5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সুশান্ত সিং ৰাজপুতৰ ফ্লেটত বাস কৰে আদা শৰ্মাই,ঘৰটোৰ বিষয়ে মুখ খুলিলে অভিনেত্ৰীগৰাকীয়ে

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে এই ফ্লেটটো খালী হৈ আছিল। কোনো ভাড়াতীয়া বিচাৰি পোৱা নাছিল এই ফ্লেটটোৰ বাবে। কিন্তু এই ফ্লেটটোতে এতিয়া বাস কৰে অভিনেত্ৰী আদা শৰ্মাই।

সুশান্ত সিং ৰাজপুতৰ ফ্লেটত বাস কৰে আদা শৰ্মাই,ঘৰটোৰ বিষয়ে মুখ খুলিলে অভিনেত্ৰীগৰাকীয়ে
আদা শৰ্মা, সুশান্ত সিং
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 13 Aug 2024 13:10 PM

চলিত বৰ্ষৰ আৰম্ভণিতে এটা খবৰ প্ৰকাশ পাইছিল যে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুটৰ ফ্লেটতো ক্ৰয় কৰিছে আদা শৰ্মাই। ‘দ্যা কেৰালা ষ্টৰী’ৰ পৰা জনপ্ৰিয় হোৱা এই অভিনেত্ৰীগৰাকীয়ে সুশান্ত সিং ৰাজপুটৰ ফ্লেট কিনা সন্দৰ্ভত একো মত প্ৰকাশ কৰা নাছিল যদিও শেহতীয়াই তেওঁ এই বিষয়ত মুখ খোলে। সুশান্ত সিং ৰাজপুতৰ এই বাসগৃহটো মুম্বাইৰ বান্দ্ৰা পশ্চিমৰ মন্ট ব্লাংক বিল্ডিঙৰ ষষ্ঠ মহলাত আছে। ৪ বি এইচ কে সাগৰমুখী ফ্লেলটোত কেইমাহ মান পূৰ্বৰ পৰা অভিনেত্ৰী আদা শৰ্মাই থাকিবলৈ লৈছিল।

বহুতে কৈছিল যে এই ফ্লেটটো আদা শৰ্মাই ক্ৰয় কৰিছিল। কিন্তু শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে কয় যে, এই ফ্লেটটো তেওঁ ক্ৰয় কৰা নাই, তাত তেওঁ ভাড়াত থাকে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা- বতৰাক আদাই কয় যে,তেওঁ ফ্লেটটো ভাড়াত লৈছে। লগতে কয় যে, ‘দ্যা কেৰালা ষ্টৰী’য়ে উপাৰ্জন কৰা ৩৭৮ কোটি টকা তেওঁৰ নহয়। এই ঘৰটোৰ ভাড়াৰ বাবে তেওঁৰ আইতাকেও টকা দিয়ে। সেই ঘৰটোত থাকে যাতে তেওঁৱো ভাড়া দিব বুলি কয়। লগতে কয় যে, মোৰ মাই কাম নকৰে বাবে ভাড়াৰ টকা নিদিয়ে। কিন্তু তেওঁ আমাৰ বাবে বহুত ভাল ভাল খাদ্য বনায়।

আদাই লগতে কয় যে, এই ঘৰটোৰ মালিক মিষ্টাৰ লালৱানী। তেওঁ দক্ষিণ আফ্ৰিকাত থাকে। আনকি সেই ফ্লেটটোত সুশান্ত সিং ৰাজপুতো ভাড়াতে আছিল। আদাই কয় যে, তেওঁ প্ৰথমবাৰৰ বাবে নিজৰ ঘৰ এৰি ভাড়াত থাকিবলৈ লৈছে। এই ঘৰটোৱে তেওঁক ভাল অনুভৱ দিছে। ইতিবাচক অনুভন কৰে তেওঁ। ইয়াৰোপৰি চাৰিওফালে গছ- গছনি, চৰাই- চিৰিকটি আদি থাকে বাবে এই ফ্লেটটোত থাকি ভাল লাগে বুলি অভিনেত্ৰীগৰাকীয়ে কয়।

উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে এই ফ্লেটটো খালী হৈ আছিল। কোনো ভাড়াতীয়া বিচাৰি পোৱা নাছিল এই ফ্লেটটোৰ বাবে। কিন্তু এই ফ্লেটটোতে এতিয়া বাস কৰে অভিনেত্ৰী আদা শৰ্মাই। অভিনেত্ৰী আদা শৰ্মা দক্ষিণ ভাৰতীয় ছবিৰ পৰা আৰম্ভ কৰি বলিউডৰ ছবিতো অভিনয় কৰিছে। কিন্তু তেওঁ বিশেষকৈ দ্যা কেৰালা ষ্টৰী নামৰ ছবিখনৰ পৰাহে জনপ্ৰিয়তা অৰ্জন কৰে।

Latest News