ওমৰ আব্দুল্লা জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হ'ব : ফাৰুক আব্দুল্লা | Vidhan Sabha Election Result 2024: Omar abdullah will be chief minister of Jammu kashmir: Farooq Abdullah Assam news - Assam Tv9

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হ’ব ওমৰ আব্দুল্লা, ফাৰুক আব্দুল্লাৰ ডাঙৰ ঘোষণা…

ফলাফলৰ মাজতে নেচনেল কনফাৰেন্স দলৰ মুৰব্বী ফাৰুক আব্দুল্লাই ডাঙৰ ঘোষণা কৰিছে। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে ওমৰ আব্দুল্লা নাম উল্লেখ কৰিছে ফাৰুক আব্দুল্লাই । মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী কোন হ’ব বুলি সোধাত দলৰ জ্যেষ্ঠ নেতা আব্দুল্লাই সাংবাদিকৰ আগত কয় যে, ওমৰ আব্দুল্লা মুখ্যমন্ত্ৰী হ’ব।

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হব ওমৰ আব্দুল্লা, ফাৰুক আব্দুল্লাৰ ডাঙৰ ঘোষণা...

ফাৰুক আব্দুল্লা আৰু ওমৰ আব্দুল্লা

Published: 

08 Oct 2024 15:12 PM

জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰাৰ দিশে এন চি-কংগ্ৰেছৰ মিত্ৰতা। ফলাফলৰ মাজতে নেচনেল কনফাৰেন্স দলৰ মুৰব্বী ফাৰুক আব্দুল্লাই ডাঙৰ ঘোষণা কৰিছে। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে ওমৰ আব্দুল্লা নাম উল্লেখ কৰিছে ফাৰুক আব্দুল্লাই । মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী কোন হ’ব বুলি সোধাত দলৰ জ্যেষ্ঠ নেতা আব্দুল্লাই সাংবাদিকৰ আগত কয় যে, ওমৰ আব্দুল্লা মুখ্যমন্ত্ৰী হ’ব।

এন চিৰ সভাপতিগৰাকীয়ে লগতে কয় যে, এই ফলাফলে প্ৰমাণ কৰিছে যে, জম্মু-কাশ্মীৰৰ জনসাধাৰণে ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰোধীতা কৰে । ২০১৯ চনৰ ৫ আগষ্টত লোৱা সিদ্ধান্ত তেওঁলোকৰ বাবে গ্ৰহণযোগ্য নহয়, এই কথা এইবাৰ নিৰ্বাচনত ভোটদানৰ জৰিয়তে ৰাইজে স্পষ্ট কৰি দিছে বুলি কয় ফাৰুক আব্দুল্লাই ।

হিন্দু আৰু মুছলমানৰ মাজত ভাতৃত্ববোধ বৃদ্ধি কৰিব লাগিব : ফাৰুক আব্দুল্লা

ফাৰুক আব্দুল্লাই লগতে কয় যে ,’আমি আশা কৰিছো যে, আমি জনসাধাৰণৰ আশা পূৰণ কৰিম আৰু তেওঁলোকৰ সমস্যা সমাধান কৰিম। মই বিশ্বাস কৰোঁ যে মানুহে আমাৰ কথা শুনিছে আৰু আমাক বিশ্বাস কৰিছে, মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞ। আমি এই হেঁচা শেষ কৰিব লাগিব, ইয়াত ৰাজহুৱা শাসন হ’ব, আৰক্ষীৰ শাসন নহয়। আমি নিৰীহ মানুহক জেলৰ পৰা উলিয়াই আনিব লাগিব, সঁচা কথা কোৱাৰ বাবে জেলত থকা মিডিয়া মানুহক জেলৰ পৰা উলিয়াই আনিব লাগিব । আমাৰ একমাত্ৰ অনুৰোধ যে আমি ঘৃণা বৃদ্ধি কৰিব নালাগে, আমি প্ৰেম বৃদ্ধি কৰিব লাগিব। আমি হিন্দু আৰু মুছলমানৰ মাজত ভাতৃত্ববোধ বৃদ্ধি কৰিব লাগিব।’

আমাক ধ্বংস কৰিবলৈ অহা সকলৰ কোনো লেখ-জোখ নাই:ওমৰ আব্দুল্লা

ইফালে, জম্মু-কাশ্মীৰ নেচনেস কনফাৰেন্সৰ উপ-সভাপতি তথা গাণ্ডাৰবাল আৰু বুডগাম বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ওমৰ আব্দুল্লাই কয় যে, ‘মই বুডগামৰ ভোটাৰসকলক ধন্যবাদ জনাইছো, যিসকলে মোক তেওঁলোকৰ বহুমূলীয়া ভোটেৰে পুৰস্কৃত কৰি মোক ইয়াৰ পৰাই সফল কৰি তুলিলে। যোৱা ৫ বছৰে নেচনেল কনফাৰেন্সক বাহিৰ কৰিবলৈ সকলো প্ৰচেষ্টা চলোৱা হৈছিল। তেওঁৰ উদ্দেশ্য আছিল নেচনেল কনফাৰেন্সক ধ্বংস কৰা। খেলপথাৰত আমাক ধ্বংস কৰিবলৈ অহা সকলৰ কোনো লেখ-জোখ নাছিল। আমাৰ দায়িত্ব বাঢ়িল।’

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?