Raha Birthday: দুবছৰীয়া হ’ল ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা, আইতাক নীতু কাপুৰে শুভেচ্ছা জনাই শ্বেয়াৰ কৰিলে মৰমলগা ফটো
Raha Kapoor Birthday: আজি ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ মৰমৰ কন্যা ৰাহা কাপুৰৰ জন্মদিন। ২০২২ চনৰ ৬ নৱেম্বৰত মুম্বাইত জন্মগ্ৰহণ কৰিছিল ৰাহাই। এই বিশেষ দিনটোত ৰাহাৰ আইতাক অৰ্থাৎ ৰণবীৰ কাপুৰৰ মাকে বিশেষভাবে শুভেচ্ছা জনাইছে।
Raha Kapoor 2nd Birthday: আজি আলিয়া-ৰণবীৰৰ কন্যা ৰাহাৰ দ্বিতীয় জন্মদিন। এই উপলক্ষে ৰণবীৰ কাপুৰৰ মাতৃ নীতু কাপুৰে নাতিনীয়েকক মুকলিকৈ মৰমৰ যাঁচিছে। ইনষ্টাগ্ৰামত ৰাহাৰ এখন মৰমলগা ছবি শ্বেয়াৰ কৰিছে, য’ত আলিয়া আৰু ৰণবীৰ কাপুৰক তেওঁলোকৰ কন্যাৰ সৈতে দেখা গৈছে। ৰাহাৰ সৌন্দৰ্য ছবিখনত স্পষ্ট হৈ পৰিছে।
নীতু কাপুৰে ইনষ্টাগ্ৰামত ৰাহাক জন্মদিনৰ শুভেচ্ছা জনাই এখন ফটো শ্বেয়াৰ কৰিছে আৰু লিখিছে, “আজি আমাৰ মৰমীৰ জন্মদিন। আশীৰ্বাদ থাকিল।” নীতু কাপুৰে কেপচনত উপহাৰ, নজৰ আৰু হাৰ্ট ইমোজিও সন্নিবিষ্ট কৰা হৈছে। নীতু কাপুৰে শ্বেয়াৰ কৰা ফটোখনত ৰাহাক মাতৃ আলিয়া আৰু পিতৃ ৰণবীৰৰ সৈতে এখন গাড়ীত বহি থকা দেখা গৈছে। ৰণবীৰ কাপুৰে নিজৰ মৰমৰ কন্যাক অতি মৰমেৰে চুমা খাই থকা দেখা গৈছে।
View this post on Instagram
ৰহাই মাক দেউতাৰ সৈতে কৰিছে পূজা
কিছুদিন পূৰ্বে আলিয়া ভাটে নিজৰ ইনষ্টাগ্ৰামত অনুৰাগীৰ সৈতে দীপাৱলী উদযাপনৰ ফটো শ্বেয়াৰ কৰিছিল। ইয়াৰে এখন ছবিত কন্যা ৰহা আৰু স্বামী ৰণবীৰৰ সৈতে আলিয়া ভাটকো দেখা গৈছে। আৰতিৰ থালি লৈ ৰহাক বৰ মৰমলগা দেখা গৈছিল। ৰাহাৰ পূজা কৰা এই ছবিখন ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত। বিশেষ কথাটো হ’ল তিনিওজনে একে ৰঙৰ ড্ৰেছ পিন্ধিছিল।
View this post on Instagram
ৰাহাৰ প্ৰথম ফটোখন কেতিয়া ওলাল?
২০২২ চনৰ ১৪ এপ্ৰিলত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে বিবাহপাশত আবদ্ধ হয়। ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত মুম্বাইৰ নিজৰ ঘৰত ৭টা ৰাউণ্ড লৈছিল। সেই বছৰৰ ৬ নৱেম্বৰত ৰহাৰ ৰূপত ৰণবীৰ আৰু আলিয়াৰ ঘৰলৈ এজন সৰু আলহী আহিছিল। দুয়োজনীয়ে জীয়েকৰ নাম ৰাহা ৰাখিলে। অৱশ্যে বহুদিনলৈ ৰণবীৰ আৰু আলিয়াই জীয়েকৰ মুখখন অনুৰাগীসকলক দেখুওৱা নাছিল। আনকি ৰাহাৰ ফটো ৰাজহুৱা নকৰিবলৈও Paparazziক আহ্বান জনাইছিল।
অৱশ্যে যোৱা বছৰ বৰদিন উপলক্ষে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে প্ৰথমবাৰৰ বাবে নিজৰ কন্যা ৰাহা কাপুৰৰ আভাস সকলোকে দিছিল। বৰদিনৰ সন্ধিয়া কন্যাক কোলাত লৈ Paparazziৰ সন্মুখলৈ আহিছিল ৰণবীৰ। এই দিনটোত আলিয়াও তেওঁৰ লগত আছিল। তেতিয়াৰ পৰা ৰাহাৰ ছবিবোৰ অবিৰতভাৱে ভাইৰেল হৈ আছে।