শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মই ভুল কৰিছিলো, ক্ষমা কৰি দিয়কঃ ব্ৰাহ্মণক সন্দৰ্ভত কি কৈছিল অনুৰাগ কাশ্যপে?

বিতৰ্কিত মন্তব্যৰ পাছতে অৱশেষত ক্ষমা খুজিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে। তেওঁ কয় যে, ব্ৰাহ্মণ সন্দৰ্ভত কৰা মন্তব্য অপমানজনক আছিল। আগলৈ এনে নহয়। গতিকে সকলোকে ক্ষমা কৰি দিয়াৰ আহ্বান জনাই তেওঁ।

মই ভুল কৰিছিলো, ক্ষমা কৰি দিয়কঃ ব্ৰাহ্মণক সন্দৰ্ভত কি কৈছিল অনুৰাগ কাশ্যপে?
অনুৰাগ কাশ্যপImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 22 Apr 2025 13:51 PM

নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰিলে ছবি পৰিচালক তথা ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে। সামাজিক মাধ্যমযোগে এক পোষ্ট কৰি কাশ্যপে নিজৰ ভুল স্বীকাৰ কৰাৰ লগতে অনাগত সময়ত এনে ভুল নহয় বুলি জনায়। ইয়াৰোপৰি তেওঁৰ অপমানজনক মন্তব্যৰ বাবে তেওঁৰ পৰিয়াল তথা আত্মীয়ই যথেষ্ঠ আঘাত পাইছে বুলি উল্লেখ কৰে। বিভিন্নজনে পৰিয়ালত ভাবুকি দি আহিছে। গতিকে অনাগত সময়ত এনে ভুল নহয় বুলি ক্ষমা কৰি দিবলৈ অনুৰোধ জনাই কাশ্যপে।

উল্লেখ কৰা প্ৰয়োজন যে, অনুৰাগ কাশ্যপে ব্ৰাহ্মন সম্প্ৰদায়ক লৈ মন্তব্য কৰাৰ পাছতেই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনকি বিভিন্নজনে তেওঁৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল। ইয়াৰ পাছতে নিজৰ ভুলত অনুতপ্ত হৈ ছবি নিৰ্মাতাগৰাকীয়ে ক্ষমা খোজে। আনকি মনোজ মুন্টাশ্বিৰ শুক্লাই তেওঁক ভাবি চিন্তি কথা ক’বলৈ পৰামৰ্শ দিছিল।  সামাজিক মাধ্যমত বিভিন্নজনে কৈছিল যে অনুৰাগ কাশ্যপে সীমা চেৰাই গৈ ব্ৰাহ্মন সম্প্ৰদায়ক লৈ মন্তব্য কৰিছে।

 

View this post on Instagram

 

A post shared by Anurag Kashyap (@anuragkashyap10)

সামাজিক মাধ্যমত বিচাৰিলে ক্ষমা

অনুৰাগ কাশ্যপে ক্ষমা বিচাৰি সামাজিক মাধ্যমত লিখে যে-” মই ক্ষোভত কাৰোবাক উত্তৰ দিয়াৰ সময়ত মৰ্যদা পাহৰি গৈছিলো আৰু সমগ্ৰ ব্ৰাহ্মণ জাতিৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিলো। সেই সমাজৰ বহু লোক মোৰ জীৱনত আছে, আজিও বহুতে অৰিহনা যোগাই আহিছে। আজি সেই সকলে মোক বেয়া পাইছে। মোৰ পৰিয়াল মোকলৈ নিৰাশ হৈছে। যাক মই সন্মান কৰো তেনে বহু বুদ্ধিজীৱি আজি আঘাত পাইছে। এনে কথা কৈ মই নিজেই বিষয়টোৰ পৰা বিচ্যুত হ’লোঁ।

মই আজি ব্ৰাহ্মন সমাজক ক্ষমা বিচাৰিছো। মই সেই মন্তব্য কৰিব বিচৰা নাছিলো কিন্তু খঙতে মই সস্তীয়া মন্তব্য দিছিলো। মোৰ কথা কোৱাৰ ধৰণ, অভদ্ৰ ভাষাৰ বাবে মই মোৰ সহযোগী, মোৰ পৰিয়াল আৰু সেই সমাজৰ ওচৰত ক্ষমা বিচাৰিছো। আগলৈ যাতে এনে নহয় তাৰ বাবে মই ইয়াৰ ওপৰত কাম কৰিম। আৰু কোনো বিষয়ৰ ওপৰত মন্তব্য কৰিবলৈ হলে ভাল শব্দ ব্যৱহাৰ কৰিম। আশা কৰো আপোনালোকে মোক ক্ষমা কৰি দিব”।

কি কৈছিল তেওঁ

উল্লেখ্য যে, অনুৰাগ কাশ্যপৰ আহিবলগীয়া ছবি ‘ফুলে’ বৰ্তমান বিতৰ্ক আছে। এই ছবি সন্দৰ্ভত মন্তব্য কৰাৰ সময়ত কাশ্যপে ব্ৰাহ্মন সমাজক লৈ আপত্তিজনক মন্তব্য কৰিছিল। সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ফটো অনুসৰি, যেতিয়া এজনলোকে তেওঁৰ ব্ৰাহ্মণক লৈ কৰা পোষ্ট সন্দৰ্ভত প্ৰশ্ন সুধিছিল তেতিয়া অনুৰাগ কাশ্যপে কৈছিল যে “ব্ৰাহ্মণৰ ওপৰত মই প্ৰস্ৰাৱ কৰিম। কিবা অসুবিধা আছে নেকি”? পৰৱৰ্তী সময়ত এই মন্তব্য অনুৰাগ কাশ্যপে ডিলিট কৰি দিয়ে যদিও ইতিমধ্যে সামাজিক মাধ্যমত এয়া ভাইৰেল হৈ পৰে।

অনুৰাগে কাশ্যপে কয় যে, তেওঁৰ আহিবলগীয়া ছবি সন্দৰ্ভত একাংশ ব্ৰাহ্মণলোকে আপত্তি দৰ্শাইছে। এই ঘটনা সন্দৰ্ভত তেওঁ কয়, এতিয়া এই ব্ৰাহ্মণ লোকসকলে লাজত মৰি যাব ওলাইছে নে বেলেগ ব্ৰাহ্মণ ভাৰতত আছে। যি আমি দেখা পোৱা নাই …(বেয়া শব্দ) । কোন হয় এওঁলোক বুজাই দিয়ক। ইয়াৰোপৰি সামাজিক মাধ্যমত অনুুৰাগ কাশ্যপে ব্ৰাহ্মণ সন্দৰ্ভত অন্য পোষ্টো কৰিছিল।

কি পোষ্ট কৰিছিল

এটা পোষ্টত কাশ্যপে লিখিছিল যে- :ধদক ২ৰ প্ৰদৰ্শনৰ সময়ত চেন্সৰ ব’ৰ্ডে কৈছিল যে মোদীজীয়ে ভাৰতৰ পৰা জাতি ব্যৱস্থাৰ অন্ত পেলাইছে। যাৰ বাবে সন্তোষ ছবিখন মুক্তি লাভ কৰা নাছিল। এতিয়া ব্ৰাহ্মণৰ ফুলেৰ পৰা সমস্যা হৈছে। ভাই, যদি জাতিগত ব্যৱস্থা নাই তেন্তে তেতিয়া কেনেকুৱা ব্ৰাহ্মণ? আপুনি কোন? কিয় খং কৰিছে”?