5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Wayanad By-Election result 2024 : ৰাহুলৰ অভিলেখ ভংগ কৰি সংসদত প্ৰৱেশ কৰিবলৈ সাজু প্ৰিয়ংকা, জয়ৰ সন্দৰ্ভত কি কলে প্ৰিয়ংকাই…?

কেৰালাৰ ৱায়ানাড লোকসভাৰ আসনৰ উপ-নিৰ্বাচনত ৪,১০,৯৩১ টা ভোটৰ ব্যৱধানত জয় লাভ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে । দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক কাষত লৈ প্ৰিয়ংকা গান্ধীয়ে কয়, মই ৱায়ানাডৰ জনসাধাৰণক ধন্যবাদ জনাইছো যে তেওঁলোকে মোক এই সন্মান দিছে ।

Wayanad By-Election result 2024 : ৰাহুলৰ অভিলেখ ভংগ কৰি সংসদত প্ৰৱেশ কৰিবলৈ সাজু প্ৰিয়ংকা, জয়ৰ সন্দৰ্ভত কি কলে প্ৰিয়ংকাই…?
ৱায়ানাডৰ পৰা সংসদত প্ৰৱেশ কৰিবলৈ সাজু প্ৰিয়ংকা
manas-borah
Manas Borah | Published: 23 Nov 2024 18:23 PM

লোকসভাত ৱায়ানাডৰ জনতাৰ কণ্ঠক আগুৱাই লৈ যাবলৈ আগ্ৰহ প্ৰকাশ কৰি ৱায়ানাডৰ জয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী তথা কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধীয়ে । উল্লেখ্য় যে, কেৰালাৰ ৱায়ানাড লোকসভাৰ আসনৰ উপ-নিৰ্বাচনত ৪,১০,৯৩১ টা ভোটৰ ব্যৱধানত জয় লাভ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে । দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক কাষত লৈ প্ৰিয়ংকা গান্ধীয়ে কয়,’মই ৱায়ানাডৰ জনসাধাৰণক ধন্যবাদ জনাইছো যে তেওঁলোকে মোক এই সন্মান দিছে ।’

কংগ্ৰেছ নেত্ৰী গৰাকীয়ে কয় যে, ‘ৱায়ানাডৰ ৰাইজে মোৰ প্ৰচাৰৰ সময়ত যিধৰণে মোক মৰম দিছিল, সেই একে ধৰণে ৱায়ানাডৰ জনসাধাৰণে মোক ভোট দিছে। সেয়া হৈছে, মোৰ ভাইটিয়ে কৰা কঠোৰ পৰিশ্ৰম আৰু তেওঁৰ প্ৰতি তেওঁলোকৰ প্ৰেম আৰু মোৰ ওপৰত তেওঁলোকৰ আস্থাৰ প্ৰমাণ।’ লগতে সাংবাদিকৰ আগত প্ৰিয়ংকাই কয় যে,‘মই অনুভৱ কৰোঁ যে ই এক বৃহৎ সন্মান আৰু মই ইয়াক সম্পূৰ্ণৰূপে সন্মান কৰিম।’

ইয়াৰ পূৰ্বে এক্সত প্ৰিয়ংকা গান্ধীয়ে এটা পোষ্টত কয়,’ৱায়ানাডৰ মোৰ মৰমৰ ভগ্নী আৰু ভাতৃসকল, আপোনালোকে মোৰ ওপৰত যি আস্থা ৰাখিছে তাৰ বাবে মই কৃতজ্ঞতা প্ৰকাশ কৰিছো ।’ সংসদত ৱায়ানাডৰ কণ্ঠ হ’বলৈ আগ্ৰহী বুলি মন্তব্য প্ৰকাশ কৰে প্ৰিয়ংকা গান্ধীয়ে । তেওঁ লগতে কয় যে, ৱায়ানাডৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ বাবে তেওঁলোকৰ মাজৰে এজন হিচাপে যুঁজ দি যাম বুলি মন্তব্য প্ৰকাশ কৰে প্ৰিয়ংকা গান্ধীয়ে ।

উল্লেখ্য যে, যোৱা লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে দুখনকৈ আসনত জয়লাভ কৰিছিল । এখন হৈছে ৰায়বৰেলী আৰু আনখন ৱায়ানাড । দুয়োখন আসতন জয়লাভ কৰাৰ বাবে ৱায়ানাড আসনখন ত্যাগ কৰিবলগীয়া হয় ৰাহুল গান্ধীয়ে। যাৰ ফলস্বৰূপে এই আসনখন খালী হৈ পৰাত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে । এই নিৰ্বাচনত কংগ্ৰেছে প্ৰাৰ্থী হিচাপে ৰাহুল গান্ধীৰ ভগ্নী প্ৰিয়ংকা গান্ধীক প্ৰক্ষেপ কৰে ।

বছৰ বছৰ ধৰি চলা জল্পনা-কল্পনাৰ অন্তত অৱশেষত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৱায়ানাডৰ পৰা জয়লাভ কৰি লোকসভাত প্ৰৱেশ কৰিছে। মনকৰিবলগীয়া যে, ২০১৯ চনত আনুষ্ঠানিকভাৱে ৰাজনীতিত ভৰি দিছিল প্ৰিয়ংকা গান্ধীয়ে আৰু তাৰ পিছত কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা দায়িত্ব লাভ কৰিছিল। ইয়াৰ পাঁচ বছৰৰ পাছত প্ৰিয়ংকা গান্ধীয়ে ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধি হিচাপে যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে।

কেৰালাৰ ৱায়ানাডত ৰাহুল গান্ধীৰ ৰেকৰ্ড ভংগ কৰি ৪.১ লাখতকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে । হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচনী পৰাজয়ৰ পাছত দলটোৰ এনে কঠিন সময়ত সংসদত প্ৰৱেশ কৰিবলৈ সাজু হৈছে প্ৰিয়ংকা গান্ধীয়ে ।

Latest News