শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কংগনাৰ সমুখত বাধাৰ পিছত বাধাঃ স্থগিত ‘ইমাৰ্জেন্সি’ৰ মুক্তি!

অহা ৬ ছেপ্টেম্বৰত ‘ইমাৰ্জেন্সি’ ছবিগৃ্হলৈ অহাৰ কথা আছিল যদিও ছবিখনৰ মুক্তি পিছুৱাই দিয়াৰ খবৰ প্ৰকাশ পাইছে। অৰ্থাৎ এতিয়া ৬ ছেপ্টেম্বৰত মুক্তি নাপায় ইমাৰ্জেন্সি। চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শই সামাজিক মাধ্যমত এই সন্দৰ্ভত এক পোষ্ট শ্বেয়াৰ কৰি ইমাৰ্জেন্সিৰ মুক্তি পিছুৱাই দিয়া বুলি উল্লেখ কৰিছে।

কংগনাৰ সমুখত বাধাৰ পিছত বাধাঃ স্থগিত ‘ইমাৰ্জেন্সি’ৰ মুক্তি!
কংগনাৰ ইমাৰ্জেন্সিৰ মুক্তি স্থগিত!
monjit-dutta
Monjit Dutta | Published: 01 Sep 2024 22:20 PM

বিজেপি সাংসদ তথা বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱতৰ সমুখত আহি পৰিছে ইটোৰ পিছত সিটো বাধা। কংগনাৰ আহিবলগীয়া ছবি ‘ইমাৰ্জেন্সি’ৰ ট্ৰেইলাৰ মুকলিৰ পিছৰে পৰা সৃষ্টি হৈছে বিতৰ্কৰ। ট্ৰেইলাৰ মুকলিৰ পিছতে পঞ্জাৱত এই ছবিখনৰ মুক্তিত নিষেধাজ্ঞা কৰাৰ দাবী উত্থাপন হৈছিল। অহা ৬ ছেপ্টেম্বৰত ‘ইমাৰ্জেন্সি’ ছবিগৃ্হলৈ অহাৰ কথা আছিল যদিও শেহতীয়াকৈ পোহৰলৈ অহা খবৰ অনুসৰি ছবিখনে এতিয়াও চেঞ্চৰ ব’ৰ্ডৰ পৰা প্ৰমাণ পত্ৰ লাভ কৰা নাই। এনে খবৰৰ মাজতে এইবাৰ ‘ইমাৰ্জেন্সি’ৰ মুক্তি পিছুৱাই দিয়াৰ খবৰ প্ৰকাশ পাইছে। অৰ্থাৎ এতিয়া ৬ ছেপ্টেম্বৰত মুক্তি নাপায় ইমাৰ্জেন্সি।

চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শই সামাজিক মাধ্যমত এই সন্দৰ্ভত এক পোষ্ট শ্বেয়াৰ কৰিছে। এক্সত তেওঁ উল্লেখ কৰা মতে পিছুৱাই দিয়া হৈছে ‘ইমাৰ্জেন্সি’ৰ মুক্তি। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কংগনা ৰাণাৱটে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই। এই ছবিখনৰ ট্ৰেইলাৰ যোৱা ১৪ আগষ্টত মুক্তি পাইছিল। তেতিয়াৰ পৰাই এই বিতৰ্ক অব্যাহত আছে।

কিছুদিন পূৰ্বে পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ত পঞ্জাৱত ছবিখনৰ মুক্তি নিষিদ্ধ কৰাৰ দাবীৰে এখন আবেদন দাখিল কৰা হৈছিল। আবেদনখনত ইমাৰ্জেন্সিত শিখসকলক ভুলকৈ উপস্থাপন কৰা হৈছে বুলি অভিযোগ কৰা হৈছে। শেহতীয়াকৈ আদালতত এই আবেদনৰ শুনানি গ্ৰহণ কৰা হয়। শুনানিৰ সময়ত চেন্সৰ ব’ৰ্ডে ছবিখনৰ মুক্তিৰ প্ৰমাণ পত্ৰ এতিয়াও দিয়া হোৱা নাই বুলি আদালতক জানিবলৈ দিছিল।

চেন্সৰ ব’ৰ্ডে লগতে উল্লেখ কৰিছিল যে ছবিখনৰ সন্দৰ্ভত অভিযোগ পোৱা গৈছে। যদি ছবিখনত শিখসকলৰ আৱেগক আঘাত কৰিব পৰা কোনো দৃশ্য পোৱা যায়, তেন্তে সেই দৃশ্য ছবিখনৰ পৰা আঁতৰাই পেলাব পৰা হ’ব। চেন্সৰ ব’ৰ্ডে দিয়া এই তথ্যৰ পিছত ইমাৰ্জেন্সিৰ মুক্তি পিছুৱাই দিয়া হ’ব পাৰে বুলি চৰ্চা চলিছিল। এতিয়া তৰণ আদৰ্শৰ পোষ্টটোৰ দ্বাৰা এনে সম্ভাৱনাই প্ৰকাশ পাইছে।

শেহতীয়াকৈ ৩০ আগষ্টত কংগনাই এক ভিডিঅ’শ্বেয়াৰ কৰিছিল আৰু এই ভিডিঅ’টোত তেওঁ ‘ইমাৰ্জেন্সি’য়ে চেন্সৰৰ প্ৰমাণ পত্ৰ পোৱা নাই বুলি স্পষ্ট কৰি দিছিল। উল্লেখ্য যে বিগত বৰ্ষৰ পৰাই ইমাৰ্জেন্সিৰ মুক্তি পিছুৱাই দিয়া হৈছে। ইয়াৰ পূৰ্বে এই ছবিখন বিগত বৰ্ষৰ নৱেম্বৰ মাহতে মুক্তি পোৱাৰ কথা আছিল যদিও পিছত চলিত বৰ্ষৰ জুনলৈ পিছুৱাই দিয়া হয়।

কিন্তু সেই সময়ত কংগনা লোকসভা নিৰ্বাচনত ব্যস্ত আছিল বাবে পুনৰ মুক্তিৰ দিন পিছুৱাই দিয়া হয়। ইয়াৰ পিছতে ৬ ছেপ্টেম্বৰত ছবিখনৰ মুক্তিৰ দিন ধাৰ্য কৰা হৈছিল যদিও এইবাৰো মুক্তিৰ দিন পিছুওৱাৰ খবৰ পোহৰলৈ আহিছে। এতিয়া ছবিখন কেতিয়া ছবিগৃ্হলৈ আহে, সেয়া হ’ব লক্ষণীয়।

Latest News