ঘৰৰ গাড়ীৰে নহয়, অট’ত উঠাই আহত পিতৃ ছেইফক চিকিৎসালয়লৈ নিলে ইব্ৰাহিমে
আজি পুৱতি নিশা এক ভয়ংকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বলীউডৰ জনপ্ৰিয় অভিনেতা ছেইফ আলী খান। বান্দ্ৰাস্থিত নিজা বাসভৱনতে ছেইফৰ ওপৰত এক অচিনাক্ত ব্যক্তিয়ে চলায় ভয়ংকৰ আক্ৰমণ। এই ভয়ংকৰ আক্ৰমণৰ পিছতে ছেইফক তেওঁৰ জ্যেষ্ঠ পুত্ৰ ইব্ৰাহিম আলী খানে এখন অট’ত উঠাই চিকিৎসালয়লৈ লৈ যায় বুলি প্ৰকাশ পাইছে।
আজি পুৱতি নিশা এক ভয়ংকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বলীউডৰ জনপ্ৰিয় অভিনেতা ছেইফ আলী খান। বান্দ্ৰাস্থিত নিজা বাসভৱনতে ছেইফৰ ওপৰত এক অচিনাক্ত ব্যক্তিয়ে চলায় ভয়ংকৰ আক্ৰমণ। উপৰ্যুপৰি ছুৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় অভিনেতাগৰাকী। ইয়াৰ পিছতে ৰক্তাক্ত অৱস্থাত ছেইফক চিকিৎসালয়লৈ লৈ যোৱা হয়। সম্প্ৰতি তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। প্ৰকাশিত খবৰ অনুসৰি অস্ত্ৰোপচাৰৰ পিছত সম্প্ৰতি সংকটমুক্ত ছেইফ।ইফালে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে সৃষ্টি হৈছে চাঞ্চল্যৰ।
প্ৰকাশিত খবৰ অনুসৰি এই ভয়ংকৰ আক্ৰমণৰ পিছতে ছেইফক চিকিৎসালয়লৈ লৈ যায় তেওঁৰ জ্যেষ্ঠ পুত্ৰ ইব্ৰাহিম আলী খানে। স্বাস্থ্যৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ঘৰৰ বাহন তাৎক্ষণিকভাৱে সাজু নোহোৱাত ইব্ৰাহিমে এখন অট’ত উঠাই ছেইফ আলী খানক চিকিৎসালয়লৈ লৈ যায় বুলি প্ৰকাশ পাইছে। মুম্বাইৰ লীলাৱতী হাস্পতাল ছেইফৰ বাসভৱনৰ পৰা প্ৰায় দুমিনিটমান যাত্ৰাৰ দূৰত্বত অৱস্থিত।
গুৰুতৰভাৱে আহত পিতৃ ছেইফক ইব্ৰাহিমে পুৱা প্ৰায় তিনি বজাত অট’ৰেই লীলাৱতী হাস্পতাললৈ লৈ যায়। এই চিকিৎসালয়তে সম্প্ৰতি চিকিৎসাধীন হৈ আছে বলীউডৰ জনপ্ৰিয় অভিনেতাগৰাকী। ইফালে মুম্বাই আৰক্ষীয়ে এই আক্ৰমণ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। সূত্ৰ অনুসৰি আক্ৰমণৰ সময়ত ছেইফ আলী খান পুত্ৰ টাইমুৰ আৰু জাহাংগীৰৰ সৈতে ঘৰত আছিল। আনহাতে পত্নী কৰীণা কাপুৰ আছিল ভগ্নী কৰিশ্মা কাপুৰৰ বাসগৃ্হত।
কৰীণাৰ লগতে ৰিয়া কাপুৰ আৰু সোণম কাপুৰো কৰিশ্মা কাপুৰৰ বাসগৃ্হত উপস্থিত আছিল বুলি জানিব পৰা গৈছে। ছেইফ আলী খানৰ ওপৰত আক্ৰমণৰ খবৰ পোহৰলৈ অহাৰ পিছতে কৰীণা কাপুৰ লগে লগে বাসগৃ্হত উপস্থিত হয়। এই ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে। বৰ্তমান কৰীণা স্বামী ছেইফ আলী খানৰ সৈতে চিকিৎসালয়তে আছে। ঘটনা সন্দৰ্ভত তেওঁৰ কোনো প্ৰতিক্ৰিয়া এইপৰ্যন্ত প্ৰকাশ পোৱা নাই।
ইফালে চিকিৎসাধীন ছেইফ আলী খানৰ বৰ্তমানৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত এক নতুন বিবৃতি প্ৰকাশ কৰা হৈছে। এই বিবৃতিত ছেইফ আলী খানৰ অস্ত্ৰোপচাৰ সম্পূৰ্ণ হৈছে আৰু এতিয়া তেওঁ বিপদৰ পৰা মুক্ত হৈছে বুলি উল্লেখ কৰা হৈছে। চিকিৎসকৰ দলে তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ নিৰীক্ষণ কৰি আছে আৰু তেওঁ এতিয়া সুস্থ হৈ উঠিছে বুলিও বিবৃতিত কোৱা হৈছে। ইফালে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে।