চকলেটৰ লোভত কৰিছিল নগ্ন দৃশ্য শ্বুট! নিশাৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা এইগৰাকী অভিনেত্ৰী কোন হয় জানেনে…
বলীউডত বহু অভিনেত্ৰী আছে যিয়ে সৰুকালতে অভিনয় জগতত প্ৰৱেশ কৰে। ইয়াৰে কিছুমান অভিনেত্ৰী আছে যিয়ে নিশাটোৰ ভিতৰত জনপ্ৰিয় হৈ পৰে। এনে এগৰাকী অভিনেত্ৰী আছিল যিয়ে চকলেটৰ লোভত নগ্ন চৰিত্ৰত অভিনয় কৰিছিল।

প্ৰতীকি ফটো
বলীউডৰ ইতিহাসত এনে বহু নায়িকা আছে যিয়ে সৰুকালতে অভিনয় জগতত প্ৰৱেশ কৰে। ইয়াৰে কিছুমান সময়ৰ সোঁতত হেৰাই যায় আৰু আন কিছুমান জনপ্ৰিয় হৈ পৰে। এনে এগৰাকী অভিনেত্ৰী সোনম খান। মাত্ৰ এটা নিশাৰ ভিতৰতে সোনমে ফেশ্বন আইকন আৰু ৮০ আৰু ৯০ দশকৰ এগৰাকী সাহসী অভিনেত্ৰী হিচাপে পৰিচয় লাভ কৰিছিল। আজিৰ সময়ত হয়তো বহুতে তেওঁক চিনি নাপায়। কিন্তু এটা সময়ত তেওঁৰ জনপ্ৰিয়তাই আকাশ চুইছিল। একাধিক হিট ছবি, ব’ল্ড দৃশ্য, ব্যতিক্ৰমী শৈলীৰ বক্তব্যই তেওঁক অন্য এক পৰিচয় দিছিল।
মাত্ৰ ১৪ বছৰ বয়সতে সোনম খানে বলীউড জগতত প্ৰৱেশ কৰিছিল। তেওঁৰ প্ৰকৃত নাম বখতাৱাৰ খান আছিল যদিও সকলোৱে তেওঁক সোনম নামেৰে চিনি পাইছিল। বিখ্যাত পৰিচালক যশ চোপ্ৰাই নাম সলনি কৰি তেওঁৰ নতুন নাম ‘সোনম’ দিছিল। যশ চোপ্ৰাই দিয়া এই নামটোৰ জৰিয়তে তেওঁ পিছলৈ বলীউডত প্ৰতিষ্ঠা কৰিছিল। সোণমৰ প্ৰথমখন ছবি আছিল ‘বিজয়’ (১৯৮৮)। ছবিখনত তেওঁৰ সৈতে অনিল কাপুৰ, ঋষি কাপুৰ, হেমা মালিনী, মীনাক্ষী শেশাদ্ৰী, অনুপম খেৰৰ দৰে তাৰকাই অভিনয় কৰিছিল। সেই ছবিখনত সোনমে চুম্বনৰ একাধিক দৃশ্য কৰিছিল, যাৰ বাবে তেওঁ ছবি মুক্তি লাভ কৰাৰ পাছত নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল। সেই সময়ত তেওঁক ‘বল্ড অভিনেত্ৰী’ বুলি কোৱা হৈছিল।
সোনম খান
ইয়াৰ পিছত তেওঁ ‘ত্ৰিদেৱ’ ছবিত অভিনয় কৰিছিল। সেই ছবিখনৰ ‘ৱে ৱে’ গীতটোৱে এতিয়াও দৰ্শকৰ মাজত জনপ্ৰিয় হৈ আছে। এই ছবিখন ছুপাৰহিট হৈছিল। সোনম খান আৰু চাংকি পাণ্ডে অভিনীত ‘মাটি অ’ সোনা’ ছবিখনতো কেইবাটাও যৌনগন্ধী অভিনয় কৰিছিল। এই ছবিখনত নগ্ন দৃশ্যত অভিনয় কৰি পুনৰ শিৰোনাম দখল কৰিলে সোনমে।
পিছত এক সাক্ষাৎকাৰত সোনমে কৈছিল যে তেওঁ সেই দৃশ্যটোত অভিনয় কৰিবলৈ একেবাৰেই সাজু নাছিল। কিন্তু তেওঁৰ এজন আত্মীয়ই সোনমক শ্বুটিং স্থলীলৈ মাতি নিছিল আৰু এক বিশেষ প্ৰলোভন দিছিল। সোনমে কয় যে মোক কৈছি, “নগ্ন দৃশ্য এটা কৰিলে চকলেট দিয়া হ’ব।” সোণমে কয়, “তেতিয়া মই বহুত সৰু আছিলো। চকলেটৰ লোভত মই সেই দৃশ্যটোত অভিনয় কৰিছিলো।”
অন্য খবৰ পঢ়কঃ মাতৃ যৌনকৰ্মী, কন্যা বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী! এটা সিদ্ধান্তই নিশাৰ ভিতৰতে শেষ কৰি দিলে সকলো…