5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গোপনে যুগ্ম জীৱনৰ পাতনি মেলিলে অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থে, বিয়াৰ প্ৰথম ফটো আহিছে পোহৰলৈ

Aditi Rao Hydari And Sidharth Wedding: প্ৰেমিক সিদ্ধাৰ্থৰ সৈতে গোপনে বিবাহপাশত আৱদ্ধ হৈছে অদিতি ৰাও হাইদাৰীয়ে। দুয়োৰে কিছুদিনৰ আগতে এংগেজমেণ্ট হৈছিল। ঠিক এংগেজমেণ্টৰ দৰেই কাকো খবৰ নিদিয়াকৈ এই জনম জনমলৈ একেলগে থকাৰ বান্ধোনেৰো বান্ধ খাইছে দুয়ো। এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিয়াৰ ছবি।

গোপনে যুগ্ম জীৱনৰ পাতনি মেলিলে অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থে, বিয়াৰ প্ৰথম ফটো আহিছে পোহৰলৈ
গোপনে যুগ্ম জীৱনৰ পাতনি মেলিলে অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থে
Follow Us
barasha-misra
Barasha Misra | Published: 16 Sep 2024 21:36 PM

অভিনেত্ৰী অদিতি ৰাও হাইদাৰীয়ে নিজৰ অনুৰাগীক অতি ভাল খবৰ দিছে। প্ৰেমিক সিদ্ধাৰ্থৰ সৈতে গোপনে বিবাহপাশত আৱদ্ধ হৈছে। শেহতীয়াকৈ এই দম্পতীয়ে ইনষ্টাগ্ৰামত বিয়াৰ ছবি শ্বেয়াৰ কৰি অনুৰাগীসকলক অৱগত কৰিছে। পৰম্পৰাগত সাজ-পোছাকত দুয়োকে বৰ ধুনীয়া দেখা গৈছে। কেৱল অনুৰাগীয়েই নহয় আনকি চেলিব্ৰিটিসকলেও অহৰহ অভিনন্দন জনাইছে দম্পতীহালক। অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থৰ বিয়াৰ লুকটোও যথেষ্ট সাধাৰণ। মানুহে দুয়োকে ইজনক আনজনৰ বাবে ভগবানে পঠাইছে বুলি কৈছে। দুয়োৰে বিয়া হ’ল অতি সাধাৰণভাবে। এই বিশেষ অনুষ্ঠানত পৰিয়ালৰ সদস্যসকল উপস্থিত আছিল, য’ত সকলোৱে দম্পতীহালক তেওঁলোকৰ নতুন আৰম্ভণিৰ বাবে আশীৰ্বাদ দিছিল।

অদিতি ৰাও হাইদাৰী আৰু সিদ্ধাৰ্থই পৰম্পৰাগত ৰীতি-নীতিৰে আজীৱন ইজনে সিজনৰ লগত থকাৰ প্ৰতিশ্ৰুতিবদ্ধ হয়। দুয়োৰে বিয়া হোৱা মন্দিৰটো ৪০০ বছৰ পুৰণি বুলি কোৱা হৈছে। বিয়াৰ পিছত দুয়োজনে ৰোমান্টিক ফটো এটা শ্বেয়াৰ কৰি দিলে। অৱশ্যে অনুৰাগীক আটাইতকৈ বেছি আপ্লুত হৈছে তেওঁলোকৰ সহজশৈলীৰ বাবে।

 

View this post on Instagram

 

A post shared by Aditi Rao Hydari (@aditiraohydari)

অদিতি ৰাও হায়দাৰী-সিদ্ধাৰ্থৰ বিয়া

ইনষ্টাগ্ৰামত ছবিখন শ্বেয়াৰ কৰাৰ সময়ত অদিতি ৰাও হাইদাৰীয়ে লিখিছে কেপচন- তুমি মোৰ সূৰ্য্য, মোৰ চন্দ্ৰ আৰু মোৰ সকলো নক্ষত্ৰ। সোণাক্ষী সিনহা, আঠিয়া শেট্টী, হান্সিকা, ভূমি পেডনেকাৰ, জেনেলিয়াকে ধৰি বহু চেলিব্ৰিটিয়ে এই দম্পতীহালক অভিনন্দন জনাইছে। তেওঁৰ বিশেষ দিনটোত সোণালী বৰ্ডাৰ শাৰী, চুলিত গজৰা, সোণালী গহনা আৰু কাণফুলি পিন্ধি অদিতি ৰাও হাইদাৰীয়ে বিবাহৰ অনুষ্ঠানত ভাগ লৈছে। বগা চুটি কুৰ্তা আৰু ধোটিৰে নিজৰ লুক সম্পূৰ্ণ কৰিছে সিদ্ধাৰ্থই।

১০খন ছবিত অদিতি ৰাও হাইদাৰী আৰু সিদ্ধাৰ্থক অতি ৰোমান্টিক ষ্টাইলত দেখা গৈছে। বলীউডৰ আন দম্পতীৰ দৰে দুয়োজনেও পোজ দি থকাৰ এখন ছবি শ্বেয়াৰ কৰিছে। অৱশ্যে শেষৰ ছবিখনেই আটাইতকৈ ধুনীয়া, য’ত দুয়োজনে ইজনে সিজনক সাৱটি ধৰিছে। এই ক’লা-বগা ছবিখনত দুয়োৰে ওপৰত ফুলৰ বৰষুণ হৈ আছিল।

গোপনে আঙঠি পিন্ধোৱা পৰ্ব

আচলতে মাৰ্চ মাহত এই দম্পতীহালে গোপনে আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰিছিল। ইনষ্টাগ্ৰামত ছবিখন শ্বেয়াৰ কৰাৰ সময়ত অনুৰাগীয়ে গম পায়। ২০২১ চনৰ পৰা দুয়ো একেলগে আছে। ‘মহা সমুদ্ৰম’ ছবিখনত একেলগে দেখা গৈছিল। ইয়াৰ পিছত দুয়োকে সঘনাই একেলগে দেখা পাবলৈ ধৰিলে। সম্পৰ্ক স্পষ্ট হৈ পৰিল আৰু দুয়োজনে ইজনে সিজনৰ ছবিত ছচিয়েল মিডিয়াত মন্তব্য কৰিবলৈ আৰম্ভ কৰিলে। ২০২৩ চনত দুয়োজনে একেলগে নাচি থকা এখন ছবি শ্বেয়াৰ কৰা হৈছিল। যিটো ভিডিঅ’ যথেষ্ট ভাইৰেল হৈ গৈছিল। কিন্তু ইয়াৰ পিছত দম্পতীহালে বিদেশৰ ছুটীত গৈছিল, য’ৰ পৰা দুয়োজনে প্ৰথমবাৰৰ বাবে একেলগে এখন ছবি শ্বেয়াৰ কৰিছিল।

অৱশ্যে অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থৰ এয়া দ্বিতীয় বিবাহ। অদিতীৰ প্ৰথম বিবাহ সত্যদ্বীপ মিশ্ৰৰ সৈতে হৈছিল, যি ৪ বছৰৰ ভিতৰতে ভাঙি যায়। সিদ্ধাৰ্থৰ প্ৰথম সম্পৰ্কটোও বেছি দিন নাথাকিল। অৱশেষত প্ৰথম বিবাহ বিচ্ছেদৰ পিছত দুয়োজনে আকৌ এবাৰ নতুন আৰম্ভণি কৰিছে।

অদিতি ৰাও হায়দাৰীৰ আৰম্ভণি

আদিতীয়ে হিন্দী ভাষাৰ ছবিৰ লগতে অদিতিয়ে তামিল, তেলেগু আৰু মালায়ালম ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে৷ ২০০৭ চনত তামিল ভাষাৰ ছবি শৃংগৰামৰ যোগেদি অদিতিয়ে ছবিৰ জগতত খোজ পেলায়৷ পিছে অদিতিৰ বাবে খ্যাতি আৰু সমাদৰ কঢ়িয়াই আনে ২০১১ চনৰ ৰোমাণ্টিক থ্ৰিলাৰধৰ্মী ছবি য়ে ছালী জিন্দেগীয়ে৷ ছবিখনৰ পৰিচালক আছিল সুধীৰ মিশ্ৰ৷ ছবিখনত অভিনয় কৰি অদিতিয়ে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ স্ক্ৰীণ বঁটা পাবলৈ সক্ষম হয়৷

Latest News