Allu Arjun: এটা নিশা কাৰাগাৰত কটাই কাৰামুক্ত হ’ল ‘পুষ্পা’ আল্লু অৰ্জুনঃ কেতিয়া হ’ব পৰৱৰ্তী শুনানি?
এটা নিশা কাৰাগাৰত কটোৱাৰ পিছত আজি পুৱা কাৰাগাৰৰ পৰা ওলাই আহে দক্ষিণৰ জনপ্ৰিয় অভিনেতা ‘পুষ্পা’ আল্লু অৰ্জুন। তেলেংগানা উচ্চ ন্যায়ালয়ৰ দ্বাৰা জামিন লাভ কৰাৰ সুবাদত কাৰামুক্ত হৈছে অভিনেতাগৰাকী। উচ্চ ন্যায়ালয়ে আল্লু অৰ্জুনক ৪ সপ্তাহৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে।
কাৰামুক্ত হ’ল দক্ষিণৰ জনপ্ৰিয় অভিনেতা ‘পুষ্পা’ আল্লু অৰ্জুন। এটা নিশা কাৰাগাৰত কটোৱাৰ পিছত আজি পুৱা কাৰাগাৰৰ পৰা ওলাই আহে জনপ্ৰিয় অভিনেতাগৰাকী। তেলেংগানা উচ্চ ন্যায়ালয়ৰ দ্বাৰা জামিন লাভ কৰাৰ সুবাদত কাৰামুক্ত হৈছে আল্লু অৰ্জুন। কাৰামুক্তিৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষক ৫০ হাজাৰ টকাৰ বণ্ড চিউৰিটি প্ৰদান কৰে আল্লু অৰ্জুনৰ আইনী দলে। শুকুৰবাৰে বিয়লিয়েই উচ্চ ন্যায়ালয়ে আল্লু অৰ্জুনক জামিন প্ৰদান কৰিছিল যদিও গভীৰ নিশালৈকে কাৰাগাৰ কৰ্তৃপক্ষই জামিনৰ প্ৰতিলিপি লাভ নকৰাৰ বাবে অভিনেতাগৰাকীয়ে যোৱা নিশাটো কাৰাগাৰতে কটাবলগা হয়।
উল্লেখ্য যে পুষ্পা ২ ছবিৰ বাবে অনুৰাগীৰ উন্মাদনাৰ ফলশ্ৰুতিত হায়দৰাবাদত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাৰ বাবে শুকুৰবাৰে হায়দৰাবাদ আৰক্ষীয়ে আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে নিম্ন আদালতে অভিনেতাগৰাকীক ১৪ দিনৰ বাবে জিম্মালৈ প্ৰেৰণ কৰিছিল। নিম্ন ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজত আল্লু অৰ্জুনক চাঞ্চলগুড়া কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।
অৱশ্যে পিছত অভিনেতাগৰাকীয়ে তেলেঙ্গানা উচ্চ ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰে। উচ্চ ন্যায়ালয়ে ৪ সপ্তাহৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে আল্লু অৰ্জুনক আৰু আজি পুৱা আদালতৰ ৰায় অনুসৰি চাঞ্চলগুড়া কাৰাগাৰৰ পৰা ওলাই আহিছে জনপ্ৰিয় অভিনেতাগৰাকী। এতিয়া অহা বৰ্ষৰ ২১ জানুৱাৰীত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।
ইফালে কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছতে অভিনেতা আল্লু অৰ্জুনে নিজকে এগৰাকী দেশৰ আইন পালনকাৰী নাগৰিক বুলি অভিহিত কৰি হায়দৰাবাদত সংঘটিত হোৱা ঘটনাৰ তদন্তত পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে। তেওঁ লগতে সকলো অনুৰাগীকে ধন্যবাদ জনাই চিন্তাৰ কোনো কাৰণ নাই বুলি আশ্বাস দিয়ে। সমান্তৰালকৈ হায়দৰাবাদৰ ঘটনাত নিহত মহিলাগৰাকীৰ পৰিয়াললৈ পুনৰ সমবেদনা জনায় অভিনেতাগৰাকীয়ে।
হায়দৰাবাদৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি এই ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে দুখ প্ৰকাশ কৰে আল্লু অৰ্জুনে। উল্লেখ্য যে যোৱা ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত আল্লু অৰ্জুন অভিনীত পুষ্পা ২ৰ প্ৰিমিয়াৰ শ্ব’ৰ সময়ত ব্যাপক জনসমাগম হৈছিল। প্ৰিমিয়াৰ শ্ব’ৰ সময়তে অভিনেতাগৰাকী সেই স্থানত উপস্থিত হোৱাৰ বাবে পছন্দৰ অভিনেতাগৰাকীক চাবলৈ হেতা-ওপৰা লগাইছিল অনুৰাগীয়ে।
এনে পৰিস্থিতিত পদপিষ্ট হৈ প্ৰাণ হেৰুৱাইছিল এগৰাকী মহিলাই। লগতে তেওঁৰ কিশোৰ পুত্ৰও এই ঘটনাত গুৰুতৰভাৱে আহত হৈছিল। এই ঘটনাত দুখ প্ৰকাশ কৰি আল্লু অৰ্জুনে নিহত মহিলাগৰাকীৰ পৰিয়াললৈ ২৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰাৰ লগতে প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱাৰ আশ্বাস দিছিল। নিহত মহিলাগৰাকীৰ পৰিয়ালক নিজে সাক্ষাৎ কৰিব বুলিও প্ৰতিশ্ৰুতি দিছিল অভিনেতাগৰাকীয়ে।