পুনৰ EDৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব তামান্না ভাটিয়া! জেৰাৰ সময়ত কি কি ক'লে অভিনেত্ৰীগৰাকীয়ে? | actress tamannaah bhatia interogated by ED in guwahati on mahadev gaming app Assam news - Assam Tv9

পুনৰ EDৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব তামান্না ভাটিয়া! জেৰাৰ সময়ত কি কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

EDৰ চাৰিটা শাখাৰ শীৰ্ষ বিষয়াই প্ৰায় ৭ ঘণ্টা ধৰি জেৰা চলালে ‘বাহুবলী’ৰ অৱন্তিকাখ্যাত তামান্না ভাটিয়া। চাইবাৰ চেল, IT চেল, ক্ৰাইম চেলে জেৰা কৰে অভিনেত্ৰী তামান্নাক। EDৰ জেৰাত ৮জন হাইপ্ৰফাইল লোকৰ নাম লৈছে অভিনেত্ৰীগৰাকীয়ে। গুৱাহাটী EDৰ সহকাৰী সঞ্চালক ৰাম দীক্ষিতে চমন প্ৰেৰণ কৰিছিল অভিনেত্ৰী তামান্নাক।

পুনৰ EDৰ কাৰ্যালয়ত হাজিৰ হব লাগিব তামান্না ভাটিয়া! জেৰাৰ সময়ত কি কি কলে অভিনেত্ৰীগৰাকীয়ে?

EDৰ জেৰাত কি কি ক'লে তামান্নাই

Published: 

18 Oct 2024 17:11 PM

বৃহস্পতিবাৰে গুৱাহাটীৰ কাৰ্যালয়ত EDৰ জেৰাৰ সন্মুখীন হৈছিল জনপ্ৰিয় অভিনেত্ৰী তমন্না ভাটিয়া৷ মহাদেৱ বেটিং এপৰ প্ৰমোচনৰ অভিযোগত EDয়ে জেৰা কৰিছিল তামান্নাক৷
মহাদেৱ এপৰ ফেয়াৰপ্লে’ বেটিং এপৰ বিজ্ঞাপনত অংশ লৈছিল তামান্না ভাটিয়াই। তামান্নাৰ নেতৃত্বত বলীউদ আৰু দক্ষিণৰ চেলিব্ৰেটিয়েও বিজ্ঞাপন কৰিছিল এপটোৰ। পুনৰ ৫ নৱেম্বৰত EDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে অভিনেত্ৰীগৰাকীক। প্ৰথমতে সমগ্ৰ বিষয় সংবাদ মাধ্যমৰ পৰা আঁতৰত আছিল যদিও পিছত সকলো তথ্য পোহৰলৈ আনে সংবাদ মাধ্যমে।

EDৰ চাৰিটা শাখাৰ শীৰ্ষ বিষয়াই প্ৰায় ৭ ঘণ্টা ধৰি জেৰা চলালে ‘বাহুবলী’ৰ অৱন্তিকাখ্যাত তামান্না ভাটিয়া। চাইবাৰ চেল, IT চেল, ক্ৰাইম চেলে জেৰা কৰে অভিনেত্ৰী তামান্নাক। EDৰ জেৰাত ৮জন হাইপ্ৰফাইল লোকৰ নাম লৈছে অভিনেত্ৰীগৰাকীয়ে। গুৱাহাটী EDৰ সহকাৰী সঞ্চালক ৰাম দীক্ষিতে চমন প্ৰেৰণ কৰিছিল অভিনেত্ৰী তামান্নাক। সেই চমনৰ ভিত্তিতে বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ডেৰ বজাত পিতৃ-মাতৃৰ সৈতে গুৱাহাটীত উপস্থিত হৈছিল দাক্ষিণাত্যৰ অভিনেত্ৰীগৰাকী। বৃহস্পতিবাৰে দুপৰীয়া ২ বজাৰ পৰা নিশা ৯ বজালৈ চলোৱা জেৰাৰ সময়ত ৮জন হাইপ্ৰফাইল ব্যক্তিৰ নাম লৈছে তামান্নাই। জেৰাৰ সময়ত তামান্না ভাটিয়াৰ ভাষ্য লিপিবদ্ধ কৰে।

গুৱাহাটীত EDৰ মাৰাথন জেৰাৰ সন্মুখীন হোৱাৰ পাছতে নিশা হোটেল ৰেডিছন ব্লুত কটাই শুকুৰবাৰে পুৱা দাক্ষিণাত্যৰ মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়াই দৰ্শন কৰিলে কামাখ্যা মন্দিৰ। পিতৃ-মাতৃৰ সৈতে মা কামাখ্যাৰ আশিস ল’লে ছবিজগতৰ তাৰকাগৰাকীয়ে। মহাদেৱ বেটিং এপৰ গোচৰত গুৱাহাটীত দাক্ষিণাত্যৰ ছবিজগতৰ মোহময়ী অভিনেত্ৰীগৰাকীক মাৰাথন জেৰা চলাইছিল EDএ। বৃহস্পতিবাৰে গুৱাহাটীৰ EDৰ কাৰ্যালয়ত ৮ ঘণ্টা জেৰা চলোৱাৰ পাছত EDএ যাবলৈ দিয়ে অভিনেত্ৰী তামান্নাক। এপটোত ক্ৰিপ্ট’কাৰেন্সী আৰু ধন বিনিয়োগ কৰি প্ৰতাৰণাৰ বলি হৈছিল বহু বিনিয়োগকাৰী। এই প্ৰতাৰণাৰ বলি হৈ নাগালেণ্ডৰ কহিমা থানাত গোচৰ ৰুজু কৰিছিল বিনিয়োগকাৰীয়ে। পৰৱৰ্তী সময়ত গোচৰটোৰ তদন্তৰ দায়িত্ব লৈছিল গুৱাহাটীৰ EDয়ে।

মহাদেৱ বেটিং এপৰ গোচৰত  ইয়াৰ পূৰ্বে কেইবাবাৰো EDয়ে চমন দিছিল তমন্নাক। ২০২৩ৰ অক্টোবৰ মাহত ED-এ চমন দিছিল ৰণবীৰ কাপুৰ, শ্ৰদ্ধা কাপুৰকো। এপটোৰ স্বত্বাধিকাৰী সৌৰভ চন্দ্ৰকাৰৰ দ্বাৰা আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবেও EDৰ জেৰাৰ সন্মুখীন হৈছিল কপিল শৰ্মাও। অনলাই গেম প্ৰচাৰৰ বাবে হুমা কুৰেশ্বী আৰু হিনা খানকো চমন দিছিল EDয়ে। একেটা গোচৰতে চলিত বৰ্ষৰ ২৪ এপ্ৰিলত ছত্তীশগড়ৰ পৰা মুম্বাই চাইবাৰ চেলৰ SITয়ে গ্ৰেপ্তাৰ কৰিছিল মডেল তথা অভিনেতা ছাহিল খানক।

Latest Stories
Salman Khan Threats: বাবা ছিদ্দিকীতকৈ ভয়াৱহ হ’ব ছলমান খানৰ অৱস্থা: শত্ৰুতাৰ অৱসান ঘটাবলৈ ৫ কোটি টকাৰ দাবীৰে ভাবুকি বাৰ্তা
কামাখ্যা মন্দিৰত অভিনেত্ৰী তমন্না ভাটিয়া! পিতৃ-মাতৃৰ সৈতে ল’লে মা কামাখ্যাৰ আশিস
হঠাৎ গুৱাহাটীত তমন্না ভাটিয়া! EDৰ প্ৰায় ৭ ঘন্টা মাৰাথন জেৰাৰ অন্তত যাবলৈ দিয়ে মোহময়ী অভিনেত্ৰীগৰাকীক
গুৱাহাটীৰ ED কাৰ্যালয়ত বলিউডৰ অভিনেত্রী তমন্না ভাটিয়া! ৭ ঘণ্টা ধৰি EDয়ে চলালে জেৰা
Kati Bihu: বাপতিসাহোন কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি তুলসী তলত চাকি দিলে আইমী বৰুৱাই, সন্তানৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো
Sikandar: Sikandar: জীৱনলৈ ভাবুকি অহাৰ মাজতে চলমান খানৰ আন এক বিপদ! নিৰাপত্তাজনিত কাৰণত পিছুৱালে কাম
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!