Golmaalৰ ৪টা পাৰ্টৰ পৰা মুঠ কিমান টকা উপাৰ্জন কৰিলে ৰোহিত চেট্টীয়ে? এতিয়া চলাইছে পঞ্চম অংশৰ প্ৰস্তুতি!

Golmaal Franchise Collection: 'সিংঘম এগেইন'ৰ পিছত অজয় দেৱগন আৰু ৰোহিত চেট্টীয়ে 'গোলমাল' ফ্ৰেঞ্চাইজিৰ পঞ্চমটো পাৰ্ট 'গোলমাল 5'ত একেলগে কাম কৰিব। ৰোহিতে নিজেই এই ছবিখনৰ কথা ঘোষণা কৰিছিল। এই সময়তে জানো আহক 'গোলমাল'ৰ ৪টা ফ্ৰেঞ্চাইজিয়ে কিমান টকা উপাৰ্জন কৰিলে...

Golmaalৰ ৪টা পাৰ্টৰ পৰা মুঠ কিমান টকা উপাৰ্জন কৰিলে ৰোহিত চেট্টীয়ে? এতিয়া চলাইছে পঞ্চম অংশৰ প্ৰস্তুতি!

Golmaalৰ ৪টা পাৰ্টৰ পৰা কিমান টকা উপাৰ্জন কৰিলে ৰোহিত চেট্টীয়ে?

Published: 

10 Nov 2024 17:08 PM

এইবাৰ ৰোহিত চেট্টীয়ে নিৰ্মাণ কৰিব ‘গোলমাল 5’। এই কথা নিজে ঘোষণা কৰিছে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে । ইয়াৰ লগে লগে আকৌ এবাৰ অজয়ৰ সৈতে এখন কমেডি ধাৰাৰ ছবি নিৰ্মাণ কৰি ‘গোলমাল’ ফ্ৰেঞ্চাইজিক আগুৱাই নিবলৈ চলাই আছে প্ৰস্তুতি। ১ নৱেম্বৰত দুয়োৰে ছবি সিংঘম এগেইন মুক্তি লাভ কৰিছিল। এই ছবিখনৰ বাবে দুয়োজন বাতৰিৰ শিৰোনামত থকা পৰিলক্ষিত হৈছে। এই আলোচনাৰ মাজতে, ৰোহিতে কৈছিল যে তেওঁৰ পৰৱৰ্তী ছবি ‘গোলমাল 5’ নিৰ্মাণ হ’বলৈ গৈ আছে। যিকোনো COP ছবিৰ পূৰ্বে ‘গোলমাল 5’ নিৰ্মাণ কৰিব বুলি জনাইছে ৰোহিতে ।

যেনেদৰে ‘সিংঘম’ ৰোহিতৰ জনপ্ৰিয় ফিল্ম ফ্ৰেঞ্চাইজি, একেদৰে সেই শাৰীতে আছে ‘গোলমাল’। এতিয়ালৈকে এই ফ্ৰেঞ্চাইজিৰ ৪খন ছবিয়ে মুক্তি লাভ কৰিছে। যিবোৰে দৰ্শকৰ যথেষ্ট মৰম বুটলিবলৈ সক্ষম হৈছে। যিহেতু ৰোহিতে ‘গোলমাল’ৰ নতুন ফ্ৰেঞ্চাইজিৰ কথা ঘোষণা কৰিছে, এই সময়তে জানো আহক ‘গোলমাল’ৰ ৪টা ফ্ৰেঞ্চাইজিয়ে কিমান টকা উপাৰ্জন কৰিলে…

গোলমাল: ফান আনলিমিটেড (2006)

প্ৰথমে জানো আহক’গোলমাল: ফান আনলিমিটেড’ৰ বিষয়ে। ২০০৬ চনত অহা ছবিখনৰ এইটো প্ৰথম অংশ। ছবিখনে মানুহৰ পৰা যথেষ্ট মৰম পাইছিল। ১৫ কোটি টকাৰ বাজেটত নিৰ্মিত এই ছবিখনে বক্স অফিচত বিশ্বব্যাপী ৪৬.৭২ কোটি টকা সংগ্ৰহ কৰে। ইয়াৰ সৈতে, চলচ্চিত্ৰখন হিট প্ৰমাণিত হৈছিল

গোলমাল ৰিটাৰ্ণছ (2008)

ৰোহিত চেট্টী আৰু অজয়ে ২০০৮ চনত ‘গোলমাল ৰিটাৰ্ণছ’ নামৰে ফ্ৰেঞ্চাইজিৰ দ্বিতীয়টো অংশ আহিছিল। প্ৰতিবেদন অনুসৰি, ৩৫ কোটি টকাত নিৰ্মিত ছবিখনে বিশ্বজুৰি ৮০ কোটি টকা উপাৰ্জন কৰিছিল। যিয়ে হিট ছবিৰ টেগ পাইছিল।

গোলমাল 3 (2010)

২০১০ চনত ‘গোলমাল 3’ দৰ্শকৰ মাজলৈ আহিছিল এই ছবিখনেও দৰ্শকৰ শক্তিশালী সঁহাৰি লাভ কৰিছিল। যাৰ বাবে ছবিখন ব্লকবাষ্টাৰ হিচাপে হৈ পৰিছিল। ইয়াৰ বাজেট আছিল ৫০ কোটি টকা আৰু বক্স অফিচত বিশ্বব্যাপী সংগ্ৰহ আছিল ১৬৯.৫৬ কোটি টকা।

গোলমাল এগেইন (2017)

‘গোলমাল এগেইন’ অৰ্থাৎ চতুৰ্থ অংশটোও ব্লকবাষ্টাৰ আছিল। নিৰ্মাতাসকলে এই ছবিখন নিৰ্মাণত ১৪২ কোটি টকা খৰচ কৰিছিল আৰু ছবিখনে নিৰ্মাতাসকলক ৩১০ কোটি টকা উপাৰ্জন কৰি দিছিল।
অৰ্থাৎ এতিয়ালৈকে ‘গোলমাল’ৰ ৪ৰটা অংশৰ পৰা প্ৰায় ৬০০ কোটি টকা উপাৰ্জন হৈছে।

 

ছালৰ উজ্বলতা বঢ়াবলৈ ঘৰতে তৈয়াৰ কৰক এই সামগ্ৰী...
বিশ্বৰ সবাতোকৈ দৰিদ্ৰ দেশ কেইখন, য'ত এজন ব্যক্তিৰ বছৰি আয় মাত্ৰ ৬০ হাজাৰ টকা...
দেশৰ এখন অভিশপ্ত নদী, যাক স্পৰ্শ কৰিবলৈ ভয় কৰে মানুহে, কাৰণ..
কলি যুগ শেষ হ'বলৈ আৰু কিমান বছৰ বাকী আছে?