শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কাপোৰ খোলা, মই তোমাক তেনেকৈ চাব বিচাৰো- বিশিষ্ট পৰিচালকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অভিনেত্ৰীৰ…

বলীউড জগতৰ পৰা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খবৰ পোহৰলৈ আহে। শেহতীয়াকৈ এগৰাকী অভিনেত্ৰীয়ে এজন পৰিচালকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

কাপোৰ খোলা, মই তোমাক তেনেকৈ চাব বিচাৰো- বিশিষ্ট পৰিচালকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অভিনেত্ৰীৰ…
নবীনা বোলেImage Credit source: instagram (navina_005)
barasha-sarma
Barasha Sarma | Published: 28 Apr 2025 15:30 PM

ছবিজগতৰ পৰা বিভিন্ন সময়ত বহু ধৰণৰ খবৰ পোহৰলৈ আহে। কোৱা হয়, ছবি জগতখন বাহিৰৰ পৰা যিমান ৰঙীন, ভিতৰৰ পৰা সিমানেই লেতেৰা। বিভিন্ন সময়ত অভিনেতা-অভিনেত্ৰীসকলে তেওঁলোকৰ বেয়া অভিজ্ঞতাৰ কথা ৰাজহুৱাকে কয়। এনে এগৰাকী অভিনেত্ৰীয়ে এজন পৰিচালকৰ কথা প্ৰকাশ কৰিছে যিয়ে তেওঁক কাপোৰ খোলাৰ প্ৰস্তাৱ দিছিল। পৰিচালকগৰাকীয়ে কৈছিল -কাপোৰ খোলা, মই মাত্ৰ তুমি আণ্ডাৰৱেৰ পিন্ধি থকা শৰীৰটো চাব বিচাৰিছো।

অভিনেত্ৰীগৰাকীয়ে কৰা অভিযোগ অনুসৰি, পৰিচালকজনে অভিনেত্ৰীগৰাকীক শৰীৰ চাব বিচাৰি চিনেমাত সুযোগ দিয়াৰ প্ৰলোভন দিছিল। অৱশ্যে এয়াই প্ৰথম নহয়, ছবি জগতৰ বিভিন্ন পৰিচালকৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ উত্থাপন কৰে বহু অভিনেত্ৰীয়ে। তেওঁলোকৰ মতে, একাংশ পৰিচালকে শাৰীৰিক নিৰ্যাতন কৰি ছবি বা অন্য় কোনো অভিনয় কৰাৰ সুযোগ দিয়াৰ প্ৰস্তাৱ দিয়ে।

এনে এক অভিযোগ উত্থাপন হৈছে কোৰিঅ’গ্ৰাফাৰ ফাৰহা খানৰ ভাতৃ তথা পৰিচালক সাজিদ খানৰ বিৰুদ্ধে। ইয়াৰ পূৰ্বে ৰেচেল হোৱাইট আৰু শ্বাৰলিন চোপ্ৰাৰ দৰে অভিনেত্ৰীয়ে সাজিদৰ বিৰুদ্ধে মি টুৰ বক্তব্য দিছিল। ইয়াৰ মাজতে এতিয়া ‘ইছাকজাদে’ নামৰ ধাৰাবাহিকখনৰ অভিনেত্ৰী নবীনা বলেই সাজিদৰ বিৰুদ্ধে মুকলিকৈ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

নবীনা বলে অতি জনপ্ৰিয় অভিনেত্ৰী। অৱশ্যে ‘ইছাকজাদে’ নামৰ ধাৰাবাহিকখনৰ পৰা তেওঁ ৰাইজৰ মাজত বিশেষ স্থান লাভ কৰিছে।  অভিনয়ৰ উপৰিও নবিনাই মডেলিঙৰ সৈতেও জড়িত। শেহতীয়াকৈ এটা সাক্ষাৎকাৰত নবিনাই কয় যে  “সেয়া আছিল ২০০৪ চনৰ কথা। তেতিয়া মই মাত্ৰ বলীউডত প্ৰৱেশ কৰিছিলো। সৰু সুৰা কিছুমান কামো কৰিছিলো। তাৰ মাজতে এদিন সাজিদ খানে মোক ফোন কৰি অফিচলৈ মাতি নিছিল। ইমান বিখ্যাত ছবি পৰিচালকৰ ফোন পাই মই সুখী হৈছিলো। ভাবিছিলো নতুন কাম পাম। কিন্তু মই ভবা নাছিলো যে সাজিদৰ অফিচত গৈ তেনে কিবা হ’ব”।

Sajid Khan, Navina Bole

সাজিদ খান, নবিনা বোলে

 

নভিনাই আৰু কয়, “মই সাজিদৰ অফিচ পোৱাৰ লগে লগে ছাজিদে মোক কাপোৰ খুলি আণ্ডাৰৱেৰ পিন্ধি চকীখনত বহিবলৈ কৈছিল। তাৰ পাছত কৈছিল- মই তোমাৰ স্তন আৰু নিতম্ব পৰীক্ষা কৰিম! সাজিদৰ কথা শুনি মই থতমত খাই গৈছিলো। মই লগে লগে তেওঁৰ অফাৰ নাকচ কৰিছিলো কিন্তু তেওঁ নিজৰ কথা অটল আছিল। পাছত সেইদিনা বহু কষ্টৰে মই বিভিন্ন অজুহাত দি সেই স্থানৰ পৰা পলাই  আহো।  সেইদিনা বৰ অস্বস্তি পাইছিলো আৰু তেতিয়াৰ পৰা মই সাজিদক লগ কৰা নাই”। সম্প্ৰতি অভিনেত্ৰীগৰাকীৰ এই অভিযোগ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

 

 

অন্য খবৰ পঢ়কঃ মই ভুল কৰিছিলো, ক্ষমা কৰি দিয়কঃ ব্ৰাহ্মণক সন্দৰ্ভত কি কৈছিল অনুৰাগ কাশ্যপে?