১৫-২০ মিনিট নৰখিলে হাঁহি, যাৰ বাবে বন্ধ হ’ল ছবিৰ শ্বুটিং, বাহুবলী অভিনেত্ৰী অনুষ্কা শেট্টী আক্ৰান্ত এই ৰোগত!
শেহতীয়াকৈ বলীউডৰ গায়িকা অলকা য়াগনিকে প্ৰকাশ কৰিছে যে তেওঁ এক বিৰল স্নায়ুৰ ৰোগত আক্ৰান্ত আৰু ইয়াৰ বাবেই তেওঁ কাণেৰে নুশুনা হৈছে। এতিয়া বাহুবলী ছবিত দেৱসেনাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী অনুষ্কা শ্বেট্টীয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে তেওঁৰ লাফিং ডিচঅৰ্ডাৰ হৈছে।
দক্ষিণ উদ্যোগৰ সুপৰিচিত মুখ অনুষ্কা শ্বেট্টীয়ে হিন্দী দৰ্শকৰ মাজতো জনপ্ৰিয় হৈ পৰিছে। বাহুবলীৰ পিছত অনুষ্কা শেট্টী অধিক জনপ্ৰিয় হৈ পৰে। দক্ষিণৰ বহু জনপ্ৰিয় ছবিত কাম কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ স্বাস্থ্য সন্দৰ্ভত এক আচৰিত ধৰণৰ তথ্য প্ৰকাশ কৰিছে। তেওঁ কৈছে যে এটা বিৰল ৰোগৰ সন্মুখীন হৈছে। অভিনেত্ৰীগৰাকীয়ে যেতিয়া হাঁহিবলৈ আৰম্ভ কৰে তেতিয়া ৰ’ব নোৱাৰে আৰু হাঁহি থাকে। পুনৰ স্বাভাৱিক হ’বলৈ ১৫-২০ মিনিট সময় লাগে।
শেহতীয়াকৈ এক সাক্ষাৎকাৰত এই বিষয়ে কওঁতে অভিনেত্ৰীগৰাকীয়ে কৈছিল যে – মোৰ লাফিং ডিচঅৰ্ডাৰ আছে। আপুনি হয়তো জানি আচৰিত হ’ব যে হাঁহিটোও এটা ৰোগ হ’ব পাৰে। কিন্তু মোৰ ক্ষেত্ৰতো তেনেকুৱাই। এবাৰ হাঁহিবলৈ আৰম্ভ কৰিলে ১৫-২০ মিনিটৰ বাবে হাঁহি বন্ধ কৰাটো মোৰ বাবে কঠিন হৈ পৰে। কমেডী দৃশ্য এটা চাই বা শ্বুটিং কৰি থাকোঁতে মই হাঁহি হাঁহি বাগৰি ফুৰোঁ। বহুবাৰ দেখা গৈছে যে ইয়াৰ বাবেই শ্বুটিং বন্ধ কৰিবলগীয়া হৈছিল।
এই বিৰল ৰোগবিধ কি?
অভিনেত্ৰীগৰাকীৰ মতে তেওঁৰ Pseudobulbar Affect অৰ্থাৎ PBA নামৰ ৰোগ আছে। এইটো এটা বিৰল স্নায়ুজনিত ৰোগ আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ মগজুত পৰে। এই অৱস্থাত ব্যক্তিজনে হয় অনিয়ন্ত্ৰিতভাৱে হাঁহিবলৈ আৰম্ভ কৰে নহয় কান্দিবলৈ আৰম্ভ কৰে। যদিও অভিনেত্ৰীগৰাকীয়ে এই ৰোগত আক্ৰান্ত বুলি কোৱা নাই, কিন্তু তেওঁৰ বক্তব্যৰ পৰা অনুমান কৰা হৈছে যে অভিনেত্ৰীগৰাকীয়েও একে সমস্যাৰ সন্মুখীন হৈছে। যোৱাবাৰ মিছ শ্বেট্টি মিষ্টাৰ পলিশ্বেটী নামৰ এখন ছবিত দেখা গৈছিল। বৰ্তমান তেওঁ ঘাটি আৰু কথানাৰ নামৰ এখন ছবিৰ কাম কৰি আছে।