5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মঞ্চখন মোৰ বাবে মন্দিৰ,আপুনি ইয়াত …: লণ্ডনত সংগীতানুষ্ঠানৰ মাজতে দৰ্শকক উদ্দেশ্যি ক’লে অৰিজিত সিঙে

বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিং বৰ্তমান ইউকেত আছে। তেওঁ অলপতে লণ্ডনত শ্ব' কৰিছিল। য'ৰ পৰা এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত অৰিজিত সিঙে সংগীতানুষ্ঠানৰ সময়ত গান গোৱাৰ মাজতে ৰৈ যায় আৰু তেওঁৰ এটা বিশেষ কামে অনুৰাগীসকলৰ হৃদয় জয় কৰে।

মঞ্চখন মোৰ বাবে মন্দিৰ,আপুনি ইয়াত …: লণ্ডনত সংগীতানুষ্ঠানৰ মাজতে দৰ্শকক উদ্দেশ্যি ক’লে অৰিজিত সিঙে
অৰিজিত সিং
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 19 Sep 2024 10:03 AM

সংগীত জগতত অৰিজিত সিং এটা ডাঙৰ নাম। কণ্ঠশিল্পীগৰাকীৰ লাইভ শ্ব’ চাবলৈ আৰু শুনিবলৈ মানুহৰ সোঁত বয়। বৰ্তমান অৰিজিত সিঙে ইউকে ভ্ৰমণলৈ গৈছে আৰু লণ্ডনত এটা সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিছে। এই সংগীতানুষ্ঠানৰ পৰা কণ্ঠশিল্পীগৰাকীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। য’ত তেওঁক এজন অনুৰাগীক বুজাই থকা দেখা গৈছে। অৰিজিত সিঙৰ এই ভিডিঅ’টো সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে।

কণ্ঠশিল্পী অৰিজিত সিঙে কেৱল তেওঁৰ কণ্ঠেৰেই নহয় তেওঁৰ আচৰণেৰেও অনুৰাগীসকলৰ হৃদয় জয় কৰে। তেওঁৰ লণ্ডনৰ সংগীতানুষ্ঠানৰ সময়তো একেধৰণৰ ঘটনা ঘটিছিল, যিয়ে যথেষ্ট প্ৰশংসা লাভ কৰিছে। সংগীতানুষ্ঠানখনত অৰিজিতে মঞ্চত গীত পৰিৱেশন কৰি আছিল আৰু এই সময়তে এজন অনুৰাগীয়ে মঞ্চত খাদ্য থৈছিল। তাৰ পাছত অৰিজিত সিঙে দিয়া প্ৰতিক্ৰিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত, অৰিজিত সিঙে মঞ্চত ‘এ দিল হে মুস্কিল’ গানটো গাই আছিল আৰু সেই সময়তে তেওঁৰ সন্মুখত মঞ্চত এটা খাদ্য-সামগ্ৰী ৰখা হৈছিল। তাৰ পাছত অৰিজিত সিঙে সেই খাদ্য তুলি লয় আৰু এজন বাউন্চাৰৰ হাতত দিয়ে। তাৰ পাছত অৰিজিত সিঙে মঞ্চৰ পৰাই কয়, “মই দুঃখিত, মঞ্চখন মোৰ মন্দিৰ, আপুনি ইয়াত খাদ্য ৰাখিব নোৱাৰে।”

ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে অৰিজিত সিঙে যথেষ্ট প্ৰশংসা লাভ কৰিছে। নেটিজেনে এই প্ৰতিক্ৰিয়াৰ বাবে অৰিজিতক প্ৰশংসা কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “মোৰ ভাল লাগিছে, যে তেওঁ ইয়াৰ বাবে খং কৰাৰ পৰিৱৰ্তে, ইমান মৰমেৰে ইয়াক আঁতৰাই দিছে।” আন এজনে কমেণ্ট কৰিছে, “অৰিজিতৰ প্ৰতি সন্মান।”

বহু অনুৰাগীয়ে এই ভিডিঅ’টোত অৰিজিত সিঙৰ প্ৰশংসা কৰিছে। কিন্তু কিছুমান সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে অৰিজিত সিঙৰ কাৰ্যক নাটক বুলি অভিহিত কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, “যদি মন্দিৰ হয়, তেন্তে আপুনি মন্দিৰত জোতা কিয় পিন্ধি আছে?”

লণ্ডনত সংগীতানুষ্ঠানৰ সময়ত অনুৰাগীসকলক আচৰিত কৰি তুলিছিল যেতিয়া অৰিজিত সিঙক একেখন মঞ্চতে ব্ৰিটিছ গায়ক এড ছিৰানৰ সৈতে প্ৰদৰ্শন কৰা দেখা গৈছিল। অৰিজিত সিঙে তেওঁৰ সামাজিক মাধ্যমৰ হেণ্ডেলত এই হিট কনচাৰ্টৰ বহুতো ফটো শ্বেয়াৰ কৰিছে। তেওঁ এড ছিৰানক তেওঁৰ অনুষ্ঠানটোত ‘Perfect’ স্পৰ্শ দিয়াৰ বাবে ধন্যবাদ জনাইছিল।

অৰিজিতে সংগীতানুষ্ঠানৰ কিছু মুহূৰ্ত ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। শ্ব’ পিছদিনা তেওঁ এড ছিৰানৰ সৈতে পৰ্দাৰ পিছফালে উঠা এটা ফটো পোষ্ট কৰিছিল আৰু দুয়োজনে এডৰ জনপ্ৰিয় গীত ‘Perfect’ গাই থকা এটা ভিডিঅ’ ভাইৰেল হৈছিল। যিটোৱে ছ’চিয়েল মিডিয়াত যথেষ্ট শিৰোনাম দখল কৰিছে।

অৰিজিত সিঙৰ লাইভ কনচাৰ্ট ভ্ৰমণ ৪দিনীয়া। লণ্ডনত প্ৰদৰ্শন কৰাৰ পাছত তেওঁ ৰটাৰডাম (১৯ ছেপ্টেম্বৰ ) আৰু মানচেষ্টাৰত (২২ ছেপ্টেম্বৰ) প্ৰদৰ্শন কৰিব।

 

Latest News