শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Saif Health Update: ছেইফ আলী খানক ICUলৈ স্থানান্তৰ, শৰীৰৰ ভিতৰত চুৰিৰ টুকুৰা… স্বাস্থ্য সন্দৰ্ভত কি ক’লে চিকিৎসকে?

চিকিৎসালয় কতৃপক্ষই জনোৱা মতে ছেইফক অপাৰেচন থিয়েটাৰৰ পৰা আইচিইউলৈ স্থানান্তৰ কৰা হৈছে। শৰীৰৰ দুটাকৈ স্থানত গভীৰ আঘাত পাইছে অভিনেতাগৰাকীয়ে । ইতিমধ্যে সম্পন্ন কৰা হৈছে নিউৰোচাৰ্জাৰী। চিকিৎসকে জনোৱা মতে বৰ্তমান ছেইফৰ অৱস্থা ঠিকেই আছে আৰু তেওঁ সুস্থ হৈ আছে।

Saif Health Update: ছেইফ আলী খানক ICUলৈ স্থানান্তৰ, শৰীৰৰ ভিতৰত চুৰিৰ টুকুৰা… স্বাস্থ্য সন্দৰ্ভত কি ক’লে চিকিৎসকে?
ছেইফ আলী খান
trishna-kalita
Trishna Kalita | Published: 16 Jan 2025 14:12 PM

দুৰ্বৃত্তৰ আক্ৰমণত আহত বলীউড অভিনেতা ছেইফ আলী খানক ভৰ্তি কৰোৱা হৈছিল লীলাৱতী চিকিৎসালয়ত । জানিব পৰা মতে চোকা অস্ত্ৰৰে দুৰ্বৃত্তই ৬ বাৰকৈ আক্ৰমণ কৰিছিল ছেইফক। বৰ্তমান সময়ত লীলাৱতী চিকিৎসালয়তে চলি আছে ছেইফৰ চিকিৎসা। ইয়াৰ মাজতে ছেইফ আলীৰ স্বাস্থ্যৰ সন্দৰ্ভত লীলাৱতী চিকিৎসালয়ে দিছে আপডেট।

চিকিৎসালয় কতৃপক্ষই জনোৱা মতে ছেইফক অপাৰেচন থিয়েটাৰৰ পৰা আইচিইউলৈ স্থানান্তৰ কৰা হৈছে। শৰীৰৰ দুটাকৈ স্থানত গভীৰ আঘাত পাইছে অভিনেতাগৰাকীয়ে । ইতিমধ্যে সম্পন্ন কৰা হৈছে নিউৰোচাৰ্জাৰী। চিকিৎসকে জনোৱা মতে বৰ্তমান ছেইফৰ অৱস্থা ঠিকেই আছে আৰু তেওঁ সুস্থ হৈ আছে। ছেইফৰ শৰীৰৰ ভিতৰৰ পৰা আঁতৰোৱা হৈছে এটা চুৰিৰ টুকুৰা। আঢ়ৈ ইঞ্চিৰ চুৰিৰ টুকুৰাটো মেৰুদণ্ডত পোৱা গৈছে।

ইয়াৰ উপৰিও চিকিৎসকৰ দলটোৱে ছেইফ আলী খানৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত এটা আনুষ্ঠানিক বিবৃতিও প্ৰকাশ কৰিছে। দলটোৱে কৈছে যে ছেইফ আলী খান  এতিয়া বিপদমুক্ত। তেওঁ বৰ্তমান আৰোগ্য হৈ আছে আৰু চিকিৎসকসকলে তেওঁৰ স্বাস্থ্যৰ উন্নতি নিৰীক্ষণ কৰি আছে।

ইফালে  সুৰক্ষিত অৱস্থাত আছে পৰিয়ালৰ সকলো সদস্য।  ঘটনাটোৰ সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া। একে সময়তে  ছেইফ আলী খানৰ বিবৃতি ল’বলৈ লীলাৱতী চিকিৎসালয়ত উপস্থিত হৈছে আৰক্ষীয়ে।  চিকিৎসকলৰো বিবৃতি ল’ব আৰক্ষীয়ে। পৰিয়ালৰ সদস্যসকলকো কৰা হ’ব সোধা-পোছা। ইফালে তলব কৰা হৈছে ছ’চাইটিৰ সভাপতি আৰু সম্পাদকক। সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে অপৰাধ শাখাৰ দল আৰু এনকাউণ্টাৰ বিশেষজ্ঞ দয়া নায়কে ।

