শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

“ৰজনীকান্ত আৰু অমিতাভ বচ্চনে অভিনয় কৰিব নাজানে”…অভিনেতাৰ এই মন্তব্যক লৈ চৰ্চা

৩৩ বছৰৰ অন্তত বিগত বৰ্ষত ‘Vettaiyan’ ছবিত দেখা গৈছিল ৰজনীকান্ত আৰু অমিতাভ বচ্চনক  যোৱা বছৰ। এই ছবিখনত দুয়োৰে সৈতে মালয়ালম চিনেমাৰ অভিনেতা এলেন্সিয়াৰ লে লোপেজকো দেখা গৈছিল। এতিয়া দুয়োৰে বিষয়ে অভিনেতাগৰাকীয়ে কৰা এটা মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে।

“ৰজনীকান্ত আৰু অমিতাভ বচ্চনে অভিনয় কৰিব নাজানে”…অভিনেতাৰ এই মন্তব্যক লৈ চৰ্চা
অমিতাভ বচ্চন, ৰজনীকান্ত
trishna-kalita
Trishna Kalita | Updated On: 10 Feb 2025 21:16 PM

অমিতাভ বচ্চন এনে এজন অভিনেতা যিয়ে ৮১ বছৰ বয়সতো  এক্সন ছবিত কাম কৰি আছে। ৫০ বছৰতকৈও অধিক সময় ধৰি চিনেমা জগতত কাম কৰি আহিছে অমিতাভ বচ্চনে। ৰজনীকান্তৰ বয়স হৈছে ৭৪ বছৰ, কিন্তু তেওঁকো ডাঙৰ এক্সন কৰা দেখা গৈছে। ৰজনীকান্তে ৪০ বছৰতকৈও অধিক সময় ধৰি চলচ্চিত্ৰ জগতত কাম কৰি আহিছে। শেহতীয়াকৈ এটা সাক্ষাৎকাৰৰ সময়ত দুয়োগৰাকী অভিনেতাৰ বিষয়ে কোৱা এটা চাঞ্চল্যকৰ বক্তব্য এতিয়া ভাইৰেল হৈ পৰিছে।

বিগত বৰ্ষত মুক্তি লাভ কৰিছিল ‘ভেট্টাইয়ান’ ( Vettaiya) নামৰ এখন ছবিখনে। এই ছবিখনত ভাৰতৰ দুই ছুপাৰষ্টাৰ অমিতাভ বচ্চন আৰু ৰজনীকান্তক একেলগে দেখা গৈছিল। দুয়োকে এই ছবিখনত দৰ্শকে যথেষ্ট পচন্দও কৰিছিল। কিন্তু এতিয়া এই ছবিখনত তেওঁলোকৰ সৈতে কাম কৰা এজন অভিনেতাই কৈছে যে দুয়োজনে অভিনয় কৰিব নাজানে।

সেই অভিনেতাৰ নাম হৈছে মালয়ালম চিনেমাত কাম কৰা এলেন্সিয়াৰ লে লোপেজ। ‘ভেট্টাইয়ান’ত এটা ক’ৰ্ট ৰুমৰ ছিকুৱেন্স  আছে।  য’ত এলেন্সিয়াৰ লোপেজক বিচাৰকৰ চৰিত্ৰত দেখা গৈছে। সংবাদ মাধ্যমৰ আগত কয়, “মই উপলব্ধি কৰিলোঁ যে ৰজনীকান্ত আৰু অমিতাভ বচ্চনে অভিনয় কেনেকৈ কৰিব লাগে নাজানে।”

লগতে তেওঁ কয় যে এই ছবিখনৰ বাবে তেওঁ কোনো ধৰণৰ ধন নাপালে। শ্বুটিং সন্দৰ্ভত তেওঁ কয়- “মোক মুম্বাইলৈ বিমানৰ টিকট দিয়া হৈছিল আৰু ফাইভ ষ্টাৰ হোটেলত থকাৰ ব্যৱস্থা কৰা হৈছিল। মাত্ৰ এটা শ্বটৰ বাবে বিচাৰক হিচাপে বহিবলগীয়া হৈছিল। মোৰ সন্মুখত এফালে অমিতাভ বচ্চন ছাৰ আৰু আনফালে আছিল ৰজনীকান্ত ছাৰ।”

এলেন্সিয়াৰ লে লোপেজে আকৌ কয়, কলেজীয়া দিনত ৰজনী ছাৰক দাঁতেৰে হেলিকপ্টাৰৰ ব্লেড ৰখাই থকা দেখিছিলো। সেইবাবেই কেমেৰাৰ সন্মুখত তেওঁ কেনে অভিনয় কৰে চাব বিচাৰিছিলো। ‘ভেট্টাইয়ান’ৰ শ্বুটিঙৰ সময়ত তেওঁৰ অভিনয়, তেওঁৰ ষ্টাইল, বডি লেংগুৱেজ আৰু কেনেদৰে তেওঁ ক’ৰ্ট ৰুমৰ পৰা ওলাই আহে, সকলোৰো দেখিছিলো। আৰু অমিতাভ বচ্চনে সিংহৰ দৰে গৰ্জন কৰি আছিল আৰু মই তেওঁৰ সন্মুখত অভিনয় কৰিব লগা হৈছিল।”

এলেন্সিয়ে আৰু কয়, “মই উপলব্ধি কৰিলোঁ যে মই দুয়োৰে সৈতে প্ৰতিযোগিতা কৰিব নোৱাৰো কাৰণ মোৰ শৈলী নাছিল আৰু গভীৰ কণ্ঠও নাছিল। মই কেৱল দিলীশ পোথান, শৰণ ভেনুগোপাল আৰু ৰাজীৱ ৰৱীৰ দৰে ব্যক্তিয়ে নিৰ্মাণ কৰা চিনেমাতহে অভিনয় কৰিব পাৰো। মই কেৱল পৰিৱেশন কৰিব পাৰো। মই এইটোও উপলব্ধি কৰিলোঁ যে তেওঁলোকে অভিনয় কৰিব নাজানে।”