Maharashtra Assembly Election Result 2024 : কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্য়মন্ত্ৰী ? কি ক’লে বিজেপিৰ নেতা দেৱেন্দ্ৰ ফাড়নাবিছে ?

মহাৰাষ্ট্ৰত এনডিএ মিত্ৰজোঁটে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে । ইয়াৰ সমান্তৰালভাৱে দক্ষিণৰ ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেই লৈয়ো জল্পনা কল্পনা আৰম্ভ হৈছে । এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰৰ বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাবিছে ।

Maharashtra Assembly Election Result 2024 : কোন হব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্য়মন্ত্ৰী ? কি কলে বিজেপিৰ নেতা দেৱেন্দ্ৰ ফাড়নাবিছে ?

কোন হ'ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

Published: 

23 Nov 2024 16:59 PM

মহাৰাষ্ট্ৰত এনডিএ মিত্ৰজোঁটে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে । ইয়াৰ সমান্তৰালভাৱে দক্ষিণৰ ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই লৈয়ো জল্পনা কল্পনা আৰম্ভ হৈছে । মহাৰাষ্ট্ৰৰ বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাবিছে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত কয় যে, মুখ্যমন্ত্ৰী পদক লৈ কোনো বিবাদ বা সমস্যা নাই । লগতে বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটে বিজয়ৰ দিশে আগবাঢ়ি যোৱাৰ সময়তে মহাযুতিৰ নেতাসকলে একেলগে এই বিষয়ত সিদ্ধান্ত ল’ব বুলি মন্তব্য় প্ৰকাশ কৰিছে বিজেপিৰ নেতা গৰাকীয়ে ।

সাংবাদিকক সম্বোধন কৰি ফাড়নাবিছে কয় যে, মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰা দেখা গৈছে যে ৰাজ্যখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমৰ্থন কৰে । উল্লেখ্য যে, এই ফলাফলৰ বাবে মহিলা ভোটাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে নেতাগৰাকীয়ে । ফাড়নাবিছে কয় যে, বিৰোধীয়ে ভুৱা প্ৰচাৰ আৰু ধৰ্মৰ ওপৰত ভিত্তি কৰি ভোটাৰক মেৰুকৰণৰ প্ৰচেষ্টাক চলাইছিল। কিন্তু জনসাধাৰণে বিৰোধীৰ এই প্ৰচেষ্টাক বিফল কৰিলে ।

সমান্তৰালভাৱে ভোটাৰ, বিজেপি দল আৰু দলৰ নেতাৰ সমৰ্থনৰ বাবেই বিৰোধীৰ প্ৰচেষ্টাক বিফল কৰাত সফল হোৱা বুলি মন্তব্য প্ৰকাশ কৰিছে উপ-মন্ত্ৰীগৰাকীয়ে। ৰাজ্য়খনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদক লৈ বিভিন্ন কথা বতৰা চৰ্চাত থকাৰ মাজতে বিজেপিৰ নেতা গৰাকী স্পষ্ট কৰি দিছে যে, বিজেপি, শিৱসেনা আৰু এনচিপিৰে গঠিত মহাযুতিত মুখ্যমন্ত্ৰীৰ পদক লৈ কোনো বিবাদ হোৱা নাই। মুম্বাইত সাংবাদিকৰ আগত ফাড়নাবিছে কয় যে, মহাযুতিৰ নেতাই পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব।

তেওঁ কয় যে, মহাৰাষ্ট্ৰৰ ৰাইজে স্পষ্ট কৰি দিছে যে একনাথ শিণ্ডেৰ নেতৃত্বত গঠিত দলটোৱেই হৈছে বালাছাহেব থাকৰেৰ প্ৰকৃত শিৱসেনা। আজিৰ ফলাফলৰ পৰা দেখা গৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আঁৰত সমগ্ৰ সমাজ একত্ৰিত হৈ আছে। ৰাজ্যখনত  ‘এক হেইন তোহ নিৰাপদ হায়’ শ্লোগান সফল হোৱা বুলি কয় নেতা গৰাকীয়ে ।

ইফালে, মহাৰাষ্ট্ৰ নিৰ্বাচনৰ ফলাফলত বিসংগতি হোৱা সম্ভাৱনা আছে বুলি সঞ্জয় ৰাউটে যি অভিযোগ উত্থাপন কৰিছিল, সেই অভিযোগক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ফাড়নাবিছে । নেতা গৰাকীয়ে কয়,’মহাৰাষ্ট্ৰত তেওঁলোক কথিতভাৱে দুৰ্বল। বিৰোধীয়ে এনে দাবী কৰা বন্ধ কৰিব লাগে। মই তেওঁলোকক পৰামৰ্শ দিব পৰাকৈ ডাঙৰ নহয়, কিন্তু তেওঁলোকে অন্তৰ্দৃষ্টিৰে কথাবোৰ বিশ্লেষন কৰাটো প্ৰয়োজন।’

লগতে পঢ়ক: Maharashtra Assembly Election 2024: ‘এয়া জনসাধাৰণৰ ৰায় হ’ব নোৱাৰে ‘, মহাৰাষ্ট্ৰৰ ফলাফলক লৈ ডাঙৰ মন্তব্য সঞ্জয় ৰাউটৰ…

লগতে পঢ়ক: Assembly Election Results 2024: ব্যৰ্থ বিজেপিৰ অনুপ্ৰৱেশকাৰীৰ বিষয়, হেমন্ত ছ’ৰেনৰ ওপৰতে আস্থা দেখুৱাইছে ঝাৰখণ্ডে…!

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস