পাৰঘাট, সৰাপাতৰ পৰা পূবেৰুণলৈ… অসমৰ সাংস্কৃতিক জগতলৈ প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতিয়ে আগবঢ়াই গ’ল অমূল্য অৱদান

Gyanada Kakati Passes Away: জীৱন নাট সামৰি চিৰদিনৰ বাবে বিদায় মাগিলে প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতিয়ে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বিশিষ্ট অভিনেত্ৰীগৰাকী। অৱশেষত শ্বিলঙৰ বেথানী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে জ্ঞানদা কাকতিয়ে।

পাৰঘাট, সৰাপাতৰ পৰা পূবেৰুণলৈ... অসমৰ সাংস্কৃতিক জগতলৈ প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতিয়ে আগবঢ়াই গল অমূল্য অৱদান

প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতিয়ে আগবঢ়াই গ'ল অমূল্য অৱদান

Updated On: 

09 Jan 2025 12:53 PM

ৰাজ্যৰ সাংস্কৃতিক জগতৰ এক অপূৰণীয় ক্ষতি। বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতি আৰু নাই। তেওঁৰ বিয়োগত অসমীয়া চলচ্চিত্ৰ জগতৰ এটি সোণালী অধ্যায়ৰ অৱসান ঘটিল। বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ মৃত্যুবৰণ কৰে অভিনেত্ৰীগৰাকীয়ে। ৯৩ বছৰ বয়সত ইহ সংসাৰ ত্যাগ কৰিলে বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে। অসমীয়া চলচ্চিত্ৰ ‘পাৰঘাট’ৰ জৰিয়তে ছবি জগতত প্ৰৱেশ কৰা জ্ঞানদা কাকতিয়ে কেইবাখনো চিৰসেউজ অসমীয়া ছবিত অভিনয় কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ

বিশিষ্ট অভিনেত্ৰীগৰাকীৰ অসমীয়া চলচ্চিত্ৰ জগতলৈ আছে অনবদ্য অৱদান। জ্ঞানদা কাকতিয়ে অসমীয়াৰ উপৰিও বঙালী ছবিতো অভিনয় কৰিছিল। পূবেৰুণ ছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হোৱা কাকতিয়ে ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত অংশগ্ৰহণ কৰিছিল। এই চলচ্চিত্ৰ মহোৎসৱত পূবেৰুণ ছবিখন প্ৰদৰ্শিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী অভিনেত্ৰী আছিল জ্ঞানদা কাকতি ৷

জন্ম আৰু পৰিয়াল

১৯৩২ চনত অবিভক্ত অসমৰ শ্বিলঙত জন্ম লাভ কৰিছিল জ্ঞানদা কাকতিয়ে। তেওঁ পিতৃ আছিল দেৱেন দাস আৰু মাতৃ আছিল বিৰজা দাস। অভিনেত্ৰীগৰাকীৰ পিতৃগৃহ পাণবজাৰত আছিল যদিও পিতৃৰ চাকৰিসূত্ৰে শ্বিলঙত থকাত লাবানত স্থায়ীভাৱে বসবাস কৰিছিল। লোহিত কাকতিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল জ্ঞানদা কাকতি।

জ্ঞানদা কাকতিৰ অভিনয় যাত্ৰা

জ্ঞানদা কাকতিৰ পিতৃ দেৱেন দাস আছিল এগৰাকী মঞ্চাভিনেতা। যাৰ বাবে সৰুৰে পৰা ঘৰত পাইছিল অভিনয়ৰ এক সুকীয়া পৰিৱেশ। শিশুকালতে সতী বেউলা নামৰ নাটক এখনত নৃত্য পৰিৱেশন কৰিছিল অভিনেত্ৰীগৰাকীয়ে। এই নৃত্য দেখি বিষ্ণু ৰাভাই তেওঁৰ প্ৰশংসা কৰিছিল। সেই সময়ত শ্বিলঙৰ প্ৰখ্যাত ‘কামৰূপী নৃত্য সংঘ’ত জীৱেশ্বৰ গোস্বামীৰ অধীনত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লয়। কাকতিয়ে বিবাহৰ পিছতহে প্ৰথমবাৰৰ বাবে ছবিত অভিনয় কৰে। ১৯৪৮ চনত মুক্তি লাভ কৰা পাৰঘাট ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ প্ৰশংসা বোটলে। ইয়াৰ পিছত তেওঁ পিয়লি ফুকন, সৰাপাত, লখিমী, ৰঙা পুলিচ, পূবেৰুণ, চাকনৈয়া, প্ৰথম ৰাগিনী, পুৱতি নিশাৰ সপোন, নৰকাসুৰ, ওপৰ মহলা, শেষ বিচাৰ, প্ৰিয়জন, ৰাগ-বিৰাগ আদি জনপ্ৰিয় ছবিত অভিনয় কৰে। ইয়াৰে ১৯৫৯ চনৰ পূবেৰুণত কৰা অভিনয় দৰ্শকৰ মাজত জনপ্ৰিয় হয়। ১৯৬০ চনৰ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত পূবেৰুণ প্ৰদৰ্শিত হয়। এই মহোৎৱত অংশগ্ৰহণ কৰি কাকতিয়ে কেৰী গ্ৰাণ্ট, ছ’ফিয়া লৰেন আদি হলীউডৰ শিল্পীক ঘনিষ্ঠভাৱে লগ পায়।

তেওঁ নীলাচলেৰ মহাপ্ৰভু, গড়েৰ মাঠে, বৰমা আদি বঙালী ছবিতো অভিনয় কৰিছিল। বন্দিনী নামৰ হিন্দী ছবিত নায়িকাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও সেই প্ৰস্তাৱ তেওঁ প্ৰত্যাখান কৰে। কাকতি আকাশবাণী গুৱাহাটী আৰু শ্বিলং কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী আছিল। দুয়োটা কেন্দ্ৰতে গীত পৰিৱেশন কৰাৰ লগতে তেওঁ গ্ৰামোফোন ৰেকৰ্ডতো গীত বাণীবদ্ধ কৰিছিল।

এই মহান অভিনেত্ৰী গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে সামাজিক মাধ্যমত পোষ্ট- “প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতি বাইদেউৰ দেহাৱসানৰ খবৰত অত্যন্ত মৰ্মাহত হৈছোঁ৷ ‘পাৰঘাট’ নামৰ অসমীয়া চলচ্চিত্ৰখনেৰে চিনেমা জগতত প্ৰৱেশ কৰা জ্ঞানদা কাকতি বাইদেৱে কেইবাখনো চিৰসেউজ অসমীয়া চিনেমাত অভিনয় কৰি চলচ্চিত্ৰপ্ৰেমী-সমালোচকৰ মনত সাঁচ বহুৱাইছিল৷ কণ্ঠশিল্পী হিচাপেও আছিল তেখেতৰ এটি চিনাকি৷ অসমৰ সাংস্কৃতিক জগতলৈ বাইদেউৰ অৱদান সদায়ে স্মৰণীয় হৈ ৰ’ব৷ বাংলা ছবিতো অভিনয় কৰি খ্যাতি অৰ্জা জ্ঞানদা কাকতি বাইদেউ অভিনীত ‘পূবেৰুণ’ চিনেমাখনে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱতো অংশগ্ৰহণ কৰিছিল৷ অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটাকে ধৰি বিভিন্ন খ্যাতি-সন্মান লাভ কৰা বাইদেউৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে বৃহৎ শূন্যতা৷ বাইদেউৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ ওঁম শান্তি 🙏”

ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পোষ্ট শ্বেয়াৰ কৰি লিখিছে– ”জ্ঞানদা কাকতি বাইদেউ আৰু নাই! খহি পৰিল অসমীয়া চলচ্চিত্ৰৰ এটি উজ্জ্বল নক্ষত্ৰ। অসমীয়া চলচ্চিত্ৰৰ সোণসেৰীয়া যাত্ৰাক যিসকল অভিনেত্ৰীয়ে মোহনীয় ব্যক্তিত্ব আৰু প্ৰাণস্পৰ্শী অভিনয়েৰে সমৃদ্ধ কৰি থৈ গৈছে, তাৰ ভিতৰত জ্ঞানদা কাকতি বাইদেউ প্ৰাতঃস্মৰণীয়। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ ‘পূবেৰুণ’ত দুৰ্দান্ত অভিনয়েৰে তেখেতে বিদেশতো সমাদৰ লাভ কৰিছিল। বাইদেউৰ বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ। ওঁম শান্তি!”

কি কি সন্মান লাভ কৰিছিল?

২০০২ চনত বিষ্ণু ৰাভা বঁটা লাভ কৰিছিল জ্ঞানদা কাকতিয়ে। ইয়াৰোপৰি, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা, শিল্পীপ্ৰাণ চন্দ্ৰ ফুকন বঁটা লাভ কৰিছিল। ১৯৮৭ চনত প্ৰথম ৰাগিনী ছবিৰ বাবে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। উল্লেখ্য যে, অভিনেত্ৰীগৰাকীয়ে অসম চৰকাৰৰ ৰাজ্যিক শিল্পী পেন্সনো লাভ কৰিছিল।

 

শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে
পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?