৪ বছৰ, ১৩৭৩টা খণ্ড, Anupamaaৰ টি আৰ পি প্ৰথম বাৰৰ বাবে কমিছে, কি ক’লে সুধানশু পাণ্ডে?

ৰূপালী গাংগুলী আৰু সুধানশু পাণ্ডেৰ জনপ্ৰিয় ধাৰাবাহিক Anupamaa অনুৰাগীৰ প্ৰিয় অনুষ্ঠান আৰু দীৰ্ঘদিন ধৰি টি আৰ পিৰ শীৰ্ষ স্থান দখল কৰি আহিছে। কিন্তু শেহতীয়াকৈ এই শ্ব’টোৰ টি আৰ পি হ্ৰাস পাইছে। সুধানশু পাণ্ডেও এই ধাৰাবাহিকখনৰ পৰা আঁতৰি আছে। এই সন্দৰ্ভত সুধানশু পাণ্ডে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

৪ বছৰ, ১৩৭৩টা খণ্ড, Anupamaaৰ টি আৰ পি প্ৰথম বাৰৰ বাবে কমিছে, কি কলে সুধানশু পাণ্ডে?

Anupamaaৰ টি আৰ পি প্ৰথম বাৰৰ বাবে কমিছে

Published: 

18 Nov 2024 19:09 PM

Anupamaa Show TRP Down: প্ৰায় প্ৰতি ঘৰৰ মানুহে চাই ভাল পায় এই জনপ্ৰিয় টিভি ধাৰাবাহিক অনুপমা। সেইবাবেই এই ধাৰাবাহিকখনৰ টি আৰ পিত বহু আগবাঢ়ি আছে। ২০২০ চনত এই ধাৰাবাহিকখন টি আৰ পি তালিকাৰ শীৰ্ষত আছিল। এই ধাৰাবাহিককন একেৰাহে ৪ বছৰ ধৰি টি আৰ পি তালিকাৰ শীৰ্ষত থাকিল। কিন্তু এতিয়া ৪ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এই শ্ব’টোৱে টি আৰ পি তালিকাত দ্বিতীয় স্থানলৈ আহিছে। শ্ব’টোৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নাই যদিও ইয়াৰ টি আৰ পি নিৰ্মাতাসকলৰ বাবে নিশ্চিতভাৱে চিন্তাৰ বিষয় হ’ব। এতিয়া শ্ব’টোৰ টি আৰ পি তললৈ যোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্ব’টোৰ মুখ্য অভিনেতা সুধানশু পাণ্ডেই।

ধাৰাবাহিৰখনৰ টি আৰ পিৰ কথা কওঁতে সুধানশু পাণ্ডে কয়- ‘৪ বছৰ বহুত দীঘলীয়া সময়। সকলোৱে ধাৰাবাহিকখন ভালকৈ উপস্থাপন কৰিবলৈ ভালকৈ কাম কৰিছে। যদি শ্ব’টোৰ টি আৰ পি হ্ৰাস পাইছে তেন্তে ইয়াত কোনো সমস্যা হ’ব নালাগে। এটা শ্ব’ ৪-৫ বছৰ ধৰি অবিৰতভাৱে শীৰ্ষ স্থানত থাকিব লাগে বুলি ভবাটো উচিত নহয়। মোৰ মতে এয়া অতি স্বাভাৱিক কথা। সুধানশুৱে প্ৰশংসা কৰে যে, কেনেকৈ ৰাজন শ্বাহীয়ে তেওঁক শ্ব’টোত যোগদান কৰাৰ সুযোগ দিছিল আৰু তেওঁ ইয়াৰ বাবদ মূলধনও লাভ কৰিছিল। বহুদিন ধৰি ভাল অফাৰ এটাৰ বাবে অপেক্ষা কৰি আছিল যদিও পোৱা নাছিল বুলি অভিনেতা গৰাকীয়ে কয়। কিন্তু যেতিয়া অভিনেতাজনে এই অফাৰ পালে তেতিয়া তেওঁৰ বিশ্বাস যে তেওঁৰ জনপ্ৰিয়তা বহু পৰিমাণে বৃদ্ধি পালে।

অনুপমাৰ ১০০০ৰো অধিক খণ্ড আহিছে

সুধানশু পাণ্ডে দীৰ্ঘদিন ধৰি এই অনুষ্ঠানৰ অংশ আছিল আৰু চলিত বৰ্ষৰ আগষ্ট মাহতেই তেওঁ অনুষ্ঠানটোৰ পৰা বিদায় লৈছিল। এই অনুষ্ঠানৰ মুখ্য অভিনেত্ৰী ৰূপালী গাংগুলী। দীৰ্ঘদিন ধৰি টিভি জগতৰ অংশ হিচাপে পৰিগণিত হোৱা এই ধাৰাবাহিকৰ জৰিয়তে অভিনেত্ৰীগৰাকী সকলোৰ প্ৰিয় হৈ পৰিছে। ১৩ জুলাই ২০২০ৰ পৰা আৰম্ভ হোৱা অনুপমাৰ প্ৰথম ছিজন। এই অনুষ্ঠানটো ষ্টাৰ প্লাছত আহিছে আৰু এতিয়ালৈকে ১৩৭৩টা খণ্ড সম্প্ৰচাৰিত হৈছিল।

 

পৃথিৱীৰ এনে এখন দেশ, য’ত নাই এখনো কাৰাগাৰ! ক’ত ৰখা হৈছে বন্দীসকলক?
ঘৰত থকা তুলসী গছ শুকাই গৈছে নেকি! তেন্তে লগে লগে কৰক এই কাম, অন্যথা হ’ব পাৰে আৰ্থিক সংকট
ছাল, চুলিৰ বাবে ভাল! আমলখিৰ উপকাৰিতাৰ বিষয়ে জানক...
ঘৰৰ মূল দুৱাৰত আইনা লগাব লাগে নে নাই? জানক ইয়াৰ আঁৰৰ কথা