‘মানুহে ভুলকৈ বুজিলে, মই অভিনয় এৰা নাই’, অভিনয় জগতৰ পৰা বিদায় নোলোৱাৰ কথা স্পষ্ট কৰিলে অভিনেতা বিক্ৰান্ত মেছীয়ে
অভিনেতা বিক্ৰান্ত মেছীয়ে শেহতীয়াকৈ নিজৰ পোষ্টত কৈছিল যে তেওঁ উপলব্ধি কৰিছে যে, 'এতিয়া ঘৰলৈ উভতি যোৱাৰ সময় আহি পৰিছে।' ইয়াৰ পিছতে সকলোৱে চৰ্চা কৰিবলৈ আৰম্ভ কৰিছিল যে, অভিনেতাগৰাকীয়ে অৱসৰ গ্ৰহণ কৰিছে। অৱশ্যে এতিয়া অভিনেতাজনে নিজৰ বক্তব্যক লৈ মৌনতা ভংগ কৰি কি কৰিব বিচাৰে সেই কথা স্পষ্টকৈ ক’লে।
কালিৰ দিনটো অভিনেতা বিক্ৰান্ত মেছীয়ে বাতৰিৰ শিৰোনাম দখল কৰিছিল। তেওঁ দুটা কাৰণত বাতৰিৰ শিৰোনাম দখল কৰিছে। প্ৰথমখন তেওঁৰ ছবি ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ আৰু দ্বিতীয়টো তেওঁ কৰা সামাজিক মাধ্যমৰ এটা পোষ্ট। শেহতীয়াকৈ বিক্ৰান্তে এটা পোষ্ট কৰিছিল য’ত তেওঁ কৈছিল যে তেওঁ বিৰতি ল’ব আৰু ২০২৫ চনত তেওঁক শেষৰবাৰ দেখিব। ইয়াৰ পিছতে বিক্ৰান্তে অভিনয়ৰ পৰা অৱসৰ ল’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ৩৭ বছৰ বয়সৰ পৰা বহু অভিনেতাৰ কেৰিয়াৰ আৰম্ভ হয় আৰু বিক্ৰান্তে বিদায় লোৱা সিদ্ধান্ত বহুতে মানি ল’ব পৰা নাই। যদিও এতিয়া এই বিষয়ত অভিনেতাগৰাকীয়ে নিজৰ মৌনতা ভংগ কৰিছে।
বিক্ৰান্তে শেহতীয়াকৈ তেওঁৰ পোষ্টত কৈছিল যে- ‘যোৱা কেইবছৰমান অতি আনন্দময় ৰূপে পাৰ হৈছে। আপোনালোকৰ সকলো সহায়ৰ বাবে বহুত বহুত ধন্যবাদ। কিন্তু, আগবাঢ়ি যোৱাৰ লগে লগে মই উপলব্ধি কৰিছোঁ যে মই এজন স্বামী, পিতৃ, পুত্ৰ হিচাপে আৰু অভিনেতা হিচাপে এইটোৱেই হৈছে নিয়ন্ত্ৰণ পুনৰ লাভ কৰাৰ আৰু পিছলৈ যোৱাৰ সময়। ২০২৫ চনত শেষবাৰৰ বাবে লগ পাম, সঠিক সময় নহালৈকে। শেষৰ দুখন ছবি আৰু অগণন স্মৃতি, সকলোৰে বাবে ধন্যবাদ মই চিৰকৃতজ্ঞ হৈ থাকিম।’
বিক্ৰান্ত অৱসৰ লোৱা নাই
যদিও বিক্ৰান্তে নিজৰ পোষ্টত ক’তো অৱসৰ লোৱাৰ কথা লিখা নাছিল, তথাপিও হঠাৎ বিৰতি লোৱাৰ কথা চৰ্চালৈ আহিছিল। এতিয়া বিক্ৰান্তই নিজৰ পদ আৰু অৱসৰৰ বিষয়ে অহা খবৰত নিজৰ মৌনতা ভাঙিছে। অভিনেতাজনে তেওঁৰ পোষ্টটো মানুহে ভুলকৈ লোৱা বুলি কয়। তেওঁ অৱসৰ লোৱা নাই।
অৱসৰৰ সময়ত মৌনতা ভংগ কৰিলে
বিক্ৰান্তে কয় যে, তেওঁ কেৱল অভিনয়হে জানে, সেইটোৱে তেওঁক সকলোখিনি দিছে, কিন্তু এই অহৰহ কামৰ বাবে তেওঁৰ শাৰীৰিক আৰু মানসিকভাবে কিছু কষ্ট পাইছে। বিক্ৰান্তে আৰু কয় যে তেওঁ মাত্ৰ কিছু সময়ৰ বাবে বিৰতি ল’ব বিচাৰে, যাতে তেওঁ নিজৰ নিজক উন্নত কৰিব পাৰে। বিক্ৰান্তৰ মতে তেওঁ যথেষ্ট ব্যস্ত হৈ পৰিছে বুলি অনুভৱ কৰে। অভিনেতাজনে কয় যে, তেওঁৰ পোষ্টৰ ভুল ব্যাখ্যা কৰিছে সকলোৱে। অভিনয় ত্যাগ কৰা নাই, অৱসৰো লোৱা নাই। তেওঁ কয় যে, মাত্ৰ কিছু সময়ৰ বাবে নিজৰ পৰিয়াল আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব বিচাৰে আৰু তাৰ পিছত সঠিক সময় অহাৰ লগে লগে তেওঁ ঘূৰি আহিব।