মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন: কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাক লৈ অসন্তুষ্ট ৰাহুল গান্ধী! | Rahul gandhi angry with local congress leader giving those seats in maharashtra shiv sena uddhav thackeray Assam news - Assam Tv9

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন: কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাক লৈ অসন্তুষ্ট ৰাহুল গান্ধী!

মহাৰাষ্ট্ৰত সমান সংখ্যক আসনত প্ৰতিদ্বন্দিতা কৰিব শিৱসেনা (উদ্ধৱ), এনচিপি (শাৰদ) আৰু কংগ্ৰেছে । ইয়াৰ মাজতে কংগ্ৰেছে উদ্ধৱ থাকৰেৰ দলক শক্তিশালী আসন প্ৰদানক লৈ অসন্তুষ্ট ৰাহুল গান্ধী। শুকুৰবাৰে (২৫ অক্টোবৰ) কংগ্ৰেছৰ নিৰ্বাচন সমিতিৰ বৈঠকত ৰাহুলে অসন্তুষ্টি প্ৰকাশ কৰে।

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন: কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাক লৈ অসন্তুষ্ট ৰাহুল গান্ধী!

কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাক লৈ অসন্তুষ্ট ৰাহুল গান্ধী!

Updated On: 

26 Oct 2024 12:58 PM

মহাৰাষ্ট্ৰত আসন ভাগ-বতৰাক লৈ হোৱা বিবাদৰ সমাধান কৰা বুলি দাবী Maha Vikas Aghadiৰ । ইফালে কংগ্ৰেছত আৰম্ভ হৈছে বিভেদ । কোৱা হৈছে যে উদ্ধৱ থাকৰেক মুম্বাই আৰু বিদৰ্ভৰ শক্তিশালী আসন দিয়াৰ বাবে কংগ্ৰেছীৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে । শুকুৰবাৰে (২৫ অক্টোবৰ) কংগ্ৰেছৰ নিৰ্বাচন সমিতিৰ বৈঠকত ৰাহুলে অসন্তুষ্টি প্ৰকাশ কৰে।

কংগ্ৰেছৰ সূত্ৰ অনুসৰি, ৰাহুলে কৈছে যে যিবোৰ আসনত আমি শক্তিশালী সেইবোৰ উদ্ধৱক দিয়া হৈছে কাৰণ কিছুমান লোকে তেওঁলোকৰ পুত্ৰ আৰু কন্যাৰ বাবে টিকট বিচাৰিছে।

কোনবোৰ আসনক লৈ অসন্তুষ্ট ৰাহুল?

কংগ্ৰেছৰ সূত্ৰ অনুসৰি, ৰাহুলে মুম্বাইৰ বান্দ্ৰা-ইষ্ট, নাছিক-চেণ্ট্ৰেল, ৰামটেক আৰু অমৰাৱতী আসন শিৱসেনাক (ইউবিটি) দিয়াৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে। ৰাহুলে মতে ২০১৯ চনত এই আসনসমূহত কংগ্ৰেছৰ প্ৰদৰ্শন উৎকৃষ্ট আছিল। তেন্তে এই আসন শিৱসেনাক (ইউবিটি) কিয় দিয়া হৈছে?

২০১৯ চনত বান্দ্ৰা ইষ্ট আসনত জয় লাভ কৰিছিল কংগ্ৰেছে। নাছিক চেণ্ট্ৰেলত কংগ্ৰেছ দ্বিতীয় স্থানত আছিল। বিগত বৰ্যত ৰামটেক আসনত জয় হৈছিল নিৰ্দলীয় প্ৰাৰ্থী। শিৱসেনাই তাৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নাছিল। তৎস্বত্ত্বেও এইবাৰ এই আসনখন শিৱসেনাক (ইউবিটি) দিয়া হৈছে। অৱশ্যে, ইয়াৰে এখন বা দুখন আসনক লৈ কোৱা হৈছে যে শিৱসেনাই (উদ্ধৱ) ইয়াক প্ৰত্যাহাৰ কৰিব পাৰে। সঞ্জয় ৰাউতেও শেহতীয়াকৈ এই সন্দৰ্ভত ইংগিত দিছিল।

মহাৰাষ্ট্ৰৰ নেতাসকলৰ ওপৰত হাইকমাণ্ডে খং কৰাৰ আন এক কাৰণ এইয়ো যে প্ৰথমতে শিৱসেনা (উদ্ধৱ) আৰু এনচিপি (শাৰদ) কংগ্ৰেছক অধিক আসন দিবলৈ সাজু আছিল। কিন্তু এতিয়া কিয় সমানে বিভাজন কৰা হৈছে?

কোৱা হৈছে যে ক্ষোভৰ বাবে কংগ্ৰেছৰ নিৰ্বাচন সমিতিৰ বৈঠকৰ মাজতে উঠি গৈছিল ৰাহুল গান্ধী। অৱশ্যে ইয়াৰ পাছত এঘণ্টাধৰি বৈঠক চলিছিল। এতিয়া ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বৈঠক অনুষ্ঠিত কৰি অধিক খোকোজা লাগি থকা আসনবোৰৰ সমস্যা সমাধান কৰিব কংগ্ৰেছে।

আসন ভাগ-বতৰাক লৈ কাজিয়া

কংগ্ৰেছ আৰু শিৱসেনাৰ (ইউবিটি) মাজত আসন ভাগ-বতৰাক লৈ বিবাদৰ সৃষ্টি হৈছে। কোৱা হৈছে যে প্ৰায় ২০-২৫খন আসনত কংগ্ৰেছৰ নানা পাটেলে আৰু শিৱসেনাৰ (উদ্ধৱ) সঞ্জয় ৰাউত পিছুৱাই আহিবলৈ সাজু হোৱা নাছিল। অৱশেষত, কংগ্ৰেছ হাইকমাণ্ডে নানা পাটোলেৰ সলনি বালাচাহেব থোৰাটক আনে।

থোৰাটে শৰদ পাৱাৰ আৰু উদ্ধৱক লগ কৰি আসন ভাগ বতৰাৰ ভিত্তি প্ৰস্তুত কৰিছিল। এতিয়া সমান সংখ্যক আসনত প্ৰতিদ্বন্দিতা কৰিব কংগ্ৰেছ, শিৱসেনা (ইউবিটি) আৰু এনচিপি (শাৰদ)য়ে। ইয়াৰ উপৰিও, মিত্ৰতাত স্থান দিয়া হৈছে শ্বেতকাৰী সংগঠন, সমাজবাদী পাৰ্টি আৰু চিপিএমক । কিন্তু এই দলবোৰক কিমানখন আসন দিয়া হৈছে সেয়া এতিয়াও প্ৰকাশ কৰা নাই।

ইফালে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ বহু নেতাই তেঁওলোক পৰিয়ালৰ সদস্যসকলৰ বাবে টিকট লোৱাৰ ব্যস্ত হৈ পৰিছে। প্ৰাক্তন ৰাষ্ট্ৰপতি বালাচাহেব থোৰাটে তেওঁৰ কন্যা জয়শ্ৰীৰ বাবে টিকট বিচাৰিছে। আনহাতে বিৰোধী দলৰ নেতা বিজয় ভাটেভিডাৰেও তেওঁৰ পৰিয়ালৰ বাবে টিকট বিচাৰিছে। মুম্বাই কংগ্ৰেছৰ সভাপতি বৰ্ষা গায়কৱাডৰ ভগ্নী জ্যোতিক ধাৰাৱী আসনৰ পৰা টিকট দিয়া হৈছে। একে সময়তে, কংগ্ৰেছে লাতুৰৰ পৰা বিলাসৰাও দেশমুখৰ দুয়োজন পুত্ৰক টিকট প্ৰদান কৰিছে।

মহাৰাষ্ট্ৰৰ ২৮৮খন আসনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২৯ অক্টোবৰ। ইয়াৰ পাছত নাম প্ৰত্যাহাৰ আৰু পৰীক্ষাৰ কাম কৰা হ’ব। মহাৰাষ্ট্ৰৰ ২৮৮খন আসনৰ বাবে ২০ নৱেম্বৰত ভোটগ্ৰহণৰ প্ৰস্তাৱ দিয়া হৈছে। নিৰ্বাচনৰ ফলাফল ২৩ নৱেম্বৰত ঘোষণা কৰা হ’ব। ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ ১৪৫খন আসন জয় লাভ লাগিব।

২০১৯ চনত ভাৰতীয় জনতা পাৰ্টীয়ে ১০৫ খন আসন লাভ কৰি সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছিল। কিন্তু এনচিপি, শিৱসেনা আৰু কংগ্ৰেছে একেলগে চৰকাৰ গঠন কৰিছিল।
অৱশ্যে ২০২২ চনত শিৱসেনাত বিভাজন হোৱাৰ পাছত, বিজেপিয়ে ক্ষমতালৈ অহাৰ সুযোগ পাইছিল।

দীপাৱলীত ডায়েবেটিছ ৰোগীসকলে কোনবোৰ মিঠাই খাব লাগে?
দীপাৱলীৰ দিনা এই স্থানত জ্বলাওক চাকি, দেৱী লক্ষ্মী বাস কৰিব আপোনাৰ ঘৰত!
অলপো নোৰোৱাকৈ ভাৰতৰ পৰা আমেৰিকা পৰ্যন্ত উৰি যাব পাৰে এইবিধ চৰাই
দেশী ঘিঁউত কি ভিটামিন অধিক পৰিমাণে পোৱা যায়, বিশেষজ্ঞই দিছে সম্ভেদ