অন্ত পৰিল পাঁচ বছৰীয়া বিবাদঃ জাভেদ আখতাৰৰ ওচৰত ক্ষমা খুজিলে কংগনাই, হাস্যবদনে তুলিলে ফটো
এক বিতৰ্কিত মন্তব্যৰ আঁত ধৰি ২০২০ চনত জাভেদ আখতাৰে কংগনাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল। পাঁচ বছৰীয়া এই আইনী যুঁজ আজি পাৰস্পৰিক সন্মতিৰে নিষ্পত্তি কৰিছে দুয়োপক্ষই। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে কংগনা ৰাণাৱটে আজি এই বিষয়ে জানিবলৈ দিছে।

প্ৰায়েই সংবাদ শিৰোনাম দখল কৰি আহিছে বলীউডৰ অভিনেত্ৰী তথা বৰ্তমানৰ নিজেপি সাংসদ কংগনা ৰাণাৱটে। কেতিয়াবা যদি বিতৰ্কিত মন্তব্যৰ বাবে, কেতিয়াবা আকৌ আন কোনো বিষয়ৰ বাবে বাতৰিৰ শিৰোনাম হৈ পৰে অভিনেত্ৰীগৰাকী। এইবাৰ পুনৰ চৰ্চালৈ আহিছে কংগনা ৰাণাৱট। অৱশ্যে কোনো বিতৰ্কৰ বাবে নহয়, এইবাৰ বিতৰ্কৰ অৱসান ঘটোৱাৰ বাবে তেওঁ আলোচনাৰ বিষয় হৈ পৰিছে। বলীউড জগতৰ এক বহুচৰ্চিত বিতৰ্কৰ অন্ত পেলাই সম্প্ৰতি বিজেপি সাংসদগৰাকী সংবাদ শিৰোনাম হৈ পৰিছে। দৰাচলতে কংগনা ৰাণাৱটে আজি অন্ত পেলাইছে জাভেদ আখতাৰৰ সৈতে ৫ বছৰীয়া আইনী যুঁজৰ।
এক বিতৰ্কিত মন্তব্যৰ আঁত ধৰি ২০২০ চনত জাভেদ আখতাৰে কংগনাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল। পাঁচ বছৰীয়া এই আইনী যুঁজ আজি পাৰস্পৰিক সন্মতিৰে নিষ্পত্তি কৰিছে দুয়োপক্ষই। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে কংগনা ৰাণাৱটে আজি এই বিষয়ে জানিবলৈ দিছে। শেহতীয়াকৈ কংগনাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এক ষ্ট’ৰী শ্বেয়াৰ কৰিছে। এই ষ্ট’ৰীটোত কংগনাক জাভেদ আখতাৰৰ সৈতে একেলগে দেখা গৈছে।
এই ফটোখনৰ ওপৰতে তেওঁ লিখিছে যে আজি জাভেদ আখতাৰ আৰু তেওঁৰ মাজত থকা আইনী বিষয় পাৰস্পৰিক সন্মতিৰে সমাধান কৰা হৈছে। জাভেদ আখতাৰে অতি দয়ালু আৰু মাৰ্জিতআচৰণ দাঙি ধৰি আহিছে বুলি প্ৰসংসাত পঞ্চমুখ হৈ কংগনাই লগতে তেওঁৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া পৰৱৰ্তী ছবিৰ বাবে গীত লিখিবলৈও জাভেদ আখতাৰ সন্মত হৈছে বুলি জানিবলৈ দিয়ে। কংগনাই শ্বেয়াৰ কৰা ছবিখনত দুয়োকে হাস্যবদনে একেলগে থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে।
কংগনা ৰাণাৱটে লগতে তেওঁ পূৰ্বে কৰা সকলো বক্তব্য উঠাই লোৱা বুলি উল্লেখ কৰি ভৱিষ্যতে আৰু কেতিয়াও এনে বক্তব্য নিদিয়ে বুলি প্ৰতিশ্ৰুতি দিয়ে। উল্লেখ্য যে কংগনা আৰু জাভেদ আখতাৰৰ মাজত আইনীভাৱে এই বিষয় পাঁচ বছৰ পুৰণি যদিও সামগ্ৰিকভাৱে এই বিবাদৰ সূত্ৰপাত হৈছিল ২০১৬ চনতে। সেই সময়ত কংগনা ৰাণাৱট আৰু বলীউডৰ জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোশনৰ মাজত বহু বিষয়ত বিবাদ চলি আছিল।
দুয়োৰে মাজৰ বিবাদ অধিক গুৰুতৰ হৈ পৰাত ৰোশন পৰিয়ালৰ পাৰিবাৰিক বন্ধু হোৱাৰ সূত্ৰে জাভেদ আখতাৰে নিজা প্ৰচেষ্টাৰে বিবাদ নিষ্পত্তি কৰাৰ উদ্দেশ্যে প্ৰচেষ্টা লয়। দুয়োকে নিজৰ বাসগৃ্হলৈ মাতি নি তেওঁ এই বিবাদ নিষ্পত্তি কৰাৰ চেষ্টা চলায়। সেই সময়ত অৱশ্যে এই বিষয়ত কংগনাই কোনো মন্তব্য কৰা নাছিল। ২০২০ চনত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সময়ত সোচ্চাৰ হৈ পৰা কংগনাই প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰে এই বিতৰ্ক।
এক সাক্ষাৎকাৰৰ সময়ত তেওঁ বলীউডৰ বহু ৰথী-মহাৰথীৰ বিৰুদ্ধে বিস্ফোৰক বক্তব্য দিছিল। সেই সময়তে তেওঁ জাভেদ আখতাৰে তেওঁক ঘৰলৈ মাতি নি ভাবুকি দিছিল বুলি অভিযোগ কৰে। এই বক্তব্য পোহৰলৈ অহাৰ পিছতে জাভেদ আখতাৰে কংগনাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে। ইয়াৰ পিছত কংগনায়ো জাভেদ আখতাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
কিন্তু কংগনাৰ গোচৰ আদালতত দুৰ্বল বুলি প্ৰমাণিত হোৱাৰ বাবে তেওঁৰ গোচৰ খাৰিজ কৰা হয়। এতিয়া কংগনাই জাভেদ আখতাৰৰ ওচৰত ক্ষমা খুজি দীঘলীয়া সময়জোৰা এই বিতৰ্কৰ অৱসান ঘটাইছে। কংগনাই উল্লেখ কৰাৰ দৰে এতিয়া পৰৱৰ্তী সময়ত জাভেদ আখতাৰে তেওঁৰ চিনেমাৰ বাবে গান লিখে নে নিলিখে সেয়া হ’ব লক্ষণীয়।