শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দুদিনত মুকলি হ’ল ৫খনকৈ ছবিৰ ট্ৰেইলাৰ… অক্ষয়, অজয়ৰ পৰা চনু সুদলৈ সকলো আহিব নতুন ৰূপত!

২০২৫ চনটো বলীউডৰ বাবে বিভিন্ন ধৰণে বিশেষ হ'বলৈ গৈ আছে। বিগত দুদিনত যিধৰণে চলচ্চিত্ৰসমূহৰ ট্ৰেইলাৰ মুক্তি দিয়া হৈছে। তাৰ পৰা এইটো স্পষ্ট যে ২০২৫ চনত ডাঙৰ তাৰকাসকলৰ বহুতো মনোৰঞ্জনমূলক চলচ্চিত্ৰ দেখা যাব। শেহতীয়া ৫খন চলচ্চিত্ৰৰ ট্ৰেইলাৰৰ বিষয়ে জানো আহক।

দুদিনত মুকলি হ’ল ৫খনকৈ ছবিৰ ট্ৰেইলাৰ… অক্ষয়, অজয়ৰ পৰা চনু সুদলৈ সকলো আহিব নতুন ৰূপত!
দুদিনত মুকলি হ'ল ৫খনকৈ ছবিৰ ট্ৰেইলাৰ
trishna-kalita
Trishna Kalita | Updated On: 08 Jan 2025 14:49 PM

২০২৩ চনত বলীউডৰ এনে বহুতো চলচ্চিত্ৰ দৰ্শকৰ মাজলৈ আহিছিল, যিয়ে বিগত ২-৩ বছৰৰ খৰাং কাল সমাপ্ত কৰিছিল। লগতে অনুৰাগীসকলক যথেষ্ট মনোৰঞ্জন দিছিল। এই ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছিল শ্বাহৰুখ খানে । এই বছৰ ছানী দেওলে গদাৰ ২ ছবিখন লৈ দৰ্শকৰ মাজলৈ আহিছিল। এই ছবিখনৰ জৰিয়তে জিলিকি উঠিছিল তেওঁৰ ভাগ্য।  কিন্তু ২০২৪ৰ চনতো ২০২৩ৰ দৰে নাছিল। এই বছৰৰ আৰম্ভণিৰ পৰা, দক্ষিণৰ চলচ্চিত্ৰসমূহে আধিপত্য বিস্তাৰ কৰা দেখা গৈছে। কিন্তু ২০২৫ চনত বলীউডৰ ছবিসমূহে আকৌ এবাৰ আধিপত্য বিস্তাৰ কৰিব বুলি আশা কৰা হৈছে।। বিগত ২-৩ দিনত শ্বেয়াৰ কৰা হৈছে বহুতো চলচ্চিত্ৰৰ ট্ৰেইলাৰ আৰু টিজাৰ । সোনকালেই মুক্তি পাব এইসমূহ ছবি । অৰ্থাৎ অনুৰাগীসকলে ডাঙৰ তাৰকাসকলৰ চিনেমাবোৰ একেলগে চাবলৈ সুযোগ পাব। এই ২ দিনত কিমানখন চলচ্চিত্ৰৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে আৰু কাৰ কিমান শক্তি আছে?

আজাদ

অজয় দেৱগনৰ ছবি আজাদ বিগত বছৰৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰিছিল। ইতিমধ্যে এই ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। যিখন অনুৰাগীসকলেও খুব পচন্দ কৰা দেখা গৈছে। ছবিখনৰ ট্ৰেইলাৰ ৬ জানুৱাৰীত মুক্তি দিয়া হৈছিল।  তেতিয়াৰ পৰা, ইয়াৰ ট্ৰেইলাৰে অনুৰাগীসকলৰ পৰা ভাল সঁহাৰি লাভ কৰিছে। অজয় দেৱগনক এনে চৰিত্ৰত দেখি অনুৰাগীসকলৰ মনত আশাৰ সঞ্চাৰ হোৱা দেখা গৈছে এক ঐতিহাসিক পটভূমিত নিৰ্মাণ কৰা হৈছে চলচ্চিত্ৰখন কাহিনী । ১৭ জানুৱাৰীত ছবিগৃহলৈ আহিব আজাদ।

ইমাৰ্জেন্সী

কংগনা ৰাণাৱটে ইমাৰ্জেন্সী চলচ্চিত্ৰখনৰ লৈ বিগত ২ বছৰ ধৰি চৰ্চা চলি আছে।  ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ভূমিকাত দেখা গৈছে কংগনা ৰাণাৱটক। ছবিখনৰ ট্ৰেইলাৰে লাভ কৰিছে দৰ্শকৰ মিশ্ৰিত সঁহাৰি। এইখন এখন ৰাজনৈতিক চলচ্চিত্ৰ।  দীৰ্ঘদিন ধৰি এই ছবিখনৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।

ফাতেহ

চনু সুদৰ ছবি ফাতেহ ছবিগৃহত নক প্ৰৱেশ কৰিবলৈ সাজু হৈছে। এই চলচ্চিত্ৰখনত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিব চনু সুদে। সীমাহীন এক্সনেৰে পৰিপূৰ্ণ হ’ব এই চলচ্চিত্ৰখন। চনুৱে নিজে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় আছে। অভিনেগৰাকীত ছবিখনত চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়া দেখা গৈছে। আনঅভিনেতাসকলৰ ভিতৰত আছে নাছিৰুদ্দিন শ্বাহ আছে।

বেডচ ৰবি কুমাৰ

তেওঁৰ বিশেষ কণ্ঠ আৰু শক্তিশালী সংগীত প্ৰযোজনাৰ বাবে জনাজাত হিমেশ ৰেশমিয়ায়ো  অভিনয় কৰিছে বহুতো চলচ্চিত্ৰত। শেষবাৰৰ বাবে তেওঁক দ্বৈত চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। এতিয়া আকৌ এবাৰ তেওঁক এখন শক্তিশালী এক্সন ছবিত দেখা যাব। ইতিমধ্যে এই চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। যিয়ে অনুৰাগীসকলৰ পৰা লাভ কৰিছে সেউজ সংকেত।

স্কাই ফৰ্চ

এটা বিশেষ পৰ্বত দৰ্শকৰ মাজলৈ আহি আছে অক্ষয় কুমাৰৰ ছবি স্কাই ফৰ্চ। প্ৰতি বছৰে গণৰাজ্য দিৱসত দেশপ্ৰেমৰ  ওপৰত বহুতো চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। যিবোৰো দৰ্শকে যথেষ্ট পচন্দ কৰে। এইবাৰো বিশেষ দিনটো এখন ডাঙৰ চিনেমা আহি আছে। ছবিখনত অক্ষয় কুমাৰে এনে চৰিত্ৰ ৰূপায়ন কৰিছে যাক লৈ অনুৰাগীসকলেও উৎসাহী হৈ পৰিছে। এতিয়া তেওঁ এই চলচ্চিত্ৰখনৰ জৰিয়তে ২০২৫ চনতো কেনেদৰে আৰম্ভ কৰে, এইটো চাবলগীয়া বিষয় হ’ব।

Latest News