মুম্বাই আৰক্ষীৰ সূত্ৰই জনোৱা মতে ঘটনাটোৰ ক্ষেত্ৰত সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ছেইফ আলী খানৰ ঘৰৰ সকলো নিৰাপত্তা কৰ্মীৰ লগতে ঘৰত কাম কৰা লোকসকল। কিয়নো ইমান নিৰাপত্তা থকাৰ পাছতো ঘৰত প্ৰৱেশ কৰিছিল আক্ৰমণকাৰীজন। তদন্তৰ বাবে স্থানীয় আৰক্ষীয়ে সংগ্ৰহ কৰিছে ছেইফ আলী খানৰ ঘৰৰ সকলো CCTV ফুটেজৰ DVR।  ইফালে  অপৰাধ শাখাই স্কেন কৰিছে ছেইফ আলী খানৰ ঘৰৰ চাৰিওফালে থকা সকলো চিচিটিভি ফুটেজ । সূত্ৰ অনুসৰি, বন্ধুত্বপূৰ্ণ প্ৰৱেশৰ কোণটোৰো অনুসন্ধান কৰা হৈছে।

বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হৈছিল ছেইফ আলী খানৰ ওপৰত আক্ৰমণ । এজন আক্ৰমণকাৰীয়ে ঘৰত প্ৰৱেশ কৰি তেওঁক চুৰিৰে আক্ৰমণ কৰিছিল। য’ত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ছেইফ। তাৰ পাছতে ছেইফ চিকিৎসাৰ বাবে লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই ঘটনাটো তেওঁৰ বান্দ্ৰাৰ বাসগৃহত সংঘটিত হৈছিল।

ঘটনা সন্দৰ্ভত লীলাৱতী চিকিৎসালয়ৰ চিঅ’অ’ ডাঃ নীৰজ উট্টামণিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে খানক তেওঁৰ বান্দ্ৰাৰ বাসগৃহত এজন অচিনাক্ত ব্যক্তিয়ে ছুৰিকাঘাত কৰিছিল।  তেওঁক পুৱা প্ৰায় ৩.৩০ বজাত চিকিৎসালয়লৈ অনা হৈছিল।

ডঃ উট্টামণিয়ে কয়, “ছৈফক ৬বাৰ ছুৰিকাঘাত কৰা হৈছিল। ইয়াৰে দুটা আঘাত গুৰুত্বৰ। যাৰ এটা তেওঁৰ মেৰুদণ্ডৰ ওচৰত। নিউৰোচাৰ্জন ডাঃ নীতিন ডাংগে, প্ৰসাধন শল্য চিকিৎসক ডাঃ লীনা জৈন আৰু এনাস্থেচিয়ালজিষ্ট ডাঃ নিশা গান্ধীৰ নেতৃত্বত চিকিৎসকৰ এটা দলে তেওঁৰ অস্ত্ৰোপচাৰ কৰি আছে।

ছেইফৰ পত্নী আৰু অভিনেত্ৰী কৰিণা কাপুৰ খানৰ টীমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “যোৱা নিশা ছেইফ আলী খান আৰু তেওঁৰ পত্নী কৰিণা কাপুৰ খানৰ ঘৰত চুৰিৰ চেষ্টা চলায়।” ঘটনাটোত ছেইফৰ হাতত আঘাত পাইছে। যাৰ বাবে তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়ত ৰখা হৈছে। সুস্থ হৈ আছে পৰিয়ালৰ আন সদস্যসকল।”  লগতে তেওঁলোকে কয়, “আমি সংবাদ মাধ্যম আৰু অনুৰাগীসকলক ধৈৰ্য্য ধৰিবলৈ আৰু অনুমান নকৰিবলৈ অনুৰোধ জনাইছোঁ।”

Latest News