5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কিয় আধৰুৱা হৈ ৰ’ল অজয় দেৱগন আৰু তাবুৰ প্ৰেম কাহিনী? কিয় হৈছিল বিচ্ছেদ…

কিয় সম্পূৰ্ণ নহ'ল অজয় দেৱগন আৰু তাবুৰ প্ৰেম কাহিনী?অজয় জেললৈ গুচি যায় আৰু তাবু অন্য যুৱকৰ সৈতে বিয়া হয়। অজয় দেৱগনৰ লগত যি যি সপোন দেখিছিল সকলো তাবুই অন্য এজনৰ লগত পূৰণ কৰে।

কিয় আধৰুৱা হৈ ৰ’ল অজয় দেৱগন আৰু তাবুৰ প্ৰেম কাহিনী? কিয় হৈছিল বিচ্ছেদ…
অজয়, তাবু
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 05 Aug 2024 14:18 PM

কিয় সম্পূৰ্ণ নহ’ল অজয় দেৱগন আৰু তাবুৰ প্ৰেম কাহিনী? এই কথা জানিবলৈ এটা কাহিনী জানিব লাগিব। এই কাহিনীৰ আৰম্ভণী হয় কৃষ্ণ (শান্তনু মাহেশ্বৰী) আৰু বসুধা (ছাই মাঞ্জেকৰ) ৰ পৰা। দুয়ো মুম্বাইৰ সাগৰৰ পাৰত বহি কথা পাতি থাকে। এদিন কৃষ্ণৰ কান্ধত মূৰ হৈ বসুধাই কয় যে- আমাক কোনোৱে পৃথক নকৰে ন? ইয়াৰ উত্তৰত কৃষ্ণই কয়- এতিয়ালৈকে এনে কোনো জন্ম হোৱা নাই। কোনোৱে চেষ্টাও কৰা নাই। যদি কৰে তেন্তে পৃথিৱী জ্বলাই দিম। তাৰ পাছতেই কৃষ্ণ (অজয় দেৱগন) ক দেখিবলৈ পোৱা যায় জেলৰ এজন কয়দীৰ ৰূপত। তেতিয়ালৈকে কৃষ্ণ এনে এজনলোকলৈ পৰিণত হয় যাক দেখিলে ভয়ত সকলোৱে কঁপি উঠে- এয়া নীৰজ পাণ্ডে নিৰ্মাণ কৰা ছবি অৰৌ মে কাহা দম থা (auron mein kahan dum tha) ৰ কাহিনী।

২২ বছৰীয়া কৃষ্ণ অৰ্থাৎ অজয় দেৱগন ডাবল মৰ্ডাৰৰ গোচৰত জেলত থাকে। আৰক্ষীৰ পৰা কয়দীলৈ সকলোৱে তেওঁক সন্মান কৰে। কিন্তু এদিন তেওঁ গম পাই যে তেওঁৰ ২৫ বছৰীয়া কাৰাদণ্ড কমাই দিয়া হৈছে। তেতিয়া কৃষ্ণ অৰ্থাৎ অজয় দেৱগনে ঘৰলৈ যাব ভয় কৰে। কৃষ্ণ অনাথ আছিল। বসুধা অৰ্থাৎ তাবুৰ বাহিৰে তেওঁৰ জীৱনত কোনো নাছিল। কিন্তু তেওঁলোক এতিয়া যি পৰিস্থিতিত আছে সেয়া ভাল নহয়। বাহিৰলৈ যোৱা মানে কৃষ্ণই আকৌ বসুধাক লগ পোৱা আৰু পুৰণি দুখ মনত কৰা। এই ছবিখনত অজয় আৰু তাবুৰ প্ৰেম কাহিনী, বিচ্ছেদ, প্ৰেমৰ বাবে কি কি কৰে সেয়া সকলো দেখুওৱা হৈছে।

এই ছবিখনত দেখুওৱা হৈছে অজয় আৰু তাবুৰ বিচ্ছেদ হয়। অজয় জেললৈ গুচি যায় আৰু তাবু অন্য যুৱকৰ সৈতে বিয়া হয়। অজয় দেৱগনৰ লগত যি যি সপোন দেখিছিল সকলো তাবুই অন্য এজনৰ লগত পূৰণ কৰে। কিন্তু এই ছবিখনৰ কাহিনী অতি লেহেমীয়া। ইয়াৰোপৰি ছবিখনৰ শেষত কি হয় তাৰ বাবে আপুনি ছবিখন চাব লাগিব।

এই ছবিখন দৰ্শকে পচন্দ কৰা নাই। অজয় দেৱগন আৰু তাবুৰ এই ছবিখনৰ বাজেট প্ৰায় ১০০ কোটি টকাৰ। কিন্তু ছবিখনে এই সংখ্যা আয় কৰিব নোৱাৰিব। ছবিখনে তিনিদিনত ভাৰতৰ পৰা ৪ কোটি টকা উপাৰ্জন কৰিছে। একে সময়তে বিশ্বব্যাপী ছবিখনে মাত্ৰ ৫ কোটি টকা অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰথম দিনাই ছবিখনে ১.৮৫ কোটি টকা উপাৰ্জন কৰিছিল। দ্বিতীয় দিনা এই উপাৰ্জন ২.১৫ কোটি টকালৈ বৃদ্ধি হয়। গতিকে এই ছবিখন ফ্লপ ছবিৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱণা আছে।

Latest News