5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Wayanad By Election Result 2024: ৱায়ানাডত প্ৰিয়ংকা গান্ধীৰ ধুমুহা, ৪ লাখতকৈও অধিক ভোটৰ ব্যৱধানত জয়লাভ!

ৱায়ানাড লোকসভা আসনত প্ৰিয়ংকা গান্ধীৰ বৃহৎ জয়। ভাৰতীয় কমিউনিষ্ট পাৰ্টি (CPM)ৰ নেতৃত্বত বাওঁ গণতান্ত্ৰিক মৰ্চাই তেওঁৰ বিৰুদ্ধে সত্যন মোকেৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। ইফালে নব্যা হৰিদাস এনডিএ মিত্ৰজোঁটৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

Wayanad By Election Result 2024: ৱায়ানাডত প্ৰিয়ংকা গান্ধীৰ ধুমুহা, ৪ লাখতকৈও অধিক ভোটৰ ব্যৱধানত জয়লাভ!
ৱায়ানাডত প্ৰিয়ংকা গান্ধীৰ জয়লাভ
trishna-kalita
Trishna Kalita | Updated On: 23 Nov 2024 23:57 PM

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ পদত্যাগৰ পিছত খালী হৈ পৰিছিল কেৰালাৰ ৱায়ানাড লোকসভা আসন। তাৰ পাছতে কেৰালাৰ ৱায়ানাড লোকসভা আসনৰ বাবে অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচন। যিটো ২৩ নৱেম্বৰ শনিবাৰে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। কংগ্ৰেছে এই নিৰ্বাচনত প্ৰিয়ংকা গান্ধীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। আজি আছিল উপ-নিৰ্বাচনৰ ভোটগণনা ।

নিৰ্বাচন আয়োগৰ মতে, প্ৰিয়ংকা গান্ধীয়ে ৱায়ানাড আসনত ৬,২২,৩৩৮ টা ভোট লাভ কৰিছে। আনহাতে চিপিআই প্ৰাৰ্থী সত্যন মোকেৰীয়ে ২,১১,৪০৭ টা ভোট লাভ কৰিছে। ইফালে তৃতীয় স্থানত আছে বিজেপি প্ৰাৰ্থী নব্যা হৰিদাসে ১,০৯,৯৩৯ টা ভোট লাভ কৰিছে। চিপিআইক ৪,১০,৯৩১ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাজিত কৰিছে প্ৰিয়ংকা গান্ধীয়ে ।

ৰাহুল গান্ধীয়ে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত একেৰাহে দ্বিতীয়বাৰৰ বাবে এই আসনখন জয় হৈছিল। তেওঁ চিপিআই(এম)ৰ প্ৰাৰ্থী এনি ৰাজাক ৩,৬৪,০০০ তকৈও অধিক ভোটত পৰাজিত কৰিছিল।যোৱা নিৰ্বাচনত, ৱায়ানাড লোকসভা আসনত ৭৩.৫৭ শতাংশ ভোটদান হৈছিল। সেই সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মুঠ ৬,৪৭,৪৪৫ টা ভোট লাভ কৰিছিল। আনহাতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী এ ৰাজাই মাত্ৰ ২,৮৩,০২৩ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। একেদৰে, তৃতীয় স্থানত থকা বিজেপি প্ৰাৰ্থী কে সুৰেন্দ্ৰনে মাত্ৰ ১,৪১,০৪৫ টা ভোট লাভ কৰিছিল।

এইবাৰ ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ (ইউডিএফ) প্ৰাৰ্থী আছিল কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী। তেওঁৰ বিপক্ষে সত্যন মোকেৰীক ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) (চিপিএম)ৰ নেতৃত্বত বাওঁ গণতান্ত্ৰিক মৰ্চাৰ দ্বাৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। ইফালে, বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে নব্যা হৰিদাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা । এই উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল মুঠ ১৬ জন প্ৰাৰ্থীয়ে ।

২০১৯ৰ লোকসভা নিৰ্বাচনত, ৰাহুল গান্ধীয়ে এই আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল আৰু মুঠ ৭০৬,৩৬৭ টা ভোট লাভ কৰিছিল। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ৰাহুল গান্ধীয়ে মুঠ ৬৪.৯৪ শতাংশ ভোট লাভ কৰিছিল। সেই সময়ত দ্বিতীয় স্থানত অহা চিপিআই(এম)ৰ প্ৰাৰ্থী পি পি চুনিৰে মাত্ৰ ২,৭৪,৫৯৭ টা ভোট লাভ কৰিছিল। এই আসনত, প্ৰয়াত কংগ্ৰেছ নেতা এম.আই. শানাভাসে ২০০৯ আৰু ২০১৪ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০১৮ চনত তেওঁৰ মৃত্যুৰ পিছত, ৰাহুল গান্ধীয়ে ২০১৯ৰ নিৰ্বাচনত এই আসনৰ পৰা মনোনয়ন দাখিল কৰিছিল।

Latest News