্মীৰৰ নিধানসভা নিৰ্বাচনত ফলাফলৰ শেহতীয়া আপডেট অনুসৰি, বিশেষভাৱে আগবাঢ়ি থকা মূল প্ৰাৰ্থীসকল হৈছে-ওমৰ আব্দুল্লা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি তাৰিক হামিদ কাৰা, এআইচিচিৰ সাধাৰণ সম্পাদক গুলাম আহমদ মিৰ, চিপিআই (এম) নেতা এম ৱাই তাৰিগামী আৰু বিজেপিৰ প্ৰাক্তন মন্ত্ৰী ছাম লাল শৰ্মা আৰু দেৱেন্দ্ৰ সিং ৰানা।

অৱশ্যে নৱশ্বেৰা বিধানসভা সমষ্টিত জম্মু-কাশ্মীৰৰ বিজেপিৰ মুৰব্বী ৰবিন্দৰ ৰাইনা পিছ পৰি থকাৰ বিপৰীতে ছামব আসনত পিছ পৰি আছে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ প্ৰাৰ্থী তাৰা চান্দ। জম্মু-কাশ্মীৰৰ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী বিকাৰ ৰছুল ৱানীও বানিহাল আসনৰ পৰা পিছ পৰি আছে । বাশোলি আসনত বিজেপিৰ দৰ্শন লালৰ পিছে পিছে আছে প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ প্ৰাৰ্থী চৌধুৰী লাল সিং ।

একেদৰে চেনানী আসনত বিজেপি প্ৰাৰ্থী বলৱন্ত সিং মানকোটিয়াৰ বিৰুদ্ধে জম্মু-কাশ্মীৰ হৰ্ষ দেৱ সিং ৮,৮৬৩ৰ ব্যৱধানত পিছ পৰি আছে।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস