আল্লু অৰ্জুনলৈ সকাহ, অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ তেলেংগানা উচ্চ ন্যায়ালয়ৰ
৪ ডিচেম্বৰত হায়দৰাবাদত ‘পুষ্পা ২’ ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ৰ সময়ত সন্ধ্যা থিয়েটাৰত পদপিষ্ট হৈ মৃত্যু হৈছিল এগৰাকী মহিলাৰ।এই ঘটনাৰ পিছত, আৰক্ষীয়ে শুকুৰবাৰে আল্লু অৰ্জুনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে আল্লু অৰ্জুন। নামপল্লী আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আল্লু অৰ্জুনক।
হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰ ষ্টেম্পেড গোচৰত দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুনক জামিন প্ৰদান কৰা হৈছে। গোচৰটোত আল্লু অৰ্জুনক তেলেংগানা উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে।অভিনেতাজনক আজি ৰাতিপুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তাৰ পিছত তেওঁক সোধা-পোছাৰ বাবে চিক্কাডপাল্লি আৰক্ষী চকীলৈ লৈ যোৱা হৈছিল।
উচ্চ ন্যায়ালয়ৰ এই ৰায় এনে এক সময়ত প্ৰদান কৰিছে যেতিয়া নামপল্লী আদালতে আল্লু অৰ্জুনক গোচৰটোত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। অৱশ্যে, এতিয়া উচ্চ ন্যায়ালয়ে আল্লু অৰ্জুনক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে, যাৰ ফলত তেওঁ যথেষ্ট সকাহ লাভ কৰিছে।
৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত ব্লকবাষ্টাৰ ছবি ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰ শ্ব’ৰ সময়ত সন্ধ্যা থিয়েটাৰত পদপিষ্ট হৈ মৃত্যু হৈছিল এগৰাকী মহিলাৰ। লগতে আন চাৰিজন লোক আহত হয় ঘটনাসন্দৰ্ভত অভিযোগ দাখিল কৰাৰ পিছত শুকুৰবাৰে আৰক্ষীয়ে আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰিছিল। এফালে আৰক্ষীয়ে আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰে, আনফালে অভিনেতাগৰাকীয়ে জৰুৰী শুনানি বিচাৰি উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰে। এতিয়া আদালতে আবেদনৰ শুনানি গ্ৰহণ কৰি অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিবলৈ নিৰ্দেশ দিছে।
গ্ৰেপ্তাৰ আৰু জামিনৰ পিছত আৱেগিক হৈ পৰে আল্লু অৰ্জুন
সন্ধ্যা থিয়েটাৰ গোচৰত প্ৰথম গ্ৰেপ্তাৰ হোৱাৰ পিছত আল্লু অৰ্জুনক আৱেগিক হোৱা দেখা গৈছিল। তাৰ পিছত উচ্চ ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰে আল্লু অৰ্জুনে। আৰক্ষীৰ গাড়ীত বহি আদালতত উপস্থিত হোৱা আল্লু অৰ্জুনক অতি আৱেগিক যেন লাগিছিল। তেওঁৰ চকুৰ পৰা চকুপানী ওলোৱা দেখা গৈছিল।
বহুতো বিৰোধী দল আৰু প্ৰবীণ নেতাই আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰিছিল। বিৰোধী নেতাসকলে পদপিষ্টৰ ঘটনাক লৈ চৰকাৰক দোষাৰোপ কৰি আৰক্ষীৰ কাৰ্যকলাপৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।
প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰাৰ তীব্ৰ গৰিহণা দি কয় যে আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা আৰু তেওঁৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰাটো গ্ৰহণযোগ্য নহয়। কিয়নো তেওঁ পদপিষ্টৰ ঘটনাত জড়িত নাছিল। তেওঁ কয়, “মই গ্ৰেপ্তাৰক গৰিহণা দিছোঁ।”
ৰশ্মিকা মান্দানাৰ প্ৰতিক্ৰিয়া
ইফালে আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পুষ্পা ২ৰ অভিনেত্ৰী ৰশ্মিকা মান্দানাই। অভিনেত্ৰীগৰাকীয়ে লিখিছে, “মই এতিয়া যি দেখিছোঁ সেয়া বিশ্বাস কৰিব পৰা নাই। সংঘটিত ঘটনাটো দুৰ্ভাগ্যজনক আৰু শোকাৱহ আছিল। ইয়াৰ বাবে এজন ব্যক্তিৰ ওপৰত সকলোবোৰ দোষ জাপি দিয়াটো হতাশাজনক। এই পৰিস্থিতিটো অবিশ্বাস্য আৰু দুখজনক।”