Diganta Bharati: দিগন্ত ভাৰতী অসমৰ সাংস্কৃতিক জগতৰ সম্পদ…সংগীত শিল্পী দিগন্ত ভাৰতীক অপদস্থ কৰাকলৈ ক্ষোভিত শিল্পী সমাজৰ লগতে দল সংগঠন
বুধবাৰে মহানগৰীৰ চানমাৰিৰ বিহু মঞ্চত পত্নী ভাস্বতী ভাৰতীৰ গীত উপভোগ কৰিবলৈ উপস্থিত হৈছিল দিগন্ত ভাৰতী। য'ত দিগন্ত ভাৰতীক মঞ্চত দেখা পাই গীত পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনাইছিল আয়োজকে। কিন্তু এই অনুষ্ঠানতে সংঘটিত হয় এই ঘটনা।

সংগীত শিল্পী দিগন্ত ভাৰতীক অপদস্থ কৰাকলৈ ক্ষোভিত শিল্পী সমাজৰ লগতে দল সংগঠন
ৰাজ্যজুৰি ৰঙালীৰ পাৰভগা উছাহ। পুৱাৰে পৰা নিশালৈ ঢোলৰ গুমগুমনিত কঁপিছে চৌদিশ। পহিলা ব’হাগৰ পৰা আৰম্ভ হৈছে বিভিন্ন স্থানত বিহুৰ অনুষ্ঠান। গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে জনপ্ৰিয় কণ্ঠশিল্পীসকলক।
ইয়াৰ মাজতে আকৌ এবাৰ বিতৰ্কত সোমাই পৰিছে বিহু কমিটী। পুনৰ এবাৰ বিহু মঞ্চত শিল্পীক অপমানিত কৰাৰ অভিযোগ। বিহু অনুষ্ঠানত কৰা অশালীন ব্যৱহাৰৰ বাবে প্ৰায় প্ৰতিবছৰে বিতৰ্কত সোমাই পৰে অসমৰ বিভিন্ন বিহু কমিটী। এইবাৰো ইয়াৰ ব্যাতিক্ৰম নহ’ল। আকৌ বিহু মঞ্চতে অপমানিত হ’বলগীয়া হ’ল অসমৰ এগৰাকী প্ৰখ্যাত শিল্পী। যাক লৈ এতিয়া ৰাজ্যজুৰি চলিছে চৰ্চা।
কি হৈছিল ঘটনাটো?
বুধবাৰে মহানগৰীৰ চানমাৰিৰ বিহু মঞ্চত পত্নী ভাস্বতী ভাৰতীৰ গীত উপভোগ কৰিবলৈ উপস্থিত হৈছিল দিগন্ত ভাৰতী। য’ত দিগন্ত ভাৰতীক মঞ্চত দেখা পাই গীত পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনাইছিল আয়োজকে। কিন্তু এই অনুষ্ঠানতে সংঘটিত হয় এই ঘটনা। কমিটীৰলোকে প্ৰথমতে শিল্পীজনক জোৰকৈ মঞ্চত গান গাবলৈ দিয়ে। তাৰ পিছতে আয়োজকে শিল্পীগৰাকীৰ হাতৰ পৰা মাইক্ৰ’ফোন কাঢ়ি নিয়ে। জিন্স পিন্ধি মঞ্চত উঠাৰ বাবেই চৰম অপমান কণ্ঠশিল্পী দিগন্ত ভাৰতীক।
এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে কণ্ঠশিল্পী দিগন্ত ভাৰতীয়ে। তেওঁ কয়, “প্ৰথম কথা কালি মই গীত গাবলৈ যোৱা নাছিলোঁ। চানমাৰিত মোৰ পৰিবাৰৰ অনুষ্ঠান আছিল, মই দৰ্শক হৈ গৈছিলোঁ। তেওঁলোকৰ অনুৰোধতহে গীত গাবলৈ গৈছিলোঁ। তালিবানীৰ দৰে কিয় মোক মঞ্চৰ পৰা নমাই দিয়া হ’ল। মই সন্মান বিচাৰি যোৱা নাছিলো। আন দৰ্শকৰ দৰে মই দৰ্শকৰ শাৰীতহে আছিলো। এই ঘটনাই মোক বহুত কষ্ট দিলে তেওঁলোকে ক্ষমা খুজিব লাগিব আৰু মোৰ পত্নীৰ অনুষ্ঠান পৰিৱেশনৰ মাননি ঘৰত দি থৈ যাওঁক আয়োজক সমিতিয়ে।”
আয়োজকৰ স্থিতি
বিহু কমিটীখনৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে সাংস্কৃতিপ্ৰেমী ৰাইজ। সামাজিক মাধ্যমত বিভিন্নজনে আগবঢ়াইছে বিভিন্ন মন্তব্য। ইফালে কণ্ঠশিল্পীগৰাকীৰ সৈতে এনে বেয়া ব্যৱহাৰ কৰিও ক্ষমা বিচৰা নাই আয়োজক কমিটিয়ে। আনফালে সংবাদমেলযোগে স্থিতি স্পষ্ট কৰিলে চানমাৰি বিহু সমিটিৰ সম্পাদক সীমান্ত ঠাকুৰীয়াই। তেওঁ কয়, আমি দিগন্ত ভাৰতীক ক্ষমা নোখোজো। ক্ষমা খোজাৰ প্ৰশ্নই নাহে।
শিল্পী সমাজৰ লগতে দল সংগঠনৰ মন্তব্য
ইয়াৰ লগে লগে এই বিতৰ্ক যেন আৰু বেছি গভীৰলৈ গৈছে। বৃহস্পতিবাৰে নিশা হেলচাত সংগীতানুষ্ঠানৰ মাজত কণ্ঠশিল্পী জুবিন গাৰ্গে ঘটনা সন্দৰ্ভত কৰিলে মন্তব্য। জুবিনে কয়, এজন শিল্পীক অপমান কৰিব নাপায়। মই কাকো অনুৰোধ নকৰোঁ, আদেশ দিছোঁ ক্ষমা খুজিব লাগিব, বচ্!
চানমাৰিৰ মঞ্চত ধূতি, পঞ্জাৱী পিন্ধি গীত পৰিৱেশন নীল আকাশৰ। সেই মঞ্চতে নীল আকাশ কয়, দিগন্ত দা আমাৰ গুৰুৰ দৰে, তেওঁ মনত দুখ পালে আমাৰো বেয়া লাগে। এনে অবাঞ্চিত পৰিস্থিতি কাৰো কাম্য নহয় বুলি চানমাৰি বিহু মঞ্চত মন্তব্য নীল আকাশৰ। কেতিয়াবা শিল্পীৰ আৰু কেতিয়াবা আয়োজকৰ ভুল হয়। মানুহ মাত্ৰাই ভুল হোৱা স্বাভাৱিক। গতিকে বুজাবুজি কৰা সমাধান কৰিলে ভাল।
আছুৰ সভাপতি উৎপল শৰ্মাই সামাজিক মাধ্যমত লিখিছে, পূৱ গুৱাহাটী বিহু সন্মিলনীৰ ঐতিহ্য আছে। মহানগৰীৰ মাজমজিয়াত প্ৰতি বছৰে বৰ আদৰ-যতনেৰে তেওঁলোকে বিহু অনুষ্ঠানৰ আয়োজন কৰি আহিছে। বহু লোক হেঁপাহেৰে ৰৈ থাকে পূৱ গুৱাহাটী বিহু সন্মিলনীৰ বিহু অনুষ্ঠানৰ অংশ হ’বলৈ, অনুষ্ঠান উপভোগ কৰিবলৈ। তেনেস্থলত সেই মঞ্চত এগৰাকী শিল্পী অপমানিত হোৱাটো নিতান্তই অবাঞ্চিত আৰু দুৰ্ভাগ্যজনক। বিষয়টো আলোচনাৰ মাজেৰে সন্মানজনক সমাধানৰ ফালে আহিব লাগে। সন্মিলনীৰ জ্যেষ্ঠসকলৰ পৰা এইক্ষেত্ৰত ইতিবাচক উদ্যোগ আশা কৰিলোঁ।
আৰু এটা কথা। এই বিহু সন্মিলনীৰ এক স্বকীয় ইতিহাস, মৰ্যাদা আছে। এজন ব্যক্তিৰ আচৰণে সন্মিলনীৰ গোটেইখিনি মানুহকে প্ৰতিনিধিত্ব নকৰিব পাৰে। কিন্তু দিগন্ত ভাৰতী অসমৰ শিল্পী সমাজক প্ৰতিনিধিত্ব কৰিব পৰাকৈ গুণে-জ্ঞানে সক্ষম, সমৃদ্ধ। তেওঁৰ অপমান সকলো শিল্পীৰেই অপমানৰ দৰে। দিগন্ত ভাৰতী অসমৰ সাংস্কৃতিক জগতৰ সম্পদ। তেওঁ অপমানৰ নহয়, উদযাপনৰ হে যোগ্য।
কণ্ঠশিল্পী দিপান্বিতা ডেকাই সামাজিক মাধ্যমত লিখিছে, মঞ্চ এখন পবিত্ৰ ঠাই। ইয়াত শিল্পী, সাহিত্যিক, বক্তা—সকলোয়ে নিজৰ প্ৰতিভা আৰু চিন্তাধাৰা জনতালৈ প্ৰকাশ কৰে। এই ঠাইত যদি কোনোজন ব্যক্তিয়ে নিজৰ অহংকাৰ, অবজ্ঞা আৰু বেয়া আচৰণ দেখুৱায়, বিশেষকৈ এজন প্ৰসিদ্ধ আৰু জনপ্ৰিয় শিল্পীক লক্ষ্য কৰি, তেন্তে সেইটো কেৱল সেইজন শিল্পীৰেই নহয়—সমগ্ৰ সংস্কৃতিৰ অপমান। অসমৰ মাটিত বহুতো গুণীজনৰ জন্ম দিছে। তেওঁলোকক মৰম, সন্মান আৰু কৃতজ্ঞতাৰে আদৰাটো আমাৰ দায়িত্ব। মঞ্চত যি অসম্মানজনক ঘটনা ঘটিল, সেইটো সম্পূৰ্ণ অসমীয়াৰ গৰিমাক আঘাত কৰা এক দৃষ্টান্ত। এনে আচৰণ কোনো মতেই মানি লোৱা নহয়। সমালোচনা হব পাৰে, মতভেদ থাকিব পাৰে, কিন্তু আদৰ্শ আৰু শালীনতাৰ সীমা অতিক্ৰম কৰা একোতেই উচিত নহয়। আমি সকলোলোৱে এইটো উপলব্ধি কৰাটো একান্ত প্ৰয়োজন—সন্মান দিয়ক, সন্মান পাব।”মঞ্চ এটা কেতিয়াও ব্যক্তিগত দ্বন্দ্ব আৰু অহংকাৰ দেখুৱাবলৈ ঠাই নহয়। যেতিয়া ক’লা কৰ্মীৰে অসমৰ গৰ্বৰ দৰে এজন শিল্পীক অসম্মান কৰা হয়, সেইটো কেৱল ব্যক্তি নহয়, সকলো শিল্পী সমাজৰ অপমান। এনে আচৰণ নিন্দনীয় আৰু কেতিয়াও গ্রহণযোগ্য নহয়।দিগন্ত ভাৰতী ছাৰৰ দৰে আমাৰ সংস্কৃতিৰ বাটকটীয়া এজনৰ এনে অপমান লজ্জাজনক। আত্মসমালোচনা কৰক আৰু ৰাজহুৱাকৈ ক্ষমা খোজক।
শিল্পী মনিষা হাজৰিকাই কয় যে, যিখন বিহু সমিতিয়ে এজন শিল্পীক অপমান কৰিছে তেওঁলোকে ক্ষমা খোজক। এজন শিল্পীৰ সৈতে এনে ব্যৱহাৰ কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি বিৰোধী যে সুৰাপান কৰি আয়োজক কমিটিয়ে অনুষ্ঠান আয়োজিত কৰাৰ। অসমীয়া জাতি সজাগ নহ’লে বিপদত পৰিব!
হাজোত দিগন্ত ভাৰতীৰ ঘটনা সন্দৰ্ভত ভৃগু কাশ্যপে ক’লে, মই যিহেতু সেই সময়ত উপস্থিত নাই, মই ভাবো প্ৰত্যেকটো কথা বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে হ’ব লাগে। আমি সকলোৱে এই ঘটনাৰ প্ৰতিবাদ কৰিছোঁ।
বিহু মঞ্চত শিল্পী দিগন্ত ভাৰতী অপমানিত হোৱা ঘটনাক লৈ দুখ প্ৰকাশ মানস ৰবীনৰ। বিহু কমিটিয়ে শীঘ্ৰেই দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা বিচাৰিব লাগে।