লক্ষ্য নিৰ্বাচন ! ৪৫ বছৰৰ পিছত ডোডা ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ | PM Modi To Address Election Rally in Doda jammu kashmir after 45 years Assam news - Assam Tv9

লক্ষ্য নিৰ্বাচন ! ৪৫ বছৰৰ পিছত ডোডা ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

Published: 

14 Sep 2024 10:18 AM

জম্মু-কাশ্মীৰ নিৰ্বাচনক লৈ প্ৰত্যেকটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰচাৰ অব্যাহত ৰাখিছে। বিৰোধীৰ দৰে শাসকীয় বিজেপিয়েও নিজৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পাছত নিৰ্বাচনক কেন্দ্ৰ কৰি আজি জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আজি পুৱা ১১ বজাত ডোডাত আয়োজিত এখন সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে।

লক্ষ্য নিৰ্বাচন ! ৪৫ বছৰৰ পিছত ডোডা ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী মোদী

Follow Us On

১০ বছৰৰ মূৰত জম্মু-কাশ্মীৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । জম্মু-কাশ্মীৰ নিৰ্বাচনক লৈ প্ৰত্যেকটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰচাৰ অব্যাহত ৰাখিছে। বিৰোধীৰ দৰে শাসকীয় বিজেপিয়েও নিজৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পাছত নিৰ্বাচনক কেন্দ্ৰ কৰি আজি জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আজি পুৱা ১১ বজাত ডোডাত আয়োজিত এখন সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে।

ডোডা স্প’ৰ্টছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই ঐতিহাসিক নিৰ্বাচনী সভাখন। ডোডাত চাৰি দশক অর্থাৎ ৪৫ বছৰৰ পাছত প্রধানমন্ত্রীৰ প্রথম সমাৱেশ অনুষ্ঠিত হ’ব ৷ ১৯৭৯ চনত ইন্দিৰা গান্ধীয়ে ডোডাত এক সভা অনুষ্ঠিত কৰিছিল । ডোডা বহু দশক ধৰি সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে। এই সমাৱেশৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে । ড্ৰ’নেৰে নিৰীক্ষণ কৰা হ’ব প্ৰধানমন্ত্ৰী মোদীৰ এই ৰেলী ছাইট। ইয়াৰ বাবে সমগ্ৰ কমপ্লেক্সটো ছীল কৰা হৈছে। ইয়াৰ লগতে আশে-পাশে থকা অঞ্চলসমূহতো নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

ডোডাত প্ৰধানমন্ত্ৰীৰ এই সমাৱেশে চেনাব অঞ্চলত যথেষ্ট প্ৰভাৱ পেলাব। চেনাব অঞ্চল হিচাপে ডোডা বিখ্যাত। চেনাব অঞ্চলত আছে ৮খন বিধানসভাৰ আসন। সেই কেইখন হ’ল- ডোডা, ডোডা পশ্চিম, ভাদেৰৱাহ, কিষ্টৱাৰ, ইন্দ্ৰৱাল, পদৰ-নগাসেনী, ৰামবন আৰু বানিহাল। বিজেপিৰ মিছন ৫০ৰ বাবে এই আটাইকেইখন আসন অতি গুৰুত্বপূৰ্ণ। জম্মুৰ আটাইকেইখন আসনত  বিজেপিয়ে প্ৰাৰ্থীত্ব দিছে ।

জম্মু-কাশ্মীৰৰ ৯০খন বিধানসভা আসনত তিনিটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ১৮ ছেপ্টেম্বৰত হোৱাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত অনুষ্ঠিত হ’ব। অহা ৮ অক্টোবৰত প্ৰকাশ কৰা হ’ব ফলাফল। অহা ৩১ আগষ্টত জম্মু কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। ইয়াৰ পিছতে নিৰ্বাচনক কেন্দ্ৰ কৰি এইবাৰ ডোডা প্ৰথম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

ডোডাৰ পিছত হাৰিয়ানালৈ যাব প্ৰধানমন্ত্ৰী মোদী। দুপৰীয়া ২ বজাত কুৰুক্ষেত্ৰৰ থিম পাৰ্কত এখন সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে। ৬ খন জিলাৰ ২৩ গৰাকী প্ৰাৰ্থীক ভোট দিবলৈ জনসাধাৰণক আহ্বান জনাব প্ৰধানমন্ত্ৰী মোদীয়ে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version