হঠাৎ গুৱাহাটীত তমন্না ভাটিয়া! EDৰ প্ৰায় ৭ ঘন্টা মাৰাথন জেৰাৰ অন্তত যাবলৈ দিয়ে মোহময়ী অভিনেত্ৰীগৰাকীক | Actress Tamannaah Bhatia released after being questioned by ED for 8 hours in Guwahati Assam news - Assam Tv9

হঠাৎ গুৱাহাটীত তমন্না ভাটিয়া! EDৰ প্ৰায় ৭ ঘন্টা মাৰাথন জেৰাৰ অন্তত যাবলৈ দিয়ে মোহময়ী অভিনেত্ৰীগৰাকীক

বৰ্তমান গুৱাহাটীত ‘বাহুবলী’ৰ অভিনেত্ৰী তামান্না ভাটিয়া। অনলাইন জুৱাৰ বিজ্ঞাপন কৰি বিপদত মোহময়ী অভিনেত্ৰী তামান্না। ঘণ্টা ঘণ্টা ধৰি খ্ৰীষ্টানবস্তিৰ EDৰ কাৰ্যালয়ত জেৰা তামান্নাক। অৱশেষত যাবলৈ দিয়া হ'ল অভিনেত্ৰীগৰাকীক।

হঠাৎ গুৱাহাটীত তমন্না ভাটিয়া! EDৰ প্ৰায় ৭ ঘন্টা মাৰাথন জেৰাৰ অন্তত যাবলৈ দিয়ে মোহময়ী অভিনেত্ৰীগৰাকীক

হঠাৎ গুৱাহাটীত তমন্না ভাটিয়া!

Updated On: 

18 Oct 2024 16:58 PM

আজি হঠাৎ গুৱাহাটীত আহি উপস্থিত হ’ল বলীউড আৰু দক্ষিণৰ এগৰাকী মোহময়ী অভিনেত্ৰী তমন্না ভাটিয়া। কোনো ছবিৰ প্ৰমোশ্যন বা কোনো অনুষ্ঠানত অংশ ল’বলৈ নহয়, গুৱাহাটীৰ EDৰ কাৰ্যালয়ত জেৰা চলিছিল বলিউড অভিনেত্রীগৰাকীৰ। অনলাইন জুৱাৰ বিজ্ঞাপন কৰি বিপদত অভিনেত্ৰী তামান্না।

ঘণ্টা ঘণ্টা ধৰি খ্ৰীষ্টানবস্তিৰ EDৰ কাৰ্যালয়ত জেৰা তামান্নাক। নিষিদ্ধ মহাদেৱ বেটিং এপৰ বিজ্ঞাপন কৰিছিল তামান্নাই। পিতৃ-মাতৃৰ সৈতে গুৱাহাটীত তামান্না ভাটিয়া। পূৰ্বেও অনলাইন জুৱাৰ সন্দৰ্ভত জেৰাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী।

৭/৮ ঘন্টা জেৰাৰ অন্তত অৱশেষত EDৰ গুৱাহাটীৰ কাৰ্যালয়ৰ পৰা ওলাল তমন্না ভাটিয়া। আজি দিনৰ প্ৰায় ১ বজাৰ পৰা নিশা ৯ বজালৈকে জেৰা EDৰ। বৃহস্পতিবাৰৰ নিশাটো গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত কটাব অভিনেত্ৰী তমন্না ভাটিয়াই।

দুপৰীয়া AS12BC6327 নম্বৰৰ এখন বাণিজ্যিক বাহনেৰে আহি ইডিৰ কাৰ্যালয়ত উপস্থিত অভিনেত্ৰীগৰাকী। প্ৰথমতে সমগ্ৰ বিষয় সংবাদ মাধ্যমৰ পৰা আঁতৰত আছিল যদিও পিছত সকলো তথ্য পোহৰলৈ আনে সংবাদ মাধ্যমে। এটা অবৈধ ক্ৰিকেটৰ অনলাইন বিজ্ঞাপনৰ হৈ প্ৰচাৰ চলাইছিল অভিনেত্ৰীগৰাকীয়ে। মহাদেৱ বেটিং এপৰ প্ৰচাৰ চলাইছিল তামান্নাই।

ইয়াৰপূৰ্বে মহাদেৱ বেটিং এপৰ বিজ্ঞাপনৰ বাবে বলীউডৰ তাৰকা অভিনেত্ৰী হোমা কুৰেশ্বী, ৰণবীৰ সিং, কমেডিয়ান কপিল শৰ্মা, শ্ৰদ্ধা কাপুৰ, বমান ইৰানী আৰু হিনা খানকে ধৰি প্ৰায় ১৪ গৰাকী বলীউদ জগতৰে জড়িত লোকক EDয়ে চমন জাৰি কৰিছিল।

কেতিয়া উভতি যাব?

আজিয়েই মুম্বাইলৈ যোৱাৰ কথা আছিল বলীউডৰ অভিনেত্ৰীগৰাকী। কিন্তু ED খ্ৰীষ্টানবস্তিৰ অফিচত দীঘলীয়া জেৰাৰ বাবে আজি ঘূৰি যাব নোৱাৰিলে তমন্নাই। তথ্যনুসৰি শুকুৰবাৰে পুনৰ জেৰা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে কেইবাবাৰো EDয়ে চমন দিছিল তমন্নাক। ED ৰ কাৰ্যালয়ৰ পৰা ওলাই আহি কোনো মন্তব্য দিয়া নাই তমন্নাৰ লগতে পিতৃ-মাতৃয়ে। EDয়ে তমন্নাক কি কি প্ৰশ্ন সুধিলে, সেয়া অৱশ্যে এতিয়াও সংবাদ মাধ্যমক জানিবলৈ দিয়া হোৱা নাই।

মহাদেৱ বেটিং এপ কি?

মহাদেৱ এপটো হৈছে এটা অনলাইন বেটিং প্লেটফৰ্ম য’ত ব্যৱহাৰকাৰীয়ে পকাৰ, কাৰ্ড গেম, বেডমিণ্টন, টেনিছ, ফুটবল, আৰু ক্ৰিকেটকে ধৰি বিভিন্ন গেমৰ মাজেৰে লাইভ জুৱা খেলিব পাৰে। ইয়াৰ উপৰিও এপটোৰ জৰিয়তে ভাৰ্চুৱেল ক্ৰিকেট গেমৰ লগতে টিন পাট্টি আৰু পকাৰৰ দৰে কাৰ্ড গেমো উপলব্ধ। এই এপত কোটি কোটি লোকে জুৱা খেলাৰ তথ্য লাভ কৰিছিল EDয়ে।

Latest Stories
পুনৰ EDৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব তামান্না ভাটিয়া! জেৰাৰ সময়ত কি কি ক’লে অভিনেত্ৰীগৰাকীয়ে?
Salman Khan Threats: বাবা ছিদ্দিকীতকৈ ভয়াৱহ হ’ব ছলমান খানৰ অৱস্থা: শত্ৰুতাৰ অৱসান ঘটাবলৈ ৫ কোটি টকাৰ দাবীৰে ভাবুকি বাৰ্তা
কামাখ্যা মন্দিৰত অভিনেত্ৰী তমন্না ভাটিয়া! পিতৃ-মাতৃৰ সৈতে ল’লে মা কামাখ্যাৰ আশিস
গুৱাহাটীৰ ED কাৰ্যালয়ত বলিউডৰ অভিনেত্রী তমন্না ভাটিয়া! ৭ ঘণ্টা ধৰি EDয়ে চলালে জেৰা
Kati Bihu: বাপতিসাহোন কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি তুলসী তলত চাকি দিলে আইমী বৰুৱাই, সন্তানৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো
Sikandar: Sikandar: জীৱনলৈ ভাবুকি অহাৰ মাজতে চলমান খানৰ আন এক বিপদ! নিৰাপত্তাজনিত কাৰণত পিছুৱালে কাম
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!