উল্লেখ কৰা প্ৰয়োজন যে, প্ৰথম অসমীয়া কথা ছবি জয়মতীত অভিনয় কৰা অভিনেত্ৰী আইদেউ সন্দিকৈৰ সোঁৱৰণত ২০০৩ বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰি অহা। প্ৰতি বছৰে শিল্পী নিৰ্বাচিত কৰি আইদেউ সন্দিকৈৰ মৃত্যু দিন ১৭ ডিচেম্বৰত এই বঁটা প্ৰদান কৰা হয়। চলিত বৰ্ষৰ বাবে সীমা বিশ্বাসক আগবঢ়োৱা হ'ব এই সন্মান।