গ্ৰেপ্তাৰ হ’ল পুষ্পা! হায়দৰাবাদৰ ঘটনাৰ বাবে কেনেকৈ দায়ী আল্লু অৰ্জুন?

আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰাৰ পিছত, সকলোৰে মনত প্ৰশ্ন উত্থাপিত হৈছে যে সন্ধ্যা থিয়েটাৰত সংঘটিত সেই ঘটনাটোৰ বাবে আল্লু অৰ্জুন কেনেকৈ দায়ী? হায়দৰাবাদৰ ' পুষ্পা ২'ৰ স্ক্ৰীণিংৰ সময়ত পদপিষ্ট হৈ নিহত হৈছিল এগৰাকী ৩৫ বছৰীয়া মহিলা।

গ্ৰেপ্তাৰ হল পুষ্পা! হায়দৰাবাদৰ ঘটনাৰ বাবে কেনেকৈ দায়ী আল্লু অৰ্জুন?

কিয় গ্ৰেপ্তাৰ কৰা হ'ল আল্লু অৰ্জুনক?

Updated On: 

13 Dec 2024 14:53 PM

হায়দৰাবাদত সংঘটিত পদপিষ্টৰ ঘটনাত দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁক সোধা-পোছাৰ বাবে চিক্কাডপাল্লি আৰক্ষী চকীলৈ লৈ যোৱা হৈছে। কিন্তু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে, সন্ধ্যা ছবিগৃহত সংঘটিত সেই ঘটনাটোৰ বাবে আল্লু অৰ্জুন কেনেকৈ দায়ী? দৰাচলতে, ৪ ডিচেম্বৰত পুষ্পা-২ৰ প্ৰিমিয়াৰ শ্ব’ৰ সময়ত ছবিগৃহত বিশাল জনসমাগমত হৈছিল।

যাৰ বাবে পদপিষ্ট হৈ এগৰাকী ৩৫ বছৰীয়া মহিলা নিহত হোৱাৰ লগতে তেওঁৰ পুত্ৰ আঘাতপ্ৰাপ্ত হৈছিল। দুয়োকে লগে লগে ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। য’ত চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে আনহাতে পুত্ৰক সংকটজনক অৱস্থাত চিকিৎসা চলাই থকা হৈছে। ঘটনাটোৰ পিছত, হায়দৰাবাদৰ চিক্কাডপল্লী আৰক্ষী থানাত আল্লু অৰ্জুন, তেওঁৰ টীম আৰু সন্ধ্যা ছবিগৃহৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল।

ঘটনাটোৰ বাবে কেনেকৈ দায়ী আল্লু অৰ্জুন?

এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে, এই ঘটনাটোৰ বাবে আল্লু অৰ্জুন কেনেকৈ দায়ী? ইয়াৰ কাৰণ হৈছে সন্ধ্যা ছবিগৃহৰ দৰে বাকী ছবিগৃহতো পুষ্পা-২ প্ৰদৰ্শিত হৈছিল যদিও কোনো দুৰ্ঘটনা সংঘটিত হোৱা নাছিল। কিন্তু সন্ধ্যা ছবিগৃহত আল্লু অৰ্জুনক চাবলৈ বহু সংখ্যক অনুৰাগীয়ে ভিৰ কৰিছিল। যি সম্পৰ্কে আল্লু অৰ্জুন বা ছবিগৃহৰ গৰাকীৰ কোনো ধাৰণা নাছিল।

ফলস্বৰূপে, আল্লু অৰ্জুন অহাৰ লগে লগে হোৱা বিশাল জনসমাগমত পদপিষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছিল। ইয়াৰ পিছত, ঘটনাটোক লৈ তীব্ৰ হুলস্থূলৰ সৃষ্টি হৈছিল। পাছত আল্লু অৰ্জুনে ঘটনাটো সংঘটিত হোৱা বাবে শোক প্ৰকাশ কৰি ভুক্তভোগীৰ পৰিয়ালৰ ওচৰত ক্ষমাও বিচাৰিছিল। তেওঁ ক্ষতিপূৰণ আৰু চিকিৎসাৰ প্ৰতিশ্ৰুতিও দিছিল। আল্লু অৰ্জুনে ভুক্তভোগীৰ পৰিয়ালক সহায় হিচাপে ২৫ লাখ টকা দিছিল। ইয়াৰ পাছতো তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল আৰু আজি আৰক্ষীয়ে আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰে। তেওঁলোকক চিক্কাডপাল্লি আৰক্ষী চকীত জেৰা কৰা হৈছে।

আৰক্ষীয়ে কি কৈছে?

আৰক্ষীয়ে সন্ধ্যা ছবিগৃহত হোৱা ভিৰৰ বাবে মেনেজমেণ্টক জগৰিয়া কৰিছে। আৰক্ষীয়ে কৈছিল যে ছবিগৃহৰ মেনেজমেণ্টে আল্লু অৰ্জুনৰ আগমনৰ বিষয়ে অৱগত কৰা নাছিল। ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া আল্লু অৰ্জুন তেওঁৰ টীমৰ সৈতে ছবিগৃহৰ ভিতৰলৈ গৈ আছিল। কিন্তু , যদি এই ঘটনাৰ বাবে ছবিগৃহৰ মেনেজমেণ্ট দায়ী হয়, তেন্তে আল্লু অৰ্জুনক কিয় গ্ৰেপ্তাৰ কৰা হৈছে? সেই প্ৰশ্ন এতিয়া ৰহস্যৰ আৱৰ্তত।

উল্লেখ্য যে, ৫ ডিচেম্বৰত মুক্তি লাভ কৰা আল্লু অৰ্জুনৰ ছবি ‘পুষ্পা ২’য়ে এতিয়ালৈ দেশ আৰু বিদেশত ১০০০ কোটিতকৈও অধিক উপাৰ্জন কৰিছে। আশা কৰা হৈছে যে গ্ৰেপ্তাৰ হোৱাৰ পিছত, ছবিখনৰ উপাৰ্জন আৰু বৃদ্ধি পাব।

 

বিগত ৫ বছৰত কিমান লোকে ত্যাগ কৰিলে ভাৰতীয় নাগৰিকত্ব? এই তথ্যই আচৰিত কৰিব আপোনাক!
মাত্ৰ ১৮ বছৰতে বিশ্ব চেম্পিয়ন হোৱা গুকেছে পুৰস্কাৰ হিচাপে কিমান ধন লাভ কৰিব জানেনে?
ঘৰত বাস্তু দোষ থাকিলে কেনেকৈ গ'ম পাব?
কৰ্দ্দৈৰ খাওঁতে সাৱধান, সমস্যাই দেখা দিব পাৰে আপোনাৰ বৃক্কৰ!