Maharashtra Assembly Election 2024: ‘এয়া জনসাধাৰণৰ ৰায় হ’ব নোৱাৰে ‘, মহাৰাষ্ট্ৰৰ ফলাফলক লৈ ডাঙৰ মন্তব্য সঞ্জয় ৰাউটৰ…
মহাৰাষ্ট্ৰৰ ফলাফলত মহাযুতিৰ অগ্ৰগতিক শিৱসেনাৰ (ইউ বি টি) নেতা সঞ্জয় ৰাউটে সহজভাৱে ল’ব পৰা নাই । মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুতিৰ ভাল ফলাফল মানি ল’বলৈ অনিচ্ছুক সঞ্জয় ৰাউট। তেওঁ দাবী কৰিছে যে, এইয়া কেতিয়া জনসাধাৰণৰ ৰায় হব নোৱাৰে ।
মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ বৰ্তমানৰ মহাযুতিৰ অগ্ৰগতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসেনাৰ (ইউ বি টি) নেতা সঞ্জয় ৰাউটে । তেওঁ কৈছে যে, এয়া কেতিয়াও প্ৰকৃত ফলাফল নহয় । উল্লেখ্য যে, বৰ্তমানলৈকে ফলাফলৰ অগ্ৰগতিলৈ লক্ষ্য কৰিলে দেখা যায় যে, মহাৰাষ্ট্ৰত এক প্ৰকাৰে ধুমুহা সৃষ্টি কৰিছে মহাযুতিয়ে । মহাযুতিয়ে সকলো অভিলেখ ভংগ কৰি জয়ৰ দিশে আগবাঢ়িছে।
মহাযুতিৰ এই অগ্ৰগতিক শিৱসেনাৰ (ইউ বি টি) নেতা সঞ্জয় ৰাউটে সহজভাৱে ল’ব পৰা নাই । মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুতিৰ ভাল ফলাফল মানি ল’বলৈ অনিচ্ছুক সঞ্জয় ৰাউট। তেওঁ দাবী কৰিছে যে,’এইয়া কেতিয়া জনসাধাৰণৰ ৰায় হব নোৱাৰে ।’
আজি ঘোষণা কৰা হৈছে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল । ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে । শেহতীয়া গণনা অনুসৰি বৰ্তমানলৈকে ৰাজ্যখনৰ ২৮৮ খন আসনৰ ভিতৰত ২২০ খন আসন আগবাঢ়ি আছে বিজেপি নেতৃত্বধীন মহাযুতি । ইফালে, কংগ্ৰেছ নেতৃত্বধীন মহা বিকাশ আঘাদী মিত্ৰজোঁটে ৪১ খন আসন অগ্ৰগতি লাভ কৰিছে ।
#WATCH | As Mahayuti has crossed halfway mark in Maharashtra, Shiv Sena UBT leader Sanjay Raut says, “They have done some ‘gadbad’, they have stolen some of our seats…This cannot be the public’s decision. even the public does not agree with these results. Once the results are… pic.twitter.com/Qxx6a0mKsW
— ANI (@ANI) November 23, 2024
মহাযুতিৰ এই অগ্ৰগতিক লৈ সন্দেহ প্ৰকাশ কৰিছে সঞ্জয় ৰাইটে । শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে আজিৰ দিনটোত নিৰ্বাচনৰ ফলাফলক লৈ সন্দেহ প্ৰকাশ কৰি কয় যে, ‘এয়া ৰাইজৰ ৰায় হ’ব নোৱাৰে। মই মহাৰাষ্ট্ৰৰ মানুহক চিনি পাওঁ। আমি এই ফলাফল মানি নলওঁ। এই নিৰ্বাচনৰ ফলাফলত কিছু বিসংগতি হোৱা পূৰ্ণ সম্ভাৱনা আছে ।’
ৰাজ্যসভাৰ সাংসদগৰাকীয়ে প্ৰশ্ন কৰে যে,’মহাৰাষ্ট্ৰৰ জনসাধাৰণেও এই ফলাফল কেনেকৈ মানি ল’ব বুলি ভাবিছে। মহাৰাষ্ট্ৰৰ জনসাধাৰণে এই ফলাফল কেতিয়া মান ল’ব নোৱাৰে । মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ সকলো বিধায়ক কেনেকৈ জয়ী হ’ব? প্ৰতাৰণাত মহাৰাষ্ট্ৰক ক্ষুব্ধ কৰা অজিত পাৱাৰ কেনেকৈ জয়ী হ’ব?’ এই দৰে প্ৰশ্ন উত্থাপন কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে।
লগতে তেওঁ অভিযোগ কৰে যে, ‘এই ক্ষেত্ৰত মই এটা ডাঙৰ ষড়যন্ত্ৰ দেখিছোঁ। এয়া মাৰাঠী আৰু কৃষকৰ আদেশ নহয়। আমি এইটো জনসাধাৰণৰ আদেশ হিচাপে মানি নলওঁ।’
উল্লেখ্য যে, মহাৰাষ্ট্ৰ বিধানসবা নিৰ্বাচনত মহাযুতি মিত্ৰজোঁটৰ বিজেপিয়ে ১৪৯ খন বিধানসভা আসনত, শিৱসেনাই ৮১ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু অজিত পাৱাৰ নেতৃত্বাধীন এনচিপিয়ে ৫৯ টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। ইয়াৰ বিপৰীতে এম ভি এ মিত্ৰজোঁটৰ হৈ কংগ্ৰেছে ১০১ জন, শিৱসেনা (ইউ বি টি) ৯৫, এন চি পি (এছ পি)য়ে ৮৬ জন প্ৰাৰ্থী থিয় কৰাইছিল।