Maharashtra Elections 2024: ভাৰতীয় নাগৰিকত্ব লাভৰ পাছত বিধানসভাৰ নিৰ্বাচনত প্ৰথমটো ভোট দিলে অক্ষয় কুমাৰে, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’ …

Akshay Kumar: ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পিছত, মহাৰাষ্ট্ৰ বিধানসভাত প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিছে অক্ষয় কুমাৰে।পুৱা ৭ বজাতে ভোটকেন্দ্ৰত উপস্থিত হয় অক্ষয় । ভোটদান কৰাৰ লগত আৰু তাত উপস্থিত লোকসকলৰ সৈতে কথা পাতে অভিনেতাজনে । ভাইৰেল হৈ পৰিছে অক্ষয় কুমাৰৰ এটা বিশেষ ভিডিঅ' ।

Maharashtra Elections 2024: ভাৰতীয় নাগৰিকত্ব লাভৰ পাছত বিধানসভাৰ নিৰ্বাচনত প্ৰথমটো ভোট দিলে অক্ষয় কুমাৰে, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ ...

বিধানসভাৰ নিৰ্বাচনত প্ৰথম ভোট দিলে অক্ষয় কুমাৰে

Published: 

20 Nov 2024 13:50 PM

২৮৮ খন আসনৰ বাবে আজি মহাৰাষ্ট্ৰ অনুষ্ঠিত হৈছে হৈছে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। বহু তাৰকাই নিজ নিজ ভোট কেন্দ্ৰত উপস্থিত ভোটাধিকাৰ সাব্যস্ত কৰে। কিন্তু আজি প্ৰথমে ভোট দিয়া বলীউডৰ অভিনেতাজন আছিল অক্ষয় কুমাৰ। ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পিছত মহাৰাষ্ট্ৰ বিধানসভাত প্ৰথমবাৰৰ বাবে ভোটদান কৰিছে অক্ষয় কুমাৰে। ভাৰতীয় নাগৰিক হিচাপে তেওঁৰ কৰ্তব্য পালন কৰি ৰাতিপুৱাই ভোটদান কৰে অভিনেতাজনে।

অক্ষয় কুমাৰ তেওঁৰ ফিটনেছৰ বাবে জনাজাত। কোৱা হয় যে খিলাড়ী কুমাৰ নিশা ৯ বজাত শুবলৈ যায় আৰু ৰাতিপুৱা ৪ বজাত বিচনাৰ পৰা উঠে। সেইকাৰণেই হয়তো অক্ষয় কুমাৰক প্ৰথম অভিনেতা আৰু প্ৰথমগৰাকী ব্যক্তি হিচাপে বৰ্ণনা কৰা হৈছে যিয়ে তেওঁৰ নিকটতম ভোটকেন্দ্ৰলৈ গৈ ভোটাধিকাৰ সাব্যস্ত কৰিছে। অৱশ্যে, লোকসভা নিৰ্বাচনৰ সময়তো অক্ষয় কুমাৰে ৰাতিপুৱা ৭ বজাত ভোটকেন্দ্ৰত উপস্থিত হৈছিল।

ভাৰতীয় নাগৰিকত্ব পোৱাৰ পিছত বিধানসভাত অক্ষয়ৰ এয়া প্ৰথমটো ভোট। ভোটদানৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। ভিডিঅ’টোত, অক্ষয় কুমাৰক পুৱাই ভোটকেন্দ্ৰত উপস্থিত হোৱা দেখা গৈছে। যেতিয়া অভিনেতাজন তাত উপস্থিত হৈছিল, ভোটকেন্দ্ৰটোত মাত্ৰ কেইজনমান লোক উপস্থিত আছিল। ভোটকেন্দ্ৰৰ বাহিৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাম চলি আছিল। কিন্তু সময়মতে কাম কৰা আক্কি পুৱা ৭ বজাত তাত উপস্থিত হৈছিল।

ইয়াৰ মাজতে অক্ষয় কুমাৰৰ আন এটা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত তেওঁক এজন জ্যেষ্ঠ নাগৰিকৰ সৈতে বাৰ্তালাপ কৰা দেখা গৈছে। য’ত জ্যেষ্ঠ ব্যক্তিজনে অক্ষয় কুমাৰক শৌচালয় সন্দৰ্ভত কিছু কথা কোৱা শুনা গৈছে। আক্কিয়ে তেওঁৰ কথাবোৰ শুনিছিল আৰু BMCৰ সৈতে কথা পাতিবলৈ কৈছিল। ভিডিঅ’টোত, বৃদ্ধ ব্যক্তিজনে অক্ষয় কুমাৰক কৈছে, “ছাৰ, আপুনি নিৰ্মাণ কৰা শৌচালয়টো ক্ষতিগ্ৰস্ত হৈছে। মই ইয়াক তিনি-চাৰি বছৰ ধৰি ভাল কৰি আছোঁ।” এই সন্দৰ্ভত অক্ষয় কুমাৰে কয় যে – “BMCৰ লোকসকলৰ সৈতে কথা পাতক।”  বৃদ্ধ ব্যক্তিজনক বাৰে বাৰে অভিনেতাজনক কোৱা দেখা গৈছিল যে, “আপুনি স্থাপন কৰা বাকচটো লোৰ, সেয়েহে ইয়াত যথেষ্ট ধন ব্যয় কৰিব লাগে। আপুনি মোক বাকচটো দিবা, মই লগাই ল’ম।”

ইয়াৰ উপৰিও, খিলাড়ী কুমাৰে ভোটদান কৰাৰ পিছত তেওঁৰ আঙুলিত দিয়া নীলা চিয়াহীৰ চিহ্নটো প্ৰদৰ্শন কৰিছিল। অক্ষয় কুমাৰে বিগত বৰ্ষত ভাৰতৰ নাগৰিকত্ব লাভ কৰিছিল। অভিনেতাজনে এই তথ্য ২০২৩ চনৰ ১৫ আগষ্টত টুইটাৰত সকলোৰে সৈতে শ্বেয়াৰ কৰিছিল।

শীতকালত মুখত লগাওক নাৰিকল তেল, আছে একাধিক লাভালাভ!
হাতৰ কোনটো আঙুলিত আৰু কিয় কাছৰ আঙুঠি পিন্ধিব নালাগে
কি সমস্যা থাকিলে খাব নালাগে গাখীৰ? জানক সবিশেষ...
ঠাণ্ডা দিনত কমলা খাব লাগে নে নাই? কি কয় বিশেষজ্ঞই...