১৫খন চহৰ, ৩৫টা দল…৭২ ঘণ্টাৰ অন্তত আৰক্ষীয়ে কিদৰে গ্ৰেপ্তাৰ কৰিলে ছেইফ আলী খানৰ আক্ৰমণকাৰীক?
Saif Ali Khan Attack Case: ৭২ ঘণ্টাৰ দীঘলীয়া তদন্তৰ পিছত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছেইফৰ আক্ৰমণকাৰীক। এই অভিযানত নিযোজিত আছিল ১০০তকৈও অধিক অনুসন্ধানকাৰী বিষয়াৰ এটা দল। আৰক্ষীয়ে জনোৱা মতে বাংলাদেশৰ পৰা আহিছে অভিযুক্তজন। কিন্তু কেনেকৈ ধৰা পৰিল আক্ৰমণকাৰী?
৭২ ঘণ্টাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে ছেইফ আলী খানৰ আক্ৰমণকাৰীক । আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ মুম্বাই আৰক্ষী আৰু অপৰাধ শাখাৰ প্ৰায় ৩৫টা দল একত্ৰিত হৈছিল। দলটোত আছিল ১০০ জনতকৈও অধিক বিষয়া। ১৫ খনতকৈও অধিক চহৰত আক্ৰমণকাৰীৰ অনুসন্ধানত চলিছিল অভিযান। অৱশেষত অভিযুক্তজনক থানেৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। ছৈফৰ আক্ৰমণকাৰী মহম্মদ ছৰিফুল ইছলামক আৰক্ষীয়ে কেনেকৈ গ্ৰেপ্তাৰ কৰিলে? আৰম্ভণিৰে পৰা শেষলৈ এই প্ৰতিবেদন সকলো জানক..
কেনেকৈ আৰক্ষীৰ জালত পৰিল আক্ৰমণকাৰী?
- মুম্বাই চহৰ, মুম্বাই উপনগৰ, থানে, পালঘৰ, ভাচাই, বিৰাৰ, মীৰা ভায়ান্দৰ, নৱী মুম্বাই, ৰায়গড়, মধ্য প্ৰদেশ, ছত্তীশগড়, উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো চহৰৰ আৰক্ষীয়েও চিচিটিভিত বন্দী হোৱা ফটোৰ ভিত্তিত অভিযুক্তজনক তেওঁলোকৰ নিজ নিজ অঞ্চলত আটক কৰিবলৈ অভিযান চলাইছিল।
- মুম্বাই আৰক্ষী আয়ুক্ত বিবেক ফানচালকাৰ, বিশেষ চিপি দেৱেন ভাৰতী, যুটীয়া চিপি (আইন-শৃংখলা ) সত্যনাৰায়ণ চৌধুৰী আৰু যুটীয়া চিপি (ক্ৰাইম)ৰ তত্বাৱধানত মুম্বাই আৰক্ষীৰ ৩৫টা দলে চহৰখনৰ চৌদিশে অভিযান চলাই।
- মুম্বাই আৰক্ষীয়ে মুঠ ৬জন সন্দেহজনক লোকক আটক কৰিছিল যিসকলক অভিযুক্ত আক্ৰমণকাৰীৰ দৰে দেখা গৈছিল আৰু তেওঁলোকক কেইবা ঘণ্টা ধৰি সোধা-পোছা কৰা হৈছিল।
- বান্দ্ৰা ৰে’ল ষ্টেচন, দাদৰ ৰে’ল ষ্টেচনৰৰ ৰে’লৱে আৰক্ষীয়ে অভিযুক্তজনৰ সন্ধানত দিন-নিশাই কাম কৰিছিল। অভিযুক্ত বিজয় দাস ওৰফে মহম্মদ আলিয়ান খাৰে ছেইফ আলী খানৰ ঘৰত আক্ৰমণ কৰি বান্দ্ৰা ৰেল ষ্টেচনলৈ আৰু তাৰ পৰা দাদৰলৈ গৈছিল।
- দাদৰত, তেওঁ এডাল হেডফোন কিনি থানেলৈ পলাই গৈছিল। তেওঁ থানেৰ মেংগ্ৰোভ অৰণ্যৰ হিৰাানন্দনী অঞ্চলত শ্ৰমিকসকলৰ অস্থায়ী বস্তিত লুকাই আছিল।
- সেই এলেকাৰ আন শ্ৰমিকসকলক অভিযুক্তজনে নিজক বিজয় দাস বুলি চিনাকি দিছিল। তেওঁ নিজকে বঙালী বুলি উল্লেখ কৰিছিল। কিন্তু নথিপত্ৰৰ অভাৱৰ বাবে লগে লগে কাম পোৱা নাছিল। অভিযুক্তজনে এটা নিৰ্মাণ ক্ষেত্ৰত শ্ৰমিক হিচাপে কাম কৰাৰ কথা কৈছিল।
- বান্দ্ৰা আৰক্ষী আৰু অপৰাধ শাখাৰ এটা দলৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰিছিল অভিযুক্তক। আৰক্ষীয়ে তেওঁক হিৰাানন্দনী ইষ্টেটৰ এটা নিৰ্মাণ ক্ষেত্ৰত ট্ৰেক কৰিছিল। য’ত তেওঁ জোপোহাৰ মাজত লুকাই আছিল।
ছেইফৰ আক্ৰমণকাৰী বাংলাদেশৰ বাসিন্দা
ছেইফ আলী খানক আক্ৰমণ কৰা ব্যক্তিজন বাংলাদেশৰ বাসিন্দা। মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰিছে এই কথা। আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি, অভিযুক্তজন বাংলাদেশৰ ঝালোকাথিৰ ৰাজাবাৰিয়া গাঁৱৰ বাসিন্দা । তেওঁ ৫-৬ মাহ আগতে মুম্বাইলৈ আহিছিল। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল লোকজনে। যাব বাবে নিজৰ নাম লুকুৱাবলৈ ভাৰতত বিজয় দাস নামেৰে বাস কৰি আছিল। অভিযুক্তজনৰ ওচৰত কোনো ভাৰতীয় নথি নাই। তেওঁ নিজৰ পৰিচয় লুকুৱাবলৈ কেইবাটাও নাম সলনি কৰিছিল। অভিযুক্ত ছৰিফুলক বান্দ্ৰা পূব আদালতত হাজিৰ কৰাব মুম্বাই আৰক্ষীয়ে। আৰক্ষীয়ে আদালতৰ পৰা বিচাৰিব ছৰিফুলৰ ৰিমাণ্ড।