Sarbananda Sonowal : কংগ্ৰেছ মানেই ‘সাম্প্ৰদায়িকতা, দুৰ্নীতি আৰু সংঘাত’ : সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিহালীৰ নিৰ্বাচনী প্ৰচাৰ সভাত দাবী কৰে যে, বছৰ বছৰ ধৰি কংগ্ৰেছ চৰকাৰৰ অপশাসনৰ অধীনত কেন্দ্ৰ আৰু ৰাজ্য উভয়তে জনসাধাৰণে বহুত কষ্ট সহ্য কৰিবলগীয়া হৈছিল। কংগ্ৰেছৰ শাসন ব্যৱস্থা আৰু ৰাজনীতি বিভাজনকামী কৌশলত শিপাই আছে।

Sarbananda Sonowal : কংগ্ৰেছ মানেই সাম্প্ৰদায়িকতা, দুৰ্নীতি আৰু সংঘাত : সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Updated On: 

11 Nov 2024 08:12 AM

বিৰোধী কংগ্ৰেছ মানেই ‘সাম্প্ৰদায়িকতা, দুৰ্নীতি আৰু সংঘাত’ । এই দাবীৰে ৰাজ্যৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দেওবাৰে বিহালী সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । যোৱা দেওবাৰে বিজেপিৰ বিহালী সমষ্টিৰ প্ৰাৰ্থী দিগন্ত ঘটোৱাৰৰ সমৰ্থনত দুখনকৈ ৰাজহুৱা সভাত ভাষণ দিয়ে কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রীগৰাকীয়ে ।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দাবী কৰে যে,’বছৰ বছৰ ধৰি কংগ্ৰেছ চৰকাৰৰ অপশাসনৰ অধীনত কেন্দ্ৰ আৰু ৰাজ্য উভয়তে জনসাধাৰণে বহুত কষ্ট সহ্য কৰিবলগীয়া হৈছিল। কংগ্ৰেছৰ শাসন ব্যৱস্থা আৰু ৰাজনীতি বিভাজনকামী কৌশলত শিপাই আছে।” জনসভাত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে লগতে কয়, ‘বছৰ বছৰ ধৰি কৰা কুকৰ্মৰ দ্বাৰা কংগ্ৰেছ মানে সাম্প্ৰদায়িকতা, দুৰ্নীতি আৰু সংঘাত হিচাপে পৰিচিত হৈ আহিছে । যেতিয়া আপুনি আপোনাৰ পৰৱৰ্তী প্ৰতিনিধি নিৰ্বাচনৰ বাবে ভোট দিবলৈ ওলাই যায়, তেতিয়া আপুনি জাতিৰ স্বাৰ্থত ভোট দিব লাগে।’

সৰ্বানন্দ সোণোৱালে দাবী কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নৰ কাৰ্যসূচীত জনসাধাৰণৰ আস্থাই প্ৰগতিৰ নতুন জোৱাৰ আনিছে আৰু উৎসাহ যোগাইছে । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ মাজত বৰ্তমানৰ চৰকাৰৰ উন্নয়নৰ কাৰ্যসূচীৰ সামগ্ৰিক প্ৰতিফলন দেখিবলৈ পোৱা গৈছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । ‘বিজেপিৰ নেতৃত্বত এন ডি এয়ে প্ৰতিজন ভাৰতীয়ৰ প্ৰগতি, সমতা, মৰ্যাদা আৰু সমৃদ্ধিৰ স্বাৰ্থত কাম কৰিছে । বৰ্তমানৰ চৰকাৰে বিগত দশকবোৰত দেখা পোৱা দুৰ্নীতি, পক্ষপাতিত্ব আৰু দুৰ্বল শাসনৰ পৰা দেশখন উদ্ধাৰ কৰি পৰিৱৰ্তনশীল অগ্ৰগতিৰ সূচনা কৰিছে ।’ ভাষণত এই দাবী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে, ‘বিজেপি চৰকাৰে জনগোষ্ঠীসমূহক সবল কৰি তোলাৰ লগতে সমগ্ৰ দেশৰ মানুহৰ জীৱন উন্নত কৰিছে । আনহাতে কংগ্ৰেছ শাসনৰ সময়ত প্ৰণালীবদ্ধ অন্যায়ৰ বোজা বহন কৰিবলগীয়া হোৱাৰ কথা যুৱক-যুৱতীসকলে অনুভৱ কৰিছিল বুলি অভিযোগ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । সোণোৱালে কয়, “আজি আমি সেই সময় অতিক্ৰম কৰি আহিছো । ভৱিষ্যতৰ দিশলৈ চাই আমি আগুৱাই যোৱাৰ পথ গঢ় দিয়া কথা মনত ৰখাটো অতি প্ৰয়োজনীয়।’ এখন উন্নত, শক্তিশালী ভাৰত গঢ়াৰ দিশত যাত্ৰা অব্যাহত ৰখাৰ আশ্বাস দিয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে, বিহালী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘটোৱাৰৰ বিৰুদ্ধে কংগ্ৰেছে জয়ন্ত বৰাক প্ৰক্ষেপ কৰিছে । চি পি আই (এম এল)পৰা লখিকান্ত কুৰ্মী আৰু আপৰ পৰা অনন্ত গগৈয়েও বিহালী বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । আজি উপ-নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব । অহা ১৩ নৱেম্বৰত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু ২৩ নৱেম্বৰত প্ৰকাশ পাব ফলফাল ।

INPUT-PTI

Latest Stories
Assam by election: আনুষ্ঠানিকভাৱে সামৰণি পৰিল উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ! সন্ধিয়া ৫ বজালৈ ৫ সমষ্টিত ভোটদানৰ হাৰ কিমান?
Assam by election: চামগুৰিত পুনৰ উত্তপ্ত পৰিস্থিতি, ৩ কংগ্ৰেছীৰ বিৰুদ্ধে ভোটকেন্দ্ৰ দখলৰ চেষ্টা কৰাৰ অভিযোগ!
Assam by election: চামগুৰিত ৰকিবুল হুছেইনৰ কনভয়ত আক্ৰমণ, ভাঙিল সাংবাদিকৰ বাহন!
Assam By-Elections 2024: কাইলৈ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ…কোন সমষ্টিত কিমান সংখ্যক ভোটাৰে কিমান জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ?
ধৃতৰাষ্ট্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! চামগুৰি কাণ্ডক গৰিহণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ
Samaguri Violence : যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হৈছে চামগুৰি ! নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংঘটিত গুলীচালনা ঘটনাৰে কোন জড়িত ?
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!