5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পুনৰ হাতত হাত ধৰি সিদ্ধাৰ্থৰ কইনা হ’ল অদিতি! চাওক আকৰ্ষণীয় ফটো

Aditi Rao Hydari-Sidharth Wedding: বলীউডৰ জনপ্ৰিয় দম্পতী অদিতি ৰাও হায়দৰী আৰু সিদ্ধাৰ্থ ১৬ ছেপ্টেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছিল। দুয়োজনে ৪০০ বছৰ পুৰণি এটা মন্দিৰত যুগ্ম জীৱনৰ শপত লৈছিল। বিয়াৰ দুমাহ পিছতে তেওঁলোকে আকৌ দ্বিতীয়বাৰ ৰাজকীয় শৈলীৰে বিবাহ সম্পন্ন কৰিছে। ভাইৰেল হৈ পৰিছে ফটো।

পুনৰ হাতত হাত ধৰি  সিদ্ধাৰ্থৰ কইনা হ’ল অদিতি! চাওক আকৰ্ষণীয় ফটো
পুনৰ হাতত হাত ধৰি সিদ্ধাৰ্থৰ কইনা হ’ল অদিতি ৰাও হায়দৰী
trishna-kalita
Trishna Kalita | Updated On: 27 Nov 2024 17:51 PM

বলীউডৰ জনপ্ৰিয় দম্পতী অদিতি ৰাও হায়দৰী আৰু সিদ্ধাৰ্থই দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছে। দ্বিতীয়বাৰৰ বাবে সিদ্ধাৰ্থৰ কইনাৰূপত দেখা গ’ল অভিনেত্ৰীগৰাকীক । য’ত দুয়োকে একেলগে অত্যন্ত আকৰ্ষণীয় দেখা গৈছে। ১৬ ছেপ্টেম্বৰত তেওঁলোকে ৪০০ বছৰ পুৰণি মন্দিৰত বিবাহ পাশত আৱদ্ধ হয়। অনুষ্ঠানটোৰ সময়ত তেওঁলোকক পৰম্পৰাগত পোছাকত যথেষ্ট ধুনীয়া লাগিছিল। এতিয়া, ৰাজস্থানৰ আলিলা ফৰ্ট বিষাণগড়ৰ পৰা ৰাজকীয় বিবাহৰ ফটো পোহৰলৈ আহিছে। এই ফটোবোৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে অদিতি ৰাও হায়দৰীয়ে।

দুয়োজনে দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছে নে এয়া কেৱল বিবাহৰ ফটোশ্বুট। এই কথা জানিবলৈ অনুৰাগীসকল যথেষ্ট উৎসাহিত। অৱশ্যে, এই বিশেষ অনুষ্ঠানৰ পৰা পোহৰলৈ অহা ফটোত পৰিয়ালৰ কোনো সদস্য নাই।

ৰাজকীয় শৈলীত অদিতি-সিদ্ধাৰ্থৰ বিয়া

অদিতি ৰাও হায়দৰীক ৰঙা লেহেংগাত অতিকৈ ধুনীয়া দেখা গৈছে। বিভিন্ন অলংকাৰ, গধুৰ গহনা পিন্ধি অদিতিয়ে নিজৰ লুকটো সম্পূৰ্ণ কৰিছে। ই ফালে, সিদ্ধাৰ্থক ক্ৰীম ৰঙৰ শ্বেৰৱানী আৰু মুকুটাৰ নেকলেস পিন্ধা দেখা গৈছে। দম্পতীহালে পথাৰৰ মাজত ফটোশ্বুট কৰিছিল। ৰাজস্থানত অদিতি-সিদ্ধাৰ্থৰ বিয়াৰ এই ছবিবোৰ নতুন নে পুৰণি সেয়া এতিয়াও জনা হোৱা নাই। অৱশ্যে, অনুৰাগীসকলে তেওঁলোক দুয়োকে পুনৰ অভিনন্দন জনাইছে। ফটোত দম্পতীক বিবাহৰ ৰীতি-নীতি পালন কৰা দেখা গৈছে। তেওঁলোকে মালাও বিনিময় কৰিছে। এই সপোনৰ বিয়াখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। য’ত দুয়োকে ৰোমান্টিক হৈ থকা দেখা গৈছে।

 

View this post on Instagram

 

A post shared by Aditi Rao Hydari (@aditiraohydari)

অনুৰাগীসকলে অদিতি ৰাও হায়দৰী আৰু সিদ্ধাৰ্থক ইজনে সিজনৰ বাবে বুলি কৈছে। অভিনেত্ৰীগৰাকীয়ে এই বিবাহৰ এটা নহয়, তিনিটা পৃথক পোষ্ট শ্বেয়াৰ কৰিছে। দৰাক তেওঁৰ ৰাণী অদিতিক কম্প্লিমেণ্ট দিয়া দেখা গৈছে। দৰাচলতে, অনুৰাগীসকলে কেৱল এই ফটোবোৰ চাই আচৰিত হৈ পৰিছে। প্ৰতিবাৰেই দম্পতীয়ে গোপনে বিবাহ পাশত আৱদ্ধ হয় আৰু তাৰ পিছত ফটোবোৰ শ্বেয়াৰ কৰা হয়। দুমাহ আগতে, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ পূৰ্বপুৰুষৰ দ্বাৰা নিৰ্মিত এটা মন্দিৰত বিবাহ পাশত আৱদ্ধ হৈছিল। এই বিয়াখনৰ বাবে অভিনেত্ৰীগৰাকীক প্ৰশংসা লাভ কৰিছিল।

 

View this post on Instagram

 

A post shared by Aditi Rao Hydari (@aditiraohydari)

অদিতি আৰু সিদ্ধাৰ্থ এই বছৰৰ মাৰ্চত বাগদান সম্পন্ন কৰিছিল। তাৰ পিছত তেওঁলোকে ছেপ্টেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল। এতিয়া, তেওঁ দ্বিতীয়বাৰৰ বাবে সিদ্ধাৰ্থৰ কইনা হৈছে। এয়া তেওঁলোকৰ দ্বিতীয় বিবাহ। প্ৰথম সম্পৰ্ক বেছি দিন স্থায়ী নহ’ল, যাৰ পিছত তেওঁলোক পৃথক হ’ল। ২০২১ চনৰ পৰা একেলগে থকাৰ পাছত ২০২৪ চনত বিবাহপাশত আৱদ্ধ হৈছিল।

Latest News