5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Himanta Biswa Sarma : অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱা, হিন্দুক বচাবলৈ ঝাৰখণ্ডৰ নিৰ্বাচন : হিমন্ত বিশ্ব শৰ্মা

ঝাৰখণ্ডত জেএমএম নেতৃত্বাধীন মিত্ৰজোঁটৰ বিৰুদ্ধে "অনুপ্ৰৱেশকাৰীক পৃষ্ঠপোষকতা কৰা" বুলিও ডাঙৰ অভিযোগ উত্থাপন কৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে । তেওঁ কয় যে, এই নিৰ্বাচনত অবৈধ অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াবলৈ আৰু হিন্দুসকলক সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থত যুঁজ দিয়া হ'ব ।

Himanta Biswa Sarma : অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱা, হিন্দুক বচাবলৈ ঝাৰখণ্ডৰ নিৰ্বাচন : হিমন্ত বিশ্ব শৰ্মা
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 02 Nov 2024 16:36 PM

‘ঝাৰখণ্ডৰ পৰা অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱা আৰু হিন্দুক সুৰক্ষিত কৰাৰ স্বাৰ্থত এই নিৰ্বাচন অনুষ্ঠিত হৈছে ।’ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত এই মন্তব্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, ঝাৰখণ্ডৰ জেএমএম নেতৃত্বাধীন মিত্ৰজোঁটৰ বিৰুদ্ধে “অনুপ্ৰৱেশকাৰীক পৃষ্ঠপোষকতা কৰা” বুলিও ডাঙৰ অভিযোগ উত্থাপন কৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

তেওঁ কয় যে, এই নিৰ্বাচনত অবৈধ অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াবলৈ আৰু হিন্দুসকলক সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থত যুঁজ দিয়া হ’ব । উল্লেখ্য যে, বিজেপিৰ ঝাৰখণ্ড নিৰ্বাচনী সহ-প্ৰভাৰী দায়িত্ব আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব । যোৱা দিন কেইটাত হিমন্ত বিশ্ব শৰ্মাক প্ৰায়ে ঝাৰখণ্ড নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ থকা দেখা গৈছে ।

মনকৰিবলগীয়া যে, দুটা পৰ্যায়ত ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ঝাৰখণ্ডৰ ৮১ খন বিধানসভা আসনৰ বাবে ১৩ নৱেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ লগতে ২০ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ভোট গণনা কৰা হ’ব।

ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘সন্তান’ক বচাবলৈ হিন্দু লোকসকল একত্ৰিত হৈ থাকিব লাগিব । ঝাৰখণ্ডৰ পৰা অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱা আৰু হিন্দুক বচাবলৈ এই নিৰ্বাচন । ‘আমি হিন্দু, আমি হিন্দু আছিলো আৰু আমি হিন্দু হম । সনাতনক বচাবলৈ একত্ৰিত হৈ থকাৰ সময় আহি পৰিছে।’ এইদৰে কয় অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে । তেওঁ লগতে কয় যে, হিন্দুসকলে ভাৰতক সুৰক্ষা দিছে আৰু ‘জয় শ্ৰী ৰাম’ ধ্বনি দিবলৈ একত্ৰিত হৈ থকা উচিত।

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটে সমাজবাদী পাৰ্টিক এখনো আসন নিদিয়াৰ প্ৰসংগতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আজি সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, জেএমএম আৰু কংগ্ৰেছে অখিলেশ যাদৱ আৰু তেজস্বী যাদৱক গুৰুতৰভাৱে অপমান কৰিছে। তেওঁলোকৰ প্ৰতি কোনো সন্মান প্ৰদৰ্শন কৰা নাই বিৰোধী মিত্ৰজোঁটে ।

ইফালে সাংবাদিকৰ প্ৰশ্ন উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে, বিৰোধীৰ পৰাপক্ষত প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰাৰ পৰা বিতৰত থাকক । তেওঁ কয় যে, যিদিনা বিৰোধীয়ে প্ৰধানমন্ত্ৰী মোদীক গালি-গালাজ কৰা বন্ধ কৰিব, সেইদিনা এই দলসমূহৰ বাবে লাভজনক হ’ব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

Latest News