১৪ দিনৰ ন্যায়িক জিম্মালৈ আল্লু অৰ্জুন! বিষয়টোত হস্তক্ষেপ নকৰাৰ কথা উল্লেখ তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ

হায়দৰাবাদ আৰক্ষীয়ে আজি দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে সন্ধ্যা থিয়েটাৰত হোৱা হোৱা ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত, আৰক্ষীয়ে অভিনেতাজনক আদালতত হাজিৰ কৰাই। আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে চুপাৰষ্টাৰগৰাকীক।

১৪ দিনৰ ন্যায়িক জিম্মালৈ আল্লু অৰ্জুন! বিষয়টোত হস্তক্ষেপ নকৰাৰ কথা উল্লেখ তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ

১৪ দিনৰ ন্যায়িক জিম্মালৈ আল্লু অৰ্জুন!

Updated On: 

13 Dec 2024 17:08 PM

নামপল্লী আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুনক। হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত সংঘটিত পদপিষ্ট ঘটনাত সন্দৰ্ভত আৰক্ষীয়ে আজি গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে আল্লু অৰ্জুনক। ইয়াৰ পিছত, আৰক্ষীয়ে অভিনেতাজনক আদালতত হাজিৰ কৰাই। য’ত আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে চুপাৰষ্টাৰগৰাকীক।

বিচাৰ আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা পাছত তেলেংগানা উচ্চ ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল কৰিব নে নাই সেয়া জানিবলৈ সকলোৱে অপেক্ষা কৰিছে। ৰিমাণ্ড সন্দৰ্ভত খেল এতিয়াও শেষ হোৱা নাই। এই মুহূৰ্তত, উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত এতিয়া সকলোৰে চকু স্থিৰ হৈ আছে।

উল্লেখ্য যে, ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত ‘পুষ্পা-2’ৰ প্ৰিমিয়াৰ শ্ব’ত পদপিষ্ট হৈছিল এগৰাকী মহিলা। পুষ্পা-২ৰ প্ৰিমিয়াৰৰ সময়ত যেতিয়া আল্লু অৰ্জুন থিয়েটাৰলৈ আহিছিল,তাত বহু সংখ্যক অনুৰাগীৰ আগমনৰ ঘটিছিল। এই সময়তে মহিলাগৰাকী ভিৰত পদপিষ্ট হৈ প্ৰাণ হেৰুৱাইছিল। তেওঁৰ পুত্ৰও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল। ইয়াৰ পিছত, অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আল্লু অৰ্জুনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰে।

আল্লু অৰ্জুনৰ ঘৰৰ ওচৰত গ্ৰেপ্তাৰ হোৱাৰ পৰা আৰম্ভ কৰি নামপল্লী আদালতত হাজিৰ হোৱালৈকে, সকলোবোৰক লৈ ৰহস্যৰ সৃষ্টি হৈছিল। এই ঘটনাবোৰৰ পৰিপ্ৰেক্ষিতত, আৰক্ষীয়ে যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে, তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে আল্লু অৰ্জুনৰ সৈতে সম্পৰ্কিত বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। “আইনৰ আগত সকলোৱে সমান… এই ক্ষেত্ৰত আইনে নিজৰ কাম কৰিব।” তেওঁ লগতে কয় যে ইয়াত কোনোৱে হস্তক্ষেপ নকৰে।

আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰক গৰিহণা বিৰোধী নেতাৰ

আনফালে বিৰোধী নেতাসকলে আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰাৰ নিন্দা কৰিছে। বিআৰএছৰ কাৰ্যকৰী সভাপতি কেটিআৰে কয় যে আল্লু অৰ্জুনৰ প্ৰতি চৰকাৰৰ মনোভাৱ সঠিক নহয়। আল্লু অৰ্জুনক সাধাৰণ অপৰাধী হিচাপে গণ্য কৰাটো সঠিক নহয়। কেন্দ্ৰীয় মন্ত্ৰী বান্দি সঞ্জয়ে আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰাৰ বাবে চৰকাৰক জগৰীয়া কৰে। পদপিষ্ট হৈ মহিলাগৰাকীৰ মৃত্যু দুৰ্ভাগ্যজনক। তেওঁ এই ঘটনাৰ বাবে চৰকাৰৰ বিফলতাক দোষাৰোপ কৰে ।

এজাহাৰ বাতিল কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন

ইফালে আল্লু অৰ্জুনেও সন্ধ্যা থিয়েটাৰ ষ্টেম্পেড গোচৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। অভিনেতাজনে উচ্চ ন্যায়ালয়ত জৰুৰী শুনানি আৰু আৰক্ষীৰ দ্বাৰা দাখিল কৰা এজাহাৰ বাতিল কৰিবলৈ আবেদন দাখিল কৰিছে। আদালতে আল্লু অৰ্জুনৰ এই আবেদন গ্ৰহণ কৰিছে।

বিগত ৫ বছৰত কিমান লোকে ত্যাগ কৰিলে ভাৰতীয় নাগৰিকত্ব? এই তথ্যই আচৰিত কৰিব আপোনাক!
মাত্ৰ ১৮ বছৰতে বিশ্ব চেম্পিয়ন হোৱা গুকেছে পুৰস্কাৰ হিচাপে কিমান ধন লাভ কৰিব জানেনে?
ঘৰত বাস্তু দোষ থাকিলে কেনেকৈ গ'ম পাব?
কৰ্দ্দৈৰ খাওঁতে সাৱধান, সমস্যাই দেখা দিব পাৰে আপোনাৰ বৃক্কৰ